
এগৰাকী কিশোৰে নিজকে মহিলা বুলি পৰিচয় দিয়ে। কিন্তু তেওঁৰ পৰিয়ালে বিষয়টো মানি ল’ব পৰা নাছিল। ইয়াৰ বাবে কাউন্সেলিং বা পৰামৰ্শৰ ব্যৱস্থাও কৰা হৈছিল। চিকিৎসকৰ পৰামৰ্শও লোৱা হৈছিল। কিন্তু একোৱেই কামত নাহিল। তাৰ পিছতে সংঘটিত হ’ল এক কৰুণ ঘটনা।
আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে ১৭ বছৰীয়া কিশোৰজনে লক্ষ্ণৌৰ (Lucknow) তেওঁলোকৰ ঘৰত লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ বা ‘জেণ্ডাৰ এফাৰ্মিং ছাৰ্জাৰী’ (Gender affirming surgery) কৰাৰ ইচ্ছাক লৈ মাতৃৰ সৈতে কাজিয়া কৰি মাতৃক হত্যা কৰে। জন্মতে পুৰুষ হ’লেও তেওঁ নিজকে নাৰী বুলি গণ্য কৰিছিল। এই হত্যাকাণ্ডৰ পৰিকল্পনা ডায়েৰীত উদ্ধাৰ কৰে আৰক্ষীয়ে। কৰ্তৃপক্ষই জনোৱা মতে, ৰেঞ্চ, চিলি পাউডাৰ আৰু গৰম পানী ব্যৱহাৰৰ কথা উল্লেখ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে যেতিয়া তেওঁ মাকতৃ লগ কৰিবলৈ আহিছিল তেতিয়া তেওঁ লগত এপাত ৰেঞ্চ লৈ আহিছিল। আৰক্ষীয়ে জনোৱা মতে, কিশোৰজনৰ মাতৃয়ে পুনৰ অস্ত্ৰোপচাৰ কৰাৰ পৰিৱৰ্তে চিকিৎসা আৰু মানসিক পৰামৰ্শ ল’বলৈ পৰামৰ্শ দিছিল। দুয়োৰে মাজত তীব্ৰ কাজিয়া আৰম্ভ হয়।
ইয়াৰ পিছতে কিশোৰজনে লগত লৈ অহা ৰেঞ্চেৰে মাতৃৰ মূৰত কেইবাবাৰো আঘাত কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ফলত থিতাতে মৃত্যু হয় মহিলাগৰাকীৰ।

এই হত্যাকাণ্ডৰ পিছত কিশোৰজনে আৰক্ষীক ফোন কৰি ঘটনাৰ খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী থানাৰ আৰক্ষী। ফ্লেটৰ ভিতৰতে মহিলাগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে। সেই সময়ত কিশোৰজন তাতেই আছিল।
আৰক্ষীৰ মতে, জেৰাৰ সময়ত কিশোৰজনে ঘটনাৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰি অপৰাধৰ বিশদ বিৱৰণ দিয়ে। হত্যাকাণ্ডত ব্যৱহৃত ৰেঞ্চ আৰু অন্যান্য বস্তু উদ্ধাৰ কৰে আৰক্ষীয়ে।
ষ্টেচন হাউছৰ বিষয়া বিবেক কুমাৰ চৌধুৰীয়ে কয় যে জেৰাৰ সময়ত কিশোৰজনে হত্যাৰ পিছত আইনী প্ৰক্ৰিয়া (যেনে আৰক্ষীৰ ব্যৱস্থা, নাবালক অভিযুক্তৰ সম্ভাৱ্য শাস্তি আৰু তেওঁলোকক ক’লৈ পঠিওৱা হয়) সম্পৰ্কে তথ্য সংগ্ৰহ কৰিবলৈ ‘চাটজিপিটি’ৰ সহায় লোৱা বুলি জানিব পৰা গৈছে। বিষয়াগৰাকীয়ে কয় যে পৰিয়ালটোৱে ইতিমধ্যে চিকিৎসকৰ পৰামৰ্শ লৈ কিশোৰজনৰ বাবে কাউন্সেলিঙৰ ব্যৱস্থা কৰিছে। তেওঁ লগতে কয় যে কিশোৰগৰাকীয়ে নিজকে নাৰী হিচাপে গ্ৰহণ কৰিছিল আৰু বিচাৰিছিল যে পৃথিৱীয়ে তেওঁক তেনেকৈয়ে গ্ৰহণ কৰক।
আৰক্ষীয়ে জনোৱা মতে, অস্ত্ৰোপচাৰক লৈ মাতৃ-পুত্ৰৰ মাজত দীৰ্ঘদিনীয়া বিবাদ চলি আছিল। আৰক্ষী বিষয়াগৰাকীৰ মতে, নাবালকগৰাকীয়ে নিসংগতা পছন্দ কৰিছিল আৰু পিতৃ-মাতৃৰ পৰা স্নেহপূৰ্ণ শাৰীৰিক স্পৰ্শটো অস্বস্তিত পৰিছিল। দেউতাকে লক্ষ্ণৌত তেওঁৰ বাবে সুকীয়া ঘৰ ভাড়া কৰি দিছিল। আৰক্ষীয়ে জনোৱা মতে, পৰিয়ালৰ কোনো সদস্যই তাত তেওঁক লগ কৰিব নোৱৰাৰ চৰ্ত আছে। অৱশ্যে মাতৃগৰাকীয়ে বিচাৰিছিল যে পুত্ৰই তেওঁৰ লগতেই থাকক।












