
ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত সোমবাৰে ডিলাই আৰক্ষীয়ে (Drug Seized) এক বৃহৎ সফলতা লাভ কৰিছে। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত এখন ট্ৰাকৰ অতিৰিক্ত চকাৰ ভিতৰৰ পৰা প্ৰায় ৭৫ লাখ টকা মূল্যৰ কানি জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, সোমবাৰে দিনৰ প্ৰায় ২.১৫ বজাত ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত লাহৰীজান ছিক্স মাইল নাকা চেকিং পইণ্টত আৰক্ষীয়ে তালাচী চলাই আছিল।

সেই সময়তে ডিমাপুৰৰ পৰা ডিলাই অভিমুখে আহি থকা এ এছ-১৮-এ চি-৭৯৫৭ নম্বৰৰ এখন ১৯১৬ ট্ৰাক আৰক্ষীয়ে ৰখাই তালাচী চলায়। তালাচীৰ সময়ত ট্ৰাকখনৰ অতিৰিক্ত চকাটোৰ (Spare Tyre) ভিতৰত অতি কৌশলেৰে লুকুৱাই অনা অৱস্থাত ১৪ পেকেট কানি উদ্ধাৰ হয়। জব্দ কৰা কানিখিনিৰ মুঠ ওজন ১৪.৩৬০ কিলোগ্ৰাম। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য প্ৰায় ৭৫ লাখ টকা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এই অবৈধ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে মণিপুৰৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকদুজন হৈছে ইম্ফল পশ্চিম জিলাৰ ছেকমাই থানাৰ অন্তৰ্গত কাংলাটংবিৰ ৰাম কুমাৰ গৌতমৰ পুত্ৰ তথা ট্ৰাকচালক খড়গ বাহাদুৰ গৌতম আৰু কাংপকপি জিলাৰ লৱাৰ কালাপাহাৰৰ মান প্ৰসাদ গৌতমৰ পুত্ৰ প্ৰকাশ গৌতম। ইতিমধ্যে আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি ধৃত সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে আন কোন কোন জড়িত হৈ আছে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।











