
ভাৰতীয় প্ৰতিৰক্ষা প্ৰযুক্তি কোম্পানী এম কে ইউ লিমিটেডে (M K U Ltd.) আফ্ৰিকান দেশ মৰক্কোত নিৰ্মাণ কৰি আছে এটা কাৰখানা। সূত্ৰ অনুসৰি, তাত বিভিন্ন বৈদ্যুতিক প্ৰতিৰক্ষা সঁজুলি আৰু স্থলবাহিনীৰ বাবে গুলী আৰু বিস্ফোৰক প্ৰতিৰোধী কৱচ নিৰ্মাণ কৰা হ’ব।
মৰক্কো চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি, দেশৰ প্ৰতিৰক্ষা উৎপাদন কোম্পানী মাৰ্কোটেকৰ সৈতে যৌথ উদ্যোগত নিৰ্মাণ কৰা এই কাৰখানাটোৱে মূলতঃ উন্নত ইলেক্ট্ৰ’-অপ্টিকেল সঁজুলি (নাইট-ভিজন, থাৰ্মেল ইমেজিং ছিষ্টেম) আৰু ‘বৰ্ম’ (বুলেটপ্ৰুফ বেলিষ্টিক হেলমেট, বডি আৰ্মৰ আৰু শ্বিল্ড) নিৰ্মাণ কৰিব।

পৰৱৰ্তী পৰ্যায়ত এম কে ইউ লিমিটেডে নৌছাৰ বিশেষ অৰ্থনৈতিক মণ্ডলৰ কাৰখানাটোত ড্ৰ’ন আৰু অন্যান্য সামৰিক সঁজুলিও উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে। মৰক্কো সেনাৰ প্ৰয়োজনীয়তা পূৰণৰ উপৰি আফ্ৰিকা, পশ্চিম এছিয়া আনকি ইউৰোপৰ কিছুমান দেশৰ বজাৰৰ ওপৰতো তেওঁলোকে নজৰ আছে।
উল্লেখ্য যে মৰক্কোত কাৰখানা স্থাপন কৰা দ্বিতীয়টো ভাৰতীয় প্ৰতিৰক্ষা কোম্পানী হৈছে এম কে ইউ। ইয়াৰ পূৰ্বে ২০২৫ চনত টাটা এডভান্সড ছিষ্টেমছে (TASL) মৰক্কোৰ কাছাব্লাংকাত সামৰিক সমৰসজ্জিত বাহন নিৰ্মাণৰ বাবে এটা কাৰখানা মুকলি কৰিছিল।










