
মাৰ্ঘেৰিটা আৰক্ষীৰ ড্ৰাগছ বিৰোধী ধাৰাবাহিক অভিযানত আন এক সফলতা। গোপন সূত্ৰৰ আধাৰত মাৰ্ঘেৰিটাৰ চেগুনবাৰীত চলোৱা এক বিশেষ অভিযানত এখন গাড়ীৰ পৰা নিষিদ্ধ ড্ৰাগছসহ আটক হয় কিশোৰ পাইট নামৰ যুৱকজন। লিডুৰ পৰাই ধেমাজিলৈ নিষিদ্ধ ড্ৰাগছখিনি সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে হাত লোটে আটক কৰে যুৱকজনক।

ধেমাজিৰ নিৱাসী কিশোৰৰ জিম্মাৰ পৰা এটা বেগত লুকুৱাই ৰখা চাৰিটা প্লাষ্টিকৰ চাদাৰ টেমাত প্ৰায় ৫১.৫০ গ্ৰাম উদ্ধাৰ কৰা হয়। নিষিদ্ধ ড্ৰাগছখিনি বজাৰ মুল্য প্ৰায় ১০ লাখ ৩০ হাজাৰ টকা হ’ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে নিষিদ্ধ সামগ্ৰীখিনি জব্দ কৰাৰ লগতে ধৃত যুৱকজনক থানালৈ আনি অধিক তথ্য পোহৰলৈ অনাৰ উদ্দেশ্যে সোধ-পোছ অব্যাহত ৰাখিছে। আৰক্ষীৰ এনে তৎপৰতাই অঞ্চলটোত ড্ৰাগছৰ অবৈধ কাৰবাৰ চলোৱা চক্ৰসমূহৰ নিদ্ৰা হৰণ কৰিছে।













