ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 8, 2026
Reading Time: 1 min read
A A
0
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

RELATED POSTS

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

New Logo Smal 2 | ASSAM TIMES POST

দিল্লীত বিৰোধী ‘ইণ্ডিয়া’ ব্লকৰ (INDIA BLOCK) সাংসদৰ প্ৰতিবাদৰ সময়ত এগৰাকী মহিলা আৰক্ষীক ঠেলিবলৈ চেষ্টা কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। বুধবাৰে কংগ্ৰেছৰ সাংসদগৰাকীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে বিজেপিয়ে। অশোক পথত ধৰ্ণা কাৰ্যসূচীৰ সময়ত যেতিয়া আৰক্ষীয়ে এগৰাকী মহিলা প্ৰতিবাদকাৰীক আঁতৰাবলৈ চেষ্টা কৰিছিল, তেতিয়া যন্তৰ-মন্তৰৰ সমীপত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছত ৰাহুল গান্ধীৰ ((Rahul Gandhi) বিৰুদ্ধে উত্থাপিত অভিযোগ পোহৰলৈ আহে। বিজেপিৰ এই অভিযোগক লৈ এতিয়ালৈকে কংগ্ৰেছৰ কোনো সঁহাৰি পোৱা নাই।

বিৰোধী সাংসদসকলে নিৰ্বাচন আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ দাবীত আঠ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ মাত্ৰ এদিন পিছতে ‘ভোট চুৰি’ৰ অভিযোগ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত উত্তাল হৈ পৰে দিল্লী। বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ নেতৃত্বত এই প্ৰতিবাদ।

বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে ছ’চিয়েল মিডিয়া এক্সত এই ঘটনাৰ ভিডিঅ’ ক্লিপ পোষ্ট কৰে। তাত তেওঁ ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে। প্ৰদীপে লিখিছে, “ছ’চিয়েল মিডিয়াত ‘ৰিল’ বনোৱাৰ অত্যধিক আগ্ৰহত ৰাহুল গান্ধীয়ে এগৰাকী মহিলা আৰক্ষী বিষয়াক ঠেলি দিবলৈ চেষ্টা কৰিছিল।”

বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই অভিযোগ কৰে যে ৰাহুল গান্ধীৰ এই আচৰণ বিৰোধী দলৰ নেতাৰ স্থিতিৰ লগত খাপ নাখায়। ইচ্ছাকৃতভাৱে তেওঁ মহিলা আৰক্ষী বিষয়াগৰাকীক স্পৰ্শ কৰিছিল। গৌৰৱে কয়, “ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে ৰাহুল গান্ধীয়ে ইচ্ছাকৃতভাৱে আৰু অনুচিতভাৱে মহিলা আৰক্ষী বিষয়াগৰাকীক স্পৰ্শ কৰিছে। যদি সঁচাকৈয়ে এনেকুৱাই হৈছে তেন্তে সেয়া অতি আপত্তিজনক। বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীয়ে জনপ্ৰতিনিধি হোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ দায়িত্ব জড়িত হৈ আছে সেই কথা বুজিব লাগে। তেওঁ জনজীৱনৰ মৰ্যাদা ৰক্ষা কৰিব লাগে আৰু মহিলাক সন্মান কৰিব লাগে।” লগতে এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পৰা ক্ষমা বিচৰাৰো দাবী জনায়।

rd1 | ASSAM TIMES POST
প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

এই ঘটনাক লজ্জাজনক বুলি অভিহিত কৰি বিজেপি নেতা তেজিন্দৰ বাগ্গাই কয় যে কোনো ৰাজনৈতিক স্থিতিয়ে কাকো কোনো মহিলাক অনুচিতভাৱে স্পৰ্শ কৰাৰ অধিকাৰ প্ৰদান নকৰে। তেওঁ কয়, “ৰাহুল গান্ধীয়ে এগৰাকী মহিলা আৰক্ষীক অনুচিতভাৱে স্পৰ্শ কৰাৰ ঘটনাটো লজ্জাজনক। কোনো ৰাজনৈতিক পদবীয়ে কাকো মহিলাক অনুচিতভাৱে স্পৰ্শ কৰাৰ অধিকাৰ নিদিয়ে। তেওঁৰ লজ্জাজনক আচৰণৰ বাবে তেওঁক জবাবদিহি কৰিব লাগিব।” আন কেইবাজনো বিজেপি নেতায়ো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লগতে কংগ্ৰেছ সাংসদগৰাকীক সমালোচনা কৰি একেধৰণৰ অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে বুধবাৰে দিল্লীত এক নাটকীয় পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে বিৰোধী দলৰ সাংসদসকলক প্ৰতিবাদৰ বাবে যন্তৰ-মন্তৰৰ দিশে আগবাঢ়ি যোৱাত বাধা দিয়ে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে আয়োজন কৰা সংহতিৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি সাংসদসকলে যন্তৰ-মন্তৰ অভিমুখে পদযাত্ৰা কৰিব বুলি সিদ্ধান্ত লোৱা হয়। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত অলপ সময়ৰ ভিতৰতে সাংসদসকলে বাছত উঠি যন্তৰ-মন্তৰলৈ ৰাওনা হয়। সমদল মূল পথৰ পৰা প্ৰতিবাদস্থলীৰ দিশে আগবাঢ়ি যোৱাৰ সময়তে একাংশ নেতাই ত্ৰিৰংগ পতাকা লৈ বাছখনৰ চাদত উঠে। ইয়াৰ ফলত উচ্চ নিৰাপত্তা মণ্ডলত একেৰাহে দ্বিতীয়দিনাও যাতায়াত আৰু স্বাভাৱিক কাৰ্যকলাপ স্তব্ধ হৈ পৰে।

নিৰাপত্তাৰক্ষীয়ে বাছসমূহ ৰখাই দিয়াৰ লগে লগে পৰিস্থিতি উত্তেজিত হৈ পৰে। পিছত আৰক্ষীয়ে বলপূৰ্বকভাৱে ৰাহুল গান্ধী, তেওঁৰ ভগ্নী তথা সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ লগতে ‘ইণ্ডিয়া’ৰ কেইবাগৰাকীও নেতাক জোৰ কৰি আঁতৰাই নি আটক কৰে।

প্ৰতিবাদত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চিপিআই(এম), চিপিআই, আৰজেডি, আইইউএমএলকে ধৰি কেইবাটাও দলৰ সাংসদসকলে অংশগ্ৰহণ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টিৰ সাংসদ উপস্থিত নাছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RahulGandhi
Share4Tweet3Send

Related Posts

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ
National-International

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ

by News Desk
October 8, 2026
50
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
National-International

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

by News Desk
October 7, 2026
51
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

by News Desk
October 7, 2026
51
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ
National-International

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

by News Desk
October 7, 2026
51
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

by News Desk
October 7, 2026
51
Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়
National-International

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

by News Desk
October 7, 2026
51
ADVERTISEMENT
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪
Guwahati

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

October 8, 2026
50
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ
National-International

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

October 8, 2026
50
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

October 8, 2026
50
Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ
National-International

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ

October 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

October 8, 2026
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

October 8, 2026
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

October 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d