
ৰাজ্যৰ চৌদিশে এতিয়া পূজাৰ আনন্দ উল্লাস। পূজা লাগিছে মহানগৰীৰ চোৰৰ গাতো। মিঠাইৰ দোকানত চুৰি কৰিবলৈ আহি চোৰে খালে মিঠাই। খোৱাই নহয় লৈ গল পেক কৰি মিঠাইৰ পেকেটো। ভেটাপাৰাৰ জোনাকী চুইটচ এণ্ড স্নেক্সত (Jonaki Switches and Snacks) সংঘটিত হৈছে এই কাণ্ড।
ধৃত দুই চোৰে বিপনীখনৰ পৰা লৈ গল নগদ ১২ হাজাৰ টকা আৰু কেইবাখনো ATM কাৰ্ড। চুৰিকাৰ্যৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছিল বিপনীখনৰ CCTVত। CCTV VISUALS নিৰীক্ষণ কৰি বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২ চোৰক। আৰক্ষীৰ জালত পৰা ধৃত চোৰ দুটা হ’ল ছফিকুল ইছলাম ওৰফে বড়ো আৰু ৰফিকুল ইছলাম ওৰফে চৌধুৰী। পূজাৰ মিঠাই খাই এতিয়া ৰঙা ঘৰৰ আলহী হল মুকালমুৱাৰ ২ চোৰ।













