
মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰক (Gyanesh Kumar) অপসাৰণৰ দাবীত দিল্লীত মহিলা প্ৰতিবাদকাৰীৰ এটা দলে তেওঁলোকক আটক কৰি কাৰাগাৰৰ গাড়ীলৈ নিয়াৰ পিছত মহিলা আৰক্ষী বিষয়াই মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে। কেৱল মাৰপিট কৰাই নহয়, কিছুমানৰ যৌনাংগত গোৰ মাৰা হয়, আনকি ফোনো কাঢ়ি লৈ যোৱা বুলি অভিযোগ উঠিছে।
নৌৰিন নামৰ এগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে নিউজ আউটলেট Scroll.inক জনোৱা মতে, দেওবাৰে মধ্য দিল্লীত তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। কিছু মুহূৰ্তৰ ভিতৰতে আৰক্ষী আহি পায়হি। এজন এজনকৈ ১৬ জন প্ৰতিবাদকাৰীক আটক কৰি কাৰাগাৰৰ গাড়ীলৈ লৈ যোৱা হয়। নৌৰিনে দাবী কৰে যে ১৬ জনৰ ভিতৰত ১৫ গৰাকী মহিলা। নৌৰিন ভাৰতীয় ৱৰ্কাৰছ পাৰ্টীৰ সদস্য। তেওঁ কয়, “কাৰাগাৰৰ ভেনলৈ নিয়াৰ পিছত তেওঁলোকে (মহিলা আৰক্ষী বিষয়াসকলে) আমাক এজন এজনকৈ মাৰপিট কৰিবলৈ ধৰে।”

নৌৰিনে লগতে অভিযোগ কৰে যে দিশা ছাত্ৰ সংগঠনৰ এগৰাকী মহিলা সদস্য শৰণ্যাক কাৰাগাৰৰ ভেনত এগৰাকী মহিলা কনিষ্টবলে ডিঙি চেপি ধৰে। আন এগৰাকী আৰক্ষীয়ে শৰণ্যাক কঁকালত কোবাই আছিল। ইয়াৰ পিছতে এগৰাকীয়ে আহি শৰণ্যাক চিকিৎসাৰ বাবে লৈ যায়। নৌৰিনে লগতে অভিযোগ কৰে যে অত্যাচাৰ ইয়াতেই শেষ হোৱা নাছিল। কাৰাগাৰৰ ভেনত থকা বাকী মহিলা প্ৰতিবাদকাৰীসকলকো প্ৰহাৰ কৰা হৈছিল। অভিযোগ অনুসৰি, তেওঁলোকৰ বুকু আৰু যৌনাংগত আঘাত কৰা হৈছে। কাৰাগাৰৰ ভেনত উঠাই নিয়াৰ পিছত তেওঁলোকৰ ফোন কাঢ়ি লৈ যোৱা বুলিও বহু প্ৰতিবাদকাৰীয়ে অভিযোগ উত্থাপন কৰে।
উল্লেখ্য যে শনিবাৰ আৰু দেওবাৰে জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত ককৰোচ জনতা পাৰ্টীকে ধৰি ছাত্ৰ সংগঠনৰ প্ৰতিবাদ আৰু আন্দোলনে দিল্লী কঁপাই তোলে। চিজেপিয়ে যন্তৰ মন্তৰ-অভিযানৰ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৃহৎসংখ্যক সমৰ্থক গোট খাইছিল। প্ৰতিবাদকাৰীক বাধা দিবলৈ দিল্লীক অভেদ্য দুৰ্গলৈ ৰূপান্তৰিত কৰা হয়। কিন্তু তাৰ পিছত যন্তৰ-মন্তৰৰ দিশে আগবাঢ়িবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি ৰাখে। শনিবাৰৰ পিছত দেওবাৰেও বহু প্ৰতিবাদকাৰীক আটক কৰা হয়।











