
উত্তৰ প্ৰদেশৰ নয়ডাস্থিত জেবৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি কৰি ৰখা হ’ব ‘নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শুকুৰবাৰে সংবাদমেলযোগে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইতিমধ্যে ৰাজ্যৰ কেবিনেটে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱত অনুমোদন জনোৱা বুলিও তেওঁ কয়।
শুকুৰবাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে নয়ডাৰ জেবৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উপহাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উত্তৰ প্ৰদেশৰ মন্ত্ৰীসভাই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই প্ৰকল্পৰ নাম আনুষ্ঠানিকভাৱে ‘নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, নয়দা-জেবৰ’ নামেৰে ৰখাৰ প্ৰস্তাৱ ৰাজ্যৰ মন্ত্ৰীসভাত গৃহীত হৈছে। তেওঁৰ মতে, অনাগত দিনত এই বিমানবন্দৰটো কেৱল উত্তৰ প্ৰদেশৰ সৰ্ববৃহৎ বিমানবন্দৰ হিচাপেই নহয়, সমগ্ৰ দেশৰ অন্যতম প্ৰধান বিমান পৰিবহণ কেন্দ্ৰ হিচাপেও আত্মপ্ৰকাশ কৰিব।

২৮ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰটো উদ্বোধন কৰে।তাৰ পিছত চলিত বৰ্ষৰ ১৫ জুনত তাত প্ৰথম বিমান অৱতৰণ কৰে। এই বিমানবন্দৰটো চুইজাৰলেণ্ডৰ বিখ্যাত জুৰিখ বিমানবন্দৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহযোগী প্ৰতিষ্ঠান যমুনা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ প্ৰাইভেট লিমিটেড আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ মনোনীত কোম্পানী নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হয়।
প্ৰায় ১১,২৮২ কোটি টকা ব্যয় সাপেক্ষে এই বিমানবন্দৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। প্ৰথম পৰ্যায়ত এই বিমানবন্দৰত বছৰি ১ কোটি ২০ লাখ যাত্ৰী পৰিবহণৰ ক্ষমতা আছে, যিটো আগন্তুক কেইবছৰমানৰ ভিতৰত প্ৰায় ৭ কোটিলৈ বৃদ্ধি কৰিব পৰা যাব। এই বিমানবন্দৰটোত ৩৯০০ মিটাৰ দৈৰ্ঘ্যৰ অত্যাধুনিক ৰাণৱে আছে, যিটো বৃহৎ বিমানৰ বাবে উপযোগী। ইয়াৰ উপৰি ইয়াত আধুনিক নেভিগেচন আৰু এয়াৰ ট্ৰেফিক মেনেজমেণ্ট চিষ্টেম স্থাপন কৰা হৈছে।
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত মটেৰাৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামৰ নাম প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ কৰা হয়। ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী বল্লভভাই পেটেলৰ নামেৰে ১৯৮৩ চনত গুজৰাটৰ আহমেদাবাদত নিৰ্মাণ কৰা হৈছিল এই ষ্টেডিয়ামটো। পূৰ্বতে ইয়াৰ নাম আছিল গুজৰাট ষ্টেডিয়াম। ২০১১ চনত নাম সলনি কৰি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কৰা হয়। এইবাৰ নৰেন্দ্ৰ মোদীৰ নামত বিমানবন্দৰ।











