
দুলীয়াজানত শেহতীয়াকৈ সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ (Duliajan triple murder) মূল অভিযুক্ত আৰক্ষীৰ হাতত ধৰা পৰিছে। এই চাঞ্চল্যকৰ ‘ট্ৰিপল মাৰ্ডাৰ’ ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে ঘটনাৰ দুই মূল অভিযুক্তক মঙলবাৰে আৰক্ষীয়ে শিমলুগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁলোকে হত্যাকাণ্ড সংঘটিত কৰি ৰে’লেৰে পলাই যাবলৈ চেষ্টা কৰিছিল। অৱশেষত মৰাণ আৰু সোণাৰি আৰক্ষীৰ যুটীয়া প্ৰচেষ্টাত শিমলুগুৰি ৰে’ল ষ্টেচনৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইফালে আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দুলীয়াজানৰ চন্দ্ৰকান্ত ভূঞাৰ পৰিয়ালক হত্যা কৰাৰ কথা আৰক্ষীৰ জেৰাত দুই অভিযুক্তই স্বীকাৰ কৰিছে৷ উল্লেখ্য যে যোৱা ১৭ নৱেম্বৰত নিজৰ ঘৰৰ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছিল চন্দ্ৰকান্ত ভূঞা, পত্নী এলিজা ভূঞা আৰু কন্যা নিহাৰিকা ভূঞাৰ মৃতদেহ। এই হত্যাকাণ্ডৰ দুই মূল অভিযুক্ত হৈছে অমিৰ দাস আৰু ৰাজু দাস।

ইয়াৰে ৰাজু দাস বিগত কেইবা বছৰো ধৰি চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল। উল্লেখ্য যে অভিযুক্তই প্ৰথমে চন্দ্ৰকান্ত ভূঞাৰ পত্নী এলিজা ভূঞা, তাৰ পিছত কন্যা নিহাৰিকা ভূঞা আৰু শেষত চন্দ্ৰকান্ত ভূঞাক লোৰ ৰ’ড আৰু হাতুৰীৰে কোবাই অতি নিৰ্মমভাৱে হত্যা কৰে বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে৷ ইফালে গ্ৰেপ্তাৰৰ সময়ত দুই অভিযুক্তৰ পৰা আৰক্ষীয়ে প্ৰায় ১৫ হাজাৰ টকা নগদ ধন, প্ৰায় আঢ়ৈ লাখ টকাৰ সোণ-ৰূপৰ গহনা আৰু তিনিটা মোবাইল ফোন জব্দ কৰাৰ বাবে এই হত্যাকাণ্ড ডকাইতিৰ উদ্দেশ্যে কৰা বুলি আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান। দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত মৰাণ আৰক্ষী থানাত প্ৰায় ৩ ঘণ্টা জেৰা চলাই ডিব্ৰুগড়লৈ লৈ যোৱা হয়৷
আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ৰাজু দাসে বিগত কেইবা বছৰো ধৰি চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ভাৰাতীয়া আৰু কেয়াৰটেকাৰ হিচাপে কাম কৰাৰ ফলত ঘৰখনৰ সকলো দিশ তেওঁৰ নখ দৰ্পণত আছিল৷ ফলত সহযোগী অমিৰ দাসৰ সৈতে মিলি ৰাজু দাসে অতি নৃশংসভাৱে এই হত্যাকাণ্ডটো সংঘটিত কৰিব পাৰিছিল। উল্লেখ্য যে চন্দ্ৰকান্ত ভূঞাক ড্ৰয়িং ৰুমত, পত্নীক পাকঘৰৰ মজিয়াত আৰু কন্যাক আন এটা কোঠাত দুই অভিযুক্তই লোহাৰ ৰ’ড আৰু চোকা অস্ত্ৰৰে অতি নৃশংসভাৱে হত্যা কৰাৰ লগতে চন্দ্ৰকান্ত ভূঞাৰ হাতৰ সোণৰ আঙুঠি আৰু আলমাৰিৰ পৰা সোণৰ অলংকাৰ লুট কৰি নিছিল। ইফালে চন্দ্ৰকান্ত ভূঞাৰ পৰিয়ালে জনোৱা মতে, ৰাজু দাসে চন্দ্ৰকান্ত ভূঞাক প্ৰায় ৬০ হাজাৰ টকা দিব আছিল। অৱশ্যে এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।













