
ভাৰত ম্যানমাৰ সীমান্ত পাংচুপাছত গুলীয়াগুলীত ঘটনাৰ পাছত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত নিৰাপত্তাৰক্ষীৰ বৃহৎ সাফল্য। এটা AK ছিৰিজৰ ৰাইফল আৰু বৃহৎ পৰিমাণৰ বিস্ফোটক সামগ্ৰীসহ দুই আলফা(স্বা)ৰ সদস্যক আটক কৰিবলৈ সক্ষম হৈছে ৮নং অসম ৰাইফলছ। আটকাধীন আলফা সদস্য দুইগৰাকী সহদেৱ ৰায় ওৰফে বাপ্পী অসম আৰু চিৰাজ অসম ওৰফে চিৰাজু আলম বুলি জানিব পৰা গৈছে। নিৰাপত্তাৰক্ষীক আক্ৰমণৰ লক্ষ্যৰে প্ৰৱেশ কৰা অস্ত্ৰ-শস্ত্ৰ সুসজ্জিত উগ্ৰপন্থীক সদস্যক আটক কৰিবলৈ সক্ষম হৈছে নিৰাপত্তাৰক্ষী। আলফা (স্বা) আৰু NSCN (K-YA)ৰ যুটীয়াভাবে ২০ জন সদস্যই নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি ম্যানমাৰৰ পৰা প্ৰৱেশ কৰিছিল উগ্ৰপন্থী সদস্যই।













