
দিল্লী মেট্ৰ’ৰ (Delhi Metro) ভিতৰত জ্যেষ্ঠ নাগৰিকৰ বাবে সংৰক্ষিত আসনক লৈ সৃষ্টি হোৱা বিবাদৰ পৰিণতি মৰ্মান্তিক হয়। অভিযোগ অনুসৰি, পৱন শৰ্মা নামৰ ৪৮ বছৰীয়া এজন ব্যক্তিৰ সহযাত্ৰীৰ চৰ আৰু মাৰৰ ফলত মৃত্যু হয়। এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন প্ৰাক্তন আইএএছ বিষয়া আৰু তেওঁৰ পুত্ৰক। আৰক্ষীয়ে জনোৱা মতে, ৮ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ মেট্ৰ’ ষ্টেচনত এই ঘটনা সংঘটিত হয়।
এফআইআৰ মতে, মেট্ৰ’ৰ ভিতৰত জ্যেষ্ঠ নাগৰিকৰ বাবে সংৰক্ষিত আসনক লৈ পৱন শৰ্মাই অভিযুক্ত সঞ্জয় প্ৰতাপ সিং আৰু তেওঁৰ পুত্ৰ সিদ্ধাৰ্থ সিঙৰ সৈতে তীব্ৰ কাজিয়া কৰিছিল। অভিযোগ অনুসৰি, তৰ্কৰ সময়ত অভিযুক্তই পৱনক চৰ মাৰি ঠেলা মাৰি দিয়ে। চম্ভালিব নোৱাৰি তেওঁ পৰি যায় আৰু মূৰত গুৰুতৰভাৱে আঘাত পায়। মেট্ৰ’ৰ কৰ্মচাৰীয়ে দ্ৰুতগতিত উদ্ধাৰ কৰি এম্বুলেন্সত লোকনায়ক জয়প্ৰকাশ হাস্পতাললৈ লৈ যায়। কিন্তু তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীৰ সূত্ৰ মতে, মূল অভিযুক্ত সঞ্জয় প্ৰতাপ সিং এজন প্ৰাক্তন আইএএছ বিষয়া। তেওঁক পূৰ্বে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৱে (চিবিআই) উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ পুত্ৰ সিদ্ধাৰ্থ সিং উচ্চতম ন্যায়ালয়ৰ অধিবক্তা।
মৃত পৱন শৰ্মাৰ মাতৃ দুৰ্গা শৰ্মাই দাখিল কৰা এজাহাৰৰ ভিত্তিত যোৱা ৯ অক্টোবৰত ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰা (হত্যাৰ উপৰি আন অপৰাধমূলক কাণ্ড) আৰু ধাৰা ৩(৫) (সাধাৰণ অভিপ্ৰায়)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। এফআইআৰ দাখিল হোৱাৰ পিছতে আৰক্ষীয়ে প্ৰাক্তন আমোলাগৰাকী আৰু তেওঁৰ অধিবক্তা পুত্ৰক গ্ৰেপ্তাৰ কৰে। তদন্তকাৰীয়ে বিতংভাৱে তদন্ত কৰি আছে যে কি পৰিস্থিতিত এই বিবাদ কাজিয়ালৈ পৰিণত হ’ল আৰু পৱনৰ মৃত্যু হয়।












