
চীনা চোৰাংচোৱাই (China spy) এজন শিক্ষাবিদৰ ৰূপ লৈ এজন ভাৰতীয় সেনা বিষয়াৰ পত্নীৰ লগত কথা পাতিছিল। অভিযোগ উত্থাপন হৈছে যে ফান্দ (The wife of the Indian Army officer is in trap) পাতি তেওঁৰ পৰা প্ৰতিৰক্ষা সম্পৰ্কীয় (Related to defence) তথ্য লাভ (Getting information) কৰিছিল।
তথ্য ফাদিল কৰাৰ বাবে জম্মু-কাশ্মীৰ আৰক্ষীয়ে সেনা বিষয়াগৰাকীৰ পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেলেংগানাৰ বাসিন্দা বিষয়াগৰাকী বৰ্তমান কৰ্মসূত্ৰে জম্মু-কাশ্মীৰত আছে। তেওঁৰ পত্নীৰ বিৰুদ্ধে জম্মুৰ গান্ধীনগৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে চীনৰ একাংশ হেণ্ডলাৰে সেনা বিষয়াগৰাকীৰ পত্নীৰ সৈতে নিজকে শিক্ষাবিদ হিচাপে পৰিচয় দিছিল। চীনা হেণ্ডলাৰসকলে এই তথ্য সংগ্ৰহ কৰিছিল যে সেনা বিষয়াজনৰ পত্নী এগৰাকী লেখিকা। ইয়াৰ পিছত তেওঁলোকে এখন ফান্দ পাতে।

ইয়াৰ মাজতে সেনা বিষয়াগৰাকীৰ পত্নীৰ সৈতে শিক্ষা সম্পৰ্কীয় বিভিন্ন তথ্যৰ আদান-প্ৰদান কৰি ভাৰতৰ ভূ-ৰাজনৈতিক আৰু কৌশলগত অৱস্থাৰ ওপৰত প্ৰতিবেদন লিখিবলৈ কয়। তেওঁ সেই অনুসৰি লিখিছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে তেওঁক প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়ৰ প্ৰতিবেদন লিখিবলৈ কোৱা হৈছিল। সেনা বিষয়াগৰাকীৰ পত্নীয়ে এনেদৰে অজানিতে চীনা হেণ্ডলাৰৰ জালত ভৰি দিছিল।
এই বিষয়টো ভাৰতীয় চোৰাংচোৱা সংস্থাৰ দৃষ্টিগোচৰ হয়। লগে লগে জম্মু-কাশ্মীৰ আৰক্ষীক সতৰ্ক কৰি দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে চোৰাংচোৱাগিৰি আৰম্ভ কৰে। অৱশেষত সেনা বিষয়াগৰাকীৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়।













