ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

জুবিন দাৰ ন্যায়ৰ দাবীত অভয়াপুৰীৰ পিৰাধৰাত ৬০০০ মাটিৰ চাকি

News Desk by News Desk
November 9, 2026
Reading Time: 1 min read
A A
0
Zubeen Garg health condition : জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ, জনালে চিকিৎসকে

RELATED POSTS

দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ পাঁচ স্থানত ভয়ংকৰ অগ্নিকাণ্ড

বৰপেটাৰোডৰ গহনা দোকানৰ পৰা প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক মূল্যৰ সোণ

Drugs seized I টিহুত ড্ৰাগছৰ ঘাটি উৎখাত

New Logo Smal 1 | ASSAM TIMES POST

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ (Zubeen Garg) ন্যায়ৰ দাবীত এইবাৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিলে অভয়াপুৰীৰ এদল যুৱকে। দীপাৱলীৰ পোহৰেৰে জীপাল হৈ উঠিল অভয়াপুৰীৰ পিৰাধৰাৰ বুঢ়ী আই থান। ৬০০০ মাটিৰ চাকি প্ৰজ্বলনেৰে প্ৰিয় শিল্পীগৰাকীক স্মৰণ কৰাৰ লগতে ন্যায়ৰ দাবী উত্থাপন কৰিলে যুৱকসকলে।

Zubeen Garg
জুবিন দাৰ ন্যায়ৰ দাবীত অভয়াপুৰীৰ পিৰাধৰাত ৬০০০ মাটিৰ চাকি:

জুবিন গাৰ্গে এসময়ত এগৰাকী সাংবাদিকৰ সৈতে হোৱা কথোপকথনত কৈছিল, “অসম মানে চাহ, গঁড় আৰু জুবিন।” শিল্পীগৰাকীৰ এই কথাষাৰক মূল বিষয়বস্তু হিচাপে লৈ এইবাৰ পিৰাধৰাৰ বুঢ়ী আই থানত আয়োজন কৰা হয় এক বিশেষ দীপাৱলী উদযাপনৰ।

কেৱল এদিনৰ আয়োজন নহয়, এই ব্যতিক্ৰমী দৃশ্যৰ আঁৰত আছে ২০ গৰাকী যুৱকৰ ২০ দিনৰ অক্লান্ত পৰিশ্ৰম। দিনে-নিশাই একাকাৰ কৰি যুৱককেইজনে প্ৰস্তুত কৰি উলিয়াইছে ৬০০০ মাটিৰ চাকি। প্ৰতিটো চাকি সজাই-পৰাই এক বিশেষ ৰূপত উপস্থাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিশ্ৰম আৰু নিষ্ঠাই অনুষ্ঠানটোক কৰি তুলিছে অধিক আকৰ্ষণীয়।

হাজাৰ হাজাৰ চাকিৰ পোহৰত আলোকিত হৈ পৰা থানৰ চৌহদত সৃষ্টি হয় এক আৱেগিক পৰিৱেশ। চাকিৰ পোহৰৰ মাজেৰে যেন প্ৰতিফলিত হয় জুবিন গাৰ্গৰ প্ৰতি থকা মানুহৰ অকৃত্ৰিম ভালপোৱা, শ্ৰদ্ধা আৰু তেওঁৰ ন্যায় লাভৰ প্ৰত্যাশা।

উল্লেখযোগ্য যে অভয়াপুৰীত দীপাৱলী উদযাপনৰ ক্ষেত্ৰতো এক বিশেষ পৰম্পৰা গঢ়ি উঠিছে। প্ৰতিবছৰে একোটা ভিন্ন বিষয়বস্তু নিৰ্বাচন কৰি ব্যতিক্ৰমী ধৰণে দীপাৱলী পালন কৰি আহিছে ইয়াৰ উদ্যোক্তাসকলে। কেৱল পোহৰৰ উৎসৱ হিচাপেই নহয়, সামাজিক, সাংস্কৃতিক আৰু সমসাময়িক বিষয়ক প্ৰতিফলিত কৰাৰ এক মাধ্যম হিচাপেও তেওঁলোকে দীপাৱলীক ব্যৱহাৰ কৰি আহিছে।

