
অহা ১৬ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ ফিলিপাইনছৰ ৰাজধানী মেনিলাত অনুষ্ঠিত হ’ব ৪৯ সংখ্যক এছিয়ান সন্মিলন। তাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi)। এই কথা বৃহস্পতিবাৰে ঘোষণা কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (পূব) ৰুড্ৰেন্দ্ৰ টেণ্ডনে কয় যে প্ৰধানমন্ত্ৰীয়ে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰৰ অধ্যক্ষতাত মেনিলাত অনুষ্ঠিত হ’বলগীয়া ২১ সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰিব।

পূব এছিয়া শীৰ্ষ সন্মিলনত বৰ্তমান ১৯ খন সদস্য ৰাষ্ট্ৰ আছে। ইয়াৰে ১১ খন দেশ এছিয়ানৰো সদস্য। সেইবোৰ হ’ল ব্ৰুনাই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড, পূব টিমোৰ আৰু ভিয়েটনাম। ইয়াৰ উপৰি ৮ খন সহযোগী দেশ ভাৰত, ৰাছিয়া, আমেৰিকা, অষ্ট্ৰেলিয়া, চীন, জাপান, নিউজীলেণ্ড আৰু দক্ষিণ কোৰিয়াই পূব এছিয়া সন্মিলনত অংশগ্ৰহণ কৰিব। এইবাৰৰ এছিয়ান সন্মিলনৰ মূল বিষয়বস্তু হৈছে ‘নেভিগেটিং আৱাৰ ফিউচাৰ, টুগেদাৰ’ (আমাৰ ভৱিষ্যতৰ বাবে এক যৌথ দিশ)। দ্বীপ ৰাষ্ট্ৰ ফিলিপাইনছ আৰু এছিয়ান অঞ্চলৰ সাগৰীয় পথসমূহ বিশ্ব বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।
গতিকে ‘নেভিগেটিং’ শব্দটো প্ৰতীকী অৰ্থত বাছনি কৰা হৈছে। মূল সন্মিলনৰ লগতে ১৭ নৱেম্বৰত ‘১৬ সংখ্যক এছিয়ান মেৰিটাইম ফোৰাম’ আৰু ১৮ নৱেম্বৰত ‘১৪ সংখ্যক এক্সপেণ্ডেণ্ট এছিয়ান মেৰিটাইম ফোৰাম’ অনুষ্ঠিত হ’ব। তাত আলোচনাৰ মূল কেন্দ্ৰবিন্দু হ’ব সুস্থিৰ বাণিজ্যিক জাহাজ চলোৱা। ইয়াৰ উপৰি আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এছিয়ান শীৰ্ষ সন্মিলনৰ উপৰি মেনিলাত মোদী, জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচি আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ সৈতে কোৱাডৰ (চাৰিখন দেশৰ সামৰিক মিত্ৰজোঁট) বৈঠকো অনুষ্ঠিত কৰিব পাৰে।









