
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদে কঁপাই তুলিলে দিল্লীৰ যন্তৰ-মন্তৰ। দুপৰীয়ালৈকে দিল্লী আৰক্ষীয়ে ৭০০ৰো অধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে। চিপিএম নেত্ৰী বৃন্দা কাৰাট, আপ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা, সমাজ কৰ্মী যোগেন্দ্ৰ যাদৱ, আইএছএৰ নেতা নেহা বোৰাক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য যে নেহা বোৰা আৰম্ভণিৰে পৰাই যন্তৰ-মন্তৰত পঁইতাচোৰাৰ আন্দোলনৰ লগত জড়িত আছিল। আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে দাবী কৰে যে তেওঁক সংসদলৈ যোৱাৰ সময়ত আৰক্ষীয়ে আটক কৰি ৰাখিছিল। ইয়াৰ পিছতে সঞ্জয় সিঙে আৰক্ষীৰ বিৰুদ্ধে শ্লোগান দি ধৰ্ণাত বহে। বাওঁপন্থী ছাত্ৰ আৰু যুৱ সংগঠনসমূহেও যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি এছআইআৰ প্ৰক্ৰিয়াত অনিয়ম আৰু ভোট চুৰিৰ অভিযোগ উত্থাপন কৰে। ‘জ্ঞানেশ কুমাৰ, গদ্দি চোৰো’ শ্ল’গান দিয়া হয়।
দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰীক যন্তৰ-মন্তৰৰ পৰা আঁতৰাই এখন কাৰাগাৰৰ ভ্যানত বহুৱাই দিয়ে। এনেদৰে প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিছে বিৰোধী দলসমূহে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ৰ অধীনত কেন্দ্ৰ আৰু শাসকীয় বিজেপিৰ দিল্লী আৰক্ষীক লক্ষ্য কৰি লয় । প্ৰতিবাদকাৰীৰ কাষত থিয় হৈ মমতা বেনাৰ্জীৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই ছ’চিয়েল মিডিয়াত লিখিছে, “নাগৰিকসকলৰ শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কোনো অনুমতিৰ প্ৰয়োজন নাই।” আইছাৰ নেতা নেহাৰ কাষত থিয় হৈ মহুৱাই লগতে কয়, “দিল্লী আৰক্ষীয়ে যি বিচাৰে তাকে কৰিবলৈ দিয়ক, আমিও চাই আছোঁ।”
শুকুৰবাৰে এছএফআই-ডিৱাইএফআইৰ কৰ্মীৰ লগতে চিপিএমৰ সাধাৰণ সম্পাদক এম এ বেবীকো গ্ৰেপ্তাৰ কৰা হয়। কাৰাগাৰৰ ভ্যানৰ পৰাই তেওঁ কয়, “জ্ঞানেশ কুমাৰ গণতন্ত্ৰৰ হত্যাকাৰী, অবৈধ কাম কৰা লোকক গ্ৰেপ্তাৰ কৰাৰ সলনি আমাক গ্ৰেপ্তাৰ কৰা হৈছে।” জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ প্ৰক্ৰিয়া স্থগিত ৰখা আৰু অবৈধভাৱে নাম আঁতৰোৱা ভোটাৰৰ নাম পুনৰ ঘূৰাই অনাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

শুকুৰবাৰে পুৱা দিল্লী যান-বাহন আৰক্ষীয়ে কন’ট প্লেচ, পেটেল চ’ক, টলষ্টয় মাৰ্গ আৰু সংসদ ভৱনৰ কাষৰীয়া অঞ্চলসমূহ পৰিহাৰ কৰিবলৈ পৰামৰ্শ জাৰি কৰে। ইয়াৰ উপৰি যন্তৰ-মন্তৰৰ আশে-পাশে মুঠ ১১টা মেট্ৰ’ ষ্টেচনো নিৰাপত্তাজনিত কাৰণত বন্ধ কৰি দিয়া হৈছে। এই ষ্টেচনসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে নতুন দিল্লী, লোক কল্যাণ মাৰ্গ, ৰাজীৱ চ’ক, সেৱা তীৰ্থ, কেন্দ্ৰীয় সচিবালয়, পেটেল চ’ক।
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বিয়লি মহাৰাষ্ট্ৰৰ শিৱাজী পাৰ্কত প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে ককৰোচ জনতা পাৰ্টীয়ে। তেওঁলোকে কয় যে মুম্বাইৰ পাছত তেওঁলোকৰ ‘জে’ল ভৰো’ কাৰ্যসূচী কলকাতা, বেংগালুৰু আৰু গোৱাত অনুষ্ঠিত হ’ব। চিজেপিৰ মুৰব্বী দীপকেয়ে কয় যে চলিত মাহৰ শেষত দিল্লীৰ যন্তৰ-মন্তৰত পুনৰ প্ৰতিবাদত যোগদান কৰিব। জ্ঞানেশ কুমাৰে পদত্যাগ নকৰালৈকে এই আন্দোলন চলি থাকিব।
আনহাতে, বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ও শুকুৰবাৰৰ পৰা দেশৰ বিভিন্ন জিলাত ‘গণতন্ত্ৰ বচাও’ অভিযান আৰম্ভ কৰিছে । অহা ৮ অক্টোবৰত জিলা পৰ্যায়ত সমগ্ৰ দেশজুৰি ‘গণতন্ত্ৰ বচাও’ সমদল আৰু জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। দেশজোৰা আন্দোলনৰ অংশ হিচাপে ৬ অক্টোবৰত সকলো বিৰোধী দলৰ সাংসদক লৈ ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ দিশে এক সমদল উলিয়াব।












