ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Kaziranga accident : কাজিৰঙাত ট্ৰেভেলাৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

নিউজ ডেস্কঃ

ASSAM TIMES POST by ASSAM TIMES POST
November 13, 2026
Reading Time: 1 min read
A A
0
Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision

RELATED POSTS

Kaziranga accident I কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু

Road accident I ঢকুৱাখনাত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাত নিহত ২ যুৱক, আহত ৩

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাঘাতৰ ঘটনা

New Logo Smal 1 | ASSAM TIMES POST

কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে। এখন ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। কিয়নো আহত সকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক। আহত ১২ জন লোকক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷
কাজিৰঙাত ট্ৰেভেলাৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ
কাজিৰঙাত ট্ৰেভেলাৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

আহতসকলৰ ভিতৰত আছে নগাঁৱৰ জখলাবন্ধাৰ ফাৰহানা য়াছমিন, কাজিৰঙাৰ হাৰমতিৰ হাফিজা খাতুন, সৰু অভয়াপুৰীয়াৰ ৰঞ্জিত সোণম, নগাঁৱৰ আমনিৰ ৰাহুল কালান্দি, কাজিৰঙাৰ জীৱন গোৱালা, আমনিৰ অঞ্জলি গড়, কহঁৰাৰ বিউটী দত্ত, শিৱসাগৰৰ মুস্তাকীৰ হুছেইন, ৰঙামাটিৰ শিৱ প্ৰসাদ, নগাঁৱৰ ব্ৰহ্মপুৰৰ সান্ত্বনা হোজাই, মেথনী চাহ বাগিচাৰ সবিতা আৰু সোণাৰিৰ দীপেন শইকীয়া৷

আৰক্ষীৰ সূত্ৰ অনুসৰি, বোকাখাতৰ পৰা নগাঁও অভিমুখে গৈ আছিল ট্ৰেভেলাৰখন। তেনে সময়তে কাজিৰঙাৰ সমীপৰ ৰঙাজানত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ প্ৰভাৱ ইমানেই প্ৰবল আছিল যে বহুকেইজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। চিকিৎসালয়লৈ যোৱাৰ পথত আৰু কেইবাজনো লোকৰ মৃত্যু হয়।

এই মৰ্মান্তিক ঘটনাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে কয়, “এই ঘটনাই মৰ্মাহত কৰিছে, মৃত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ৷”

এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, তেওঁ আগতে কেতিয়াও এনেকুৱা ভয়ংকৰ দুৰ্ঘটনা দেখা নাছিল। গাড়ীৰ ভিতৰত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ স্থানীয় লোকে জঁপিয়াই পৰে। বাছখনৰ সন্মুখভাগ এনেদৰে চেপেটা খাই যায় যে যাত্ৰীসকল ভিতৰত আবদ্ধ হৈ পৰে। তেওঁলোকক উদ্ধাৰ কৰিবলৈ তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়।

আহাতে, দুৰ্ঘটানৰ সময়ত মন্ত্ৰী অতুল বৰাৰ কনভয় সেই ফালেৰে গৈ আছিল। দুৰ্ঘটনাৰ খবৰ লাভ কৰি তেওঁ ততালিকে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰে। লগতে তেওঁৰ কনভয়ৰ গাড়ীৰে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। জানিব পৰা মতে, বাছখনৰ সৈতে সংঘৰ্ষ হোৱা ট্ৰাকখন কৰ্ণাটকৰ পঞ্জীয়ন নম্বৰৰ।

যাত্ৰীবাহী ট্ৰেভেলাৰখন পঞ্জীয়ন নম্বৰ হৈছে এএছ-০২-এচি-৬৬৯০। আনহাতে, কণ্টেইনাৰ ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হৈছে কেএ-০১-এটি-০৯৭৭ ৷ বাছখনত থকা অধিকাংশ যাত্ৰীয়ে কলেজীয়া ছাত্ৰ-ছাত্ৰী। আৰক্ষী সূত্ৰই জনোৱা মতে, আহতসকলক উদ্ধাৰ কৰি প্ৰথমতে কহঁৰা স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। তাৰ পৰা

জেএমচিএইচলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্নীল ডেকাই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, “মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক।” আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জনাইছে যে ট্ৰেভেলাৰখন দ্ৰুতবেগত আছিল বুলি স্থানীয়ভাৱে জানিব পৰা গৈছে।

এবাৰ যান-বাহন নিয়ম উলংঘা কৰিছিল। প্ৰাৰম্ভিক অনুমান মতে অত্যধিক গতিৰ বাবে চালকজনে নিয়ন্ত্ৰণ হেৰুৱায়। ইয়াৰ পিছতে ট্ৰাকখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে দুপৰীয়া ২ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱা বাছখনত ৩৫ জনতকৈ অধিক যাত্ৰী আছিল।

সূত্ৰ অনুসৰি, ট্ৰেভেলাৰখনে ইয়াৰ পূৰ্বেও যান-বাহন নিয়ম উলংঘা কৰিছিল। ১২ বাৰ যান-বাহন নিয়ম উলংঘা কৰাৰ বাবে ৩৮,৫০০ টকা জৰিমনা ভৰিবলগা হৈছিল। আন এটা গোচৰত এতিয়াও ৪ হাজাৰ টকাৰ জৰিমনা বিচাৰাধীন হৈ আছে।

আনহাতে, এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। আহতসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AS-02-AC-6690 ট্রেভেলাৰ পঞ্জীয়ন নম্বৰJorhat Medical College Hospital আহত চিকিৎসাKA-01-ATJ-0977 কণ্টেইনাৰ ট্ৰাক পঞ্জীয়ন নম্বৰকহঁৰা স্বাস্থ্য কেন্দ্ৰকাজিৰঙা ৰঙাজান ভয়ংকৰ দুৰ্ঘটনাকাজিৰঙাৰ ৰঙাজান ট্রেভেলাৰ-ট্ৰাক মুখামুখি সংঘৰ্ষকৰ্ণাটকৰ পঞ্জীয়ন নম্বৰৰ ট্ৰাকমন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাস্থলীত উপস্থিতিযোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি২৫ জনৰ মৃত্যু
Share4Tweet3Send

Related Posts

Heartbreaking Road Accident Claims Two Lives on Nagaland’s Dikhu Road
Assam

Kaziranga accident I কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু

by News Desk
November 13, 2026
50
শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক
Assam

Road accident I ঢকুৱাখনাত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাত নিহত ২ যুৱক, আহত ৩

by News Desk
November 12, 2026
50
ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত
Assam

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাঘাতৰ ঘটনা

by News Desk
November 12, 2026
54
Assam I Dhing Police Crack Down on Drug Peddler, Seize 10 Containers
Assam

Assam I Dhing Police Crack Down on Drug Peddler, Seize 10 Containers

by News Desk
November 12, 2026
50
Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত
Assam

Digaru train accident I আসনৰ পৰা চিটিকি পৰিলোঁ, কলকাতা-ছাইৰাং এক্সপ্ৰেছ দুৰ্ঘটনাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা যাত্ৰীৰ

by News Desk
November 11, 2026
53
Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত
Assam

Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত

by News Desk
November 11, 2026
52
ADVERTISEMENT
Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision
Assam

Kaziranga accident : কাজিৰঙাত ট্ৰেভেলাৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

November 13, 2026
50
Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision
BREAKING NEWS

Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision

November 13, 2026
50
Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা
KARBI ANGLONG

Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা

November 13, 2026
50
Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু
National-International

Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু

November 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision

Kaziranga accident : কাজিৰঙাত ট্ৰেভেলাৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

November 13, 2026
Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision

Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision

November 13, 2026
Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা

Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা

November 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d