
বৃহস্পতিবাৰে মিজোৰামত সংঘটিত গাড়ী দুৰ্ঘটনাত (Mizoram tragic accident) নিহত হয় চৰকাৰী সংবাদ মাধ্যমৰ তিনিগৰাকী বিষয়া। আহত হয় আন দুজন। সতীকৰ সমীপৰ পাহাৰীয়া পথত তেওঁলোকৰ বাহনখন পথৰ পৰা বাগৰি খাৱৈত বাগৰি পৰে। থিতাতে মৃত্যু হয় তিনিজনৰ।
ইম্ফলত থকা পিআইবি (প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো) আৰু চিবিচিৰ স্থানীয় কাৰ্যালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান ডাঃ এংগাম পামে, আইজল দূৰদৰ্শন কেন্দ্ৰৰ সঞ্চালক (নিউজ) নামপিভ’ মাৰিমমাই আৰু আইজলৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ কাৰ্যালয়ৰ কৰ্মচাৰী এইচ লিয়ানভেলাক চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰি মিজোৰামৰ ৰাজ্যপাল জেনেৰেল বিজয় কুমাৰ সিঙে কয় যে তিনিওজন বিষয়াৰ মৃত্যুত সংবাদ মাধ্যমৰ অপূৰণীয় ক্ষতি হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়েও মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ডঃ এংগাম পামে মিজোৰামলৈ গৈছিল আন্তঃমাধ্যম প্ৰচাৰ সমন্বয় সমিতিৰ এখন বৈঠকত অংশ ল’বলৈ আৰু পিআইবি আইজলৰ বাবে অনুবাদক নিযুক্তি দিবলৈ।
বৃহস্পতিবাৰে তেওঁ সহকৰ্মীসকলৰ সৈতে ছিয়াছলুকলৈ (আইজল জিলাৰ এখন গাঁও) গৈছিল। উভতি অহাৰ পথত তেওঁৰ গাড়ীখনে সতিকৰ ওচৰতে এক দুৰ্ঘটনাৰ সন্মুখীন হয়। গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে। চালক আৰু আন এজন যাত্ৰী আহত হয়। সম্প্ৰতি তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
উদ্ধাৰ অভিযানত ছিয়াছলুক আৰক্ষীৰ লগতে ইয়ং মিজো এছ’চিয়েশ্যনৰ কেইবাজনো সদস্যই সহায় কৰে। গাড়ীখন পৰি যোৱা খাদটো অতি ঠেক আছিল, যাৰ বাবে উদ্ধাৰ কৰিবলৈ কিছু সময় লাগে। আৰক্ষীয়ে দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।













