
বিছলেৰীৰ খোৱাপানীৰ (Bislari Water) নমুনাত সম্ভাৱ্য কাৰ্চিনোজেনৰ উপস্থিতি ধৰা পৰিছে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষই দেওবাৰে বিছলেৰী ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ অনুমোদন জনায়। পৰীক্ষাগাৰত দ্বিতীয়বাৰৰ বাবে পৰীক্ষা কৰাৰ পিছতো কোম্পানীটোৰ পেকেজিং খোৱাপানীৰ নমুনা অসুৰক্ষিত বুলি ধৰা পৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। কিন্তু খাদ্য নিয়ন্ত্ৰক এফএছএছএআয়ে বিশেষভাৱে উল্লেখ কৰা নাই যে বিছলেৰীৰ কোন ধৰণৰ পেকেজিঙত পৰীক্ষাগাৰৰ পৰীক্ষাত অসুৰক্ষিত বুলি ধৰা পৰিছে।

ছ’চিয়েল মিডিয়াত এটা পোষ্টত খাদ্য নিয়ন্ত্ৰক সংস্থাটোৱে কয় যে ‘খাদ্য সুৰক্ষা আৰু মানক (এফএছএছ) আইন, ২০০৬’ৰ অধীনত পেকেজিং খোৱাপানীৰ সৈতে জড়িত নিয়ম উলংঘা কৰাৰ বাবে বিছলেৰী ইণ্টাৰনেশ্যনেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা বা গোচৰত অনুমোদন জনাইছে। এফএছএছএআয়ে কয় যে তেওঁলোকে বিছলেৰী ইণ্টাৰনেশ্যনেলৰ ‘পেকেজিং খোৱাপানী’ৰ (মিনাৰেল ৱাটাৰ নহয়) নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে। প্ৰাৰম্ভিক পৰীক্ষাত দেখা গ’ল যে নমুনাত ব্ৰমেটৰ মাত্ৰা নিৰ্ধাৰিত সীমাতকৈ বেছি। ইয়াৰ পিছত সংস্থাটোৰ অনুৰোধত দ্বিতীয় ৰাউণ্ডৰ নমুনাও পৰীক্ষা কৰা হয়। দাবী কৰা হৈছে যে সেই নমুনাতো ব্ৰমেটৰ মাত্ৰা নিৰ্ধাৰিত সীমাৰ ভিতৰত নাছিল, যাৰ বাবে ইয়াক ‘খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬’ৰ অধীনত ‘অসুৰক্ষিত’ বুলি ঘোষণা কৰা হয়। আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ গৱেষণা সংস্থা আৰু আমেৰিকাৰ ইপিএকে ধৰি বিশ্বৰ বিভিন্ন স্বাস্থ্য আৰু পৰিৱেশ সংস্থাই ব্ৰমেটক মানুহৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা উপাদান হিচাপে চিনাক্ত কৰিছে।
ফলত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, যদি বিছলেৰীৰ দৰে প্ৰখ্যাত কোম্পানী এটাৰ খোৱাপানীত এনে উপাদান পোৱা যায়, তেন্তে ষ্টেচন-বাছ চৌহদত বা ৰে’ল-বাছত মানুহে কিনি খোৱা পানীৰ মানদণ্ড কি হ’ব?
বিছলেৰী ইণ্টাৰনেশ্যনেলৰ উপৰি বসন্ত মচলা প্ৰাইভেট লিমিটেড, টিট-বিট ফুডছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, মীমাংসা ইণ্ডাষ্ট্ৰীজকে ধৰি আন কেইবাটাও কোম্পানীৰ বিৰুদ্ধে এফএছএছএআয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। কোম্পানীকেইটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অনুমতিও দিয়া হৈছে। নিয়ম-নীতি পালন নকৰাৰ বাবে নিয়ন্ত্ৰক সংস্থাটোৱে উৰ্মি লাইফছায়েন্সেছ এলএলপি আৰু গৌৰ আয়ুৰ্বেদিক ষ্ট’ৰৰ অনুজ্ঞাপত্ৰও স্থগিত ৰাখিছে। আন এক পদক্ষেপত এফএছএছএআয়ে আশা কনফেকচনেৰীৰ বিৰুদ্ধে প্ৰডাক্ট ৰিকাল অৰ্ডাৰ জাৰি কৰি কোম্পানীটোক প্ৰি-পেকেজ কৰা চকলেট ভৰ্তি কুকিজ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ কয় কাৰণ সেইবোৰো ‘অসুৰক্ষিত’ বুলি ধৰা পৰা হৈছে।
উল্লেখযোগ্য যে এই বছৰ এফএছএছএআয়ে খাদ্য ব্যৱসায় অপাৰেটৰ (এফবিঅ’) আৰু ই-কমাৰ্চ কোম্পানীসমূহৰ বিৰুদ্ধে বলবৎকৰণ বৃদ্ধি কৰিছে। এনাৰ্জী ড্ৰিংকছ আৰু এলক’হলিক ড্ৰিংকছ নিৰ্মাতাসকলৰ বিৰুদ্ধেও অভিযান তীব্ৰতৰ কৰি তুলিছে ।








