ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
October 5, 2026
Reading Time: 1 min read
A A
0
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

RELATED POSTS

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

New Logo Smal 2 | ASSAM TIMES POST

উচ্চতম ন্যায়ালয়ে (Supreme Court) মুখ্য নিৰ্বাচন আয়ুক্ত (Chief Election Commissioner) জ্ঞানেশ কুমাৰৰ (Gyanesh Kumar) বিৰুদ্ধে এক গোচৰত কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগক জাননী জাৰি কৰিছে। আদালতে তেওঁলোকক এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে যদি আয়োগে আইন অনুসৰি কোনো সিদ্ধান্ত নলয়, তেন্তে সেই সিদ্ধান্ত বাতিল কৰা হ’ব। অৱশ্যে আদালতে এইটোও কয় যে আয়োগে আইন অনুসৰি সিদ্ধান্ত লয় বুলি ধৰি লোৱা হৈছে।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত আয়োগে যিধৰণে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছে তাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। গোচৰসমূহ নিষ্পত্তি নোহোৱালৈকে জ্ঞানেশ কুমাৰক নিলম্বন কৰাৰ বাবে জনস্বাৰ্থ জড়িত গোচৰো ৰুজু কৰা হৈছে। এছ আই আৰ পৰ্যায়ত প্ৰায় ১৩ কোটি ভোটাৰৰ নাম বাদ পৰাৰ তদন্তৰ বাবে ন্যায়িক তদন্ত আয়োগ বা বিশেষ তদন্তকাৰী দল গঠনৰ বাবেও আদালতত আবেদন দাখিল কৰা হৈছে। ইয়াৰ সৈতে জড়িত গোচৰসমূহ সোমবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠত শুনানিৰ বাবে গ্ৰহণ কৰে। তদন্তৰ আবেদন সন্দৰ্ভত কেন্দ্ৰৰ বিবৃতি বিচাৰিছে আদালতে।

ইংৰাজী দৈনিক ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে নিৰ্বাচন আয়ুক্ত দুজনৰ আপত্তিক আওকাণ কৰি এছ আই আৰ সম্পৰ্কীয় কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই প্ৰতিবেদনক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত আছে। কিন্তু সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে কাকতখনৰ প্ৰতিবেদনৰ ভিত্তিত আদালতে কোনো নিৰ্দেশ দিব নোৱাৰে।

ele 1 | ASSAM TIMES POST
জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয় : আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব

আদালতৰ পৰ্যবেক্ষণ, “এখন বাতৰিকাকতৰ প্ৰতিবেদন ১০০ শতাংশ শুদ্ধ, আংশিকভাৱে শুদ্ধ, বা ভুল হ’ব পাৰে। আমি সেই ভিত্তিত কোনো নিৰ্দেশনা দিব নোৱাৰো। আমি নিশ্চিতভাৱে তেওঁলোকৰ (আয়োগৰ) সঁহাৰি বিচাৰিম। যদি আমি বিবেচনা কৰোঁ যে কোনো ক্ষেত্ৰতে আইন মানি চলা হোৱা নাই, তেন্তে আমি ইয়াক বাতিল কৰিব পাৰো।”

জ্ঞানেশ কুমাৰৰ নিলম্বন বিচৰা আবেদন সন্দৰ্ভত আদালতে কোনো অন্তৱৰ্তীকালীন আদেশ জাৰি কৰা নাই। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে আয়োগক জাননী জাৰি কৰিবলৈ নিৰ্দেশ দি কয়, “জাননীৰ পিছত যদি কোনো সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা হোৱা নাই বুলি ধৰা পৰে, তেন্তে আমি সেই সিদ্ধান্তসমূহ প্ৰত্যাহাৰ কৰিম। একপক্ষীয়ভাৱে সকলো সিদ্ধান্ত ল’ব নোৱাৰি।”

সংবিধানৰ ৩২৪ অনুচ্ছেদত নিৰ্বাচন আয়োগৰ সাংবিধানিক গাঁথনিৰ ব্যৱস্থা আছে। তিনিজনীয়া আয়োগখনত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন দুজন নিৰ্বাচন আয়ুক্ত আছে। যদিও মুখ্য নিৰ্বাচন আয়ুক্তক ‘সমমৰ্য্যাদাৰ ভিতৰত প্ৰথম’ বুলি অভিহিত কৰা হৈছে, তথাপিও তেওঁক একমাত্ৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা দিয়া হোৱা নাই। বৰ্তমানৰ আইনী কাঠামোত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন, ২০২৩ৰ ১৮ নং ধাৰাত উল্লেখ আছে যে আয়োগৰ কাম যিমান পাৰি সিমান ঐক্যমতৰ দ্বাৰা পৰিচালিত হ’ব। কোনো বিষয়ত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন নিৰ্বাচন আয়ুক্তসকলৰ মাজত মতানৈক্য হ’লে সংখ্যাগৰিষ্ঠতাৰ মতামত প্ৰধান হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ECIrow
Share4Tweet3Send

Related Posts

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
October 6, 2026
50
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

by News Desk
October 6, 2026
50
Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে
National-International

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

by News Desk
October 6, 2026
50
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

by News Desk
October 6, 2026
51
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

by News Desk
October 6, 2026
51
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
51
ADVERTISEMENT
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
50
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
50
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
50
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d