
ৰাহুল গান্ধীয়ে জ্ঞানেশ কুমাৰক (Gyanesh Kumar) ‘ভোট চুৰি’ৰ গোচৰত সাক্ষী হ’বলৈ পৰামৰ্শ দিয়ে। সোমবাৰে বিয়লি লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দিল্লীৰ কংগ্ৰেছ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰে। তাতে তেওঁ দাবী কৰে যে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ভয়ত নিশা টোপনি হোৱা নাই। তেওঁ সংবাদমেলখন চাই থকা বুলিও ৰাহুল গান্ধীয়ে দাবী কৰে।
ৰাহুল গান্ধীয়ে কয়, “জ্ঞানেশ কুমাৰৰ ভয় লাগিছে। ৰাতি টোপনি নাহে।” একে সময়তে তেওঁ এটা ইংগিতপূৰ্ণ মন্তব্য কৰে, “বাৰ্তা আহি আছে। তেওঁ (জ্ঞানেশ) নিজেও এই সংবাদমেলখন চাই আছে।” জ্ঞানেশ কুমাৰক কি বাৰ্তা দিব বিচাৰে সেই প্ৰশ্নৰ উত্তৰত ৰাহুলে কয়, “সাক্ষী হওক। পদত্যাগ কৰক। সেয়াই হ’ব আপোনাৰ দেশৰ সেৱা। আপুনি (জ্ঞানেশ) অপৰাধ কৰিছে। কিন্তু সঁচা কথা ক’বলৈ গ’লে আপুনি মূল দোষী নহয়। আপুনি ভুল কৰিছে। কিন্তু এই ভুলৰ আঁৰত আপোনাৰ মগজু নাই। আমি জানো যে আপুনি কিমান হেঁচাত পৰিছে।”

ৰাহুল গান্ধীয়ে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু উদ্যোগপতি গৌতম আদানীয়ে জ্ঞানেশ কুমাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। জ্ঞানেশ কুমাৰে পদত্যাগ নকৰালৈকে আৰু দেশৰ নিৰ্বাচনী ব্যৱস্থা সংস্কাৰ নকৰালৈকে আন্দোলনৰ পৰা আঁতৰি নাযায় বুলি ৰায়বৰেলীৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে বাৰ্তা দি কয়, “সংবিধানক আক্ৰমণ কৰা হৈছে। এই প্ৰতিৰোধ এদিনৰ বাবে নহয়। আমি বন্ধ নকৰো। ই চলি থাকিব। এয়া গণআন্দোলন হ’ব।”
ৰাহুল গান্ধীয়ে দাবী কৰে যে মোদী চৰকাৰৰ কমেও ২০০ গৰাকী বিষয়া বিৰোধীৰ সংস্পৰ্শত আছে আৰু তথ্য প্ৰদান কৰি আছে। লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে কয়, “মই প্ৰধানমন্ত্ৰী মোদীক ক’ব বিচাৰোঁ যে আপোনাৰ চৰকাৰৰ ২০০ গৰাকী বিষয়া আমাৰ সৈতে যোগাযোগত আছে। তেওঁলোকে আমাক তথ্য দি আছে।” তেওঁ লগতে দাবী কৰে যে ৫০ শতাংশ আৰক্ষী বিষয়াই বিৰোধীয়ে সঠিক কাম কৰিছে বুলি কৈছে আৰু প্ৰতিবাদ অব্যাহত থাকিব লাগে।













