
ৰূপহীহাটৰ কাছখাইতীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত কেইবাপাল্টি খাই বাগৰি পৰে এখন স্কৰপিঅ’ বাহন। AS02AD5700 নম্বৰৰ স্কৰপিঅ’ বাহনখন কাৱৈমাৰীৰ পৰা শিঙিমাৰী বালিকাৰ অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, বাহনখন দ্ৰুতগতিত গৈ থকাৰ সময়তে চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত পথৰ ওপৰত কেইবাপাল্টি খাই বাগৰি পৰে।

দুৰ্ঘটনাটোত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে তৎপৰতাৰে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে, ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।