এইবাৰ সেই আয়োজনৰ কেন্দ্ৰবিন্দু অসমৰ সংগীত জগতৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। ৬০০০ মাটিৰ চাকিৰ পোহৰেৰে যুৱকসকলে দাঙি ধৰিলে এক বিশেষ বাৰ্তা—জুবিন কেৱল এজন শিল্পীয়েই নহয়, তেওঁ অসমীয়াৰ আৱেগ, পৰিচয় আৰু আত্মাৰ এক অবিচ্ছেদ্য অংশ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অভয়াপুৰীৰ পিৰাধৰাত ৬০০০ মাটিৰ চাকিজুবিন দাৰ ন্যায়ৰ দাবীত
Share4Tweet3Send

Related Posts

দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ পাঁচ স্থানত ভয়ংকৰ অগ্নিকাণ্ড
Assam

দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ পাঁচ স্থানত ভয়ংকৰ অগ্নিকাণ্ড

by News Desk
November 9, 2026
50
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
Assam

বৰপেটাৰোডৰ গহনা দোকানৰ পৰা প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক মূল্যৰ সোণ

by News Desk
November 7, 2026
51
Drugs seized I টিহুত ড্ৰাগছৰ ঘাটি উৎখাত
Assam

Drugs seized I টিহুত ড্ৰাগছৰ ঘাটি উৎখাত

by News Desk
November 7, 2026
53
Assam CM Inaugurates Dharapur Kali Temple, Announces Rs 20 Lakh Aid
Assam

Assam CM Inaugurates Dharapur Kali Temple, Announces Rs 20 Lakh Aid

by ASSAM TIMES POST
November 6, 2026
53
Lumding rail station I লামডিঙৰ পাথৰখোলা ৰে’ল ষ্টেচনত বিদ্যুৎ পৰিবাহী তাঁৰত ধৰি আত্মহত্যাৰ চেষ্টা বিহাৰৰ যুৱকৰ
Assam

Lumding rail station I লামডিঙৰ পাথৰখোলা ৰে’ল ষ্টেচনত বিদ্যুৎ পৰিবাহী তাঁৰত ধৰি আত্মহত্যাৰ চেষ্টা বিহাৰৰ যুৱকৰ

by News Desk
November 6, 2026
51
Dibrugarh Oil farm blast I ডিব্ৰুগড়ৰ টেঙাখাতত এইল ইণ্ডিয়াৰ টেংক ফাৰ্মত বিস্ফোৰণত এজনৰ মৃত্যু
Assam

Dibrugarh Oil farm blast I ডিব্ৰুগড়ৰ টেঙাখাতত এইল ইণ্ডিয়াৰ টেংক ফাৰ্মত বিস্ফোৰণত এজনৰ মৃত্যু

by News Desk
November 6, 2026
51
ADVERTISEMENT
Zubeen Garg health condition : জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ, জনালে চিকিৎসকে
Assam

জুবিন দাৰ ন্যায়ৰ দাবীত অভয়াপুৰীৰ পিৰাধৰাত ৬০০০ মাটিৰ চাকি

November 9, 2026
50
দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ পাঁচ স্থানত ভয়ংকৰ অগ্নিকাণ্ড
Assam

দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ পাঁচ স্থানত ভয়ংকৰ অগ্নিকাণ্ড

November 9, 2026
50
দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি
KARBI ANGLONG

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

November 8, 2026
60
৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ
Sports News

৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ

November 7, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Garg health condition : জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ, জনালে চিকিৎসকে

জুবিন দাৰ ন্যায়ৰ দাবীত অভয়াপুৰীৰ পিৰাধৰাত ৬০০০ মাটিৰ চাকি

November 9, 2026
দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ পাঁচ স্থানত ভয়ংকৰ অগ্নিকাণ্ড

দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ পাঁচ স্থানত ভয়ংকৰ অগ্নিকাণ্ড

November 9, 2026
দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

November 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d