
ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ (Dhruv Rathi) বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আদালতে। ২০১৮ চনৰ পৰা এটা অপৰাধমূলক মানহানিৰ গোচৰত অভিযুক্ত ধ্ৰুৱ ৰাথী। সোমবাৰে দিল্লীৰ আদালতে সেই গোচৰত ধ্ৰুৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে অক্টোবৰ মাহত এই গোচৰত জনপ্ৰিয় ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। ২০১৮ চনৰ মে’ মাহত বিকাশ সাংকৃত্যায়ন ওৰফে বিকাশ পাণ্ডেয়ে ধ্ৰুৱৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।
অভিযোগকাৰীৰ এটা ছ’চিয়েল মিডিয়া পেজ আছে। তেওঁ নিজকে ‘ৰাজনৈতিক স্বেচ্ছাসেৱক’ বুলিও দাবী কৰে। বিকাশে অভিযোগ কৰে যে ধ্ৰুৱৰ ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ই তেওঁক বদনাম কৰিছে।
অভিযোগকাৰীয়ে দাবী কৰে যে ধ্ৰুৱই বিজেপিৰ আই টি চেলৰ সৈতে জড়িত বুলি দাবী কৰিছিল। ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ তেওঁ এজন ব্যক্তিক উৎকোচৰ প্ৰস্তাৱ দিছিল বুলিও ধ্ৰুৱৰ ভিডিঅ’ত দাবী কৰা হৈছিল। বিকাশৰ মতে, ধ্ৰুৱৰ ভিডিঅ’ত যি দাবী উত্থাপন হৈছে সেয়া সম্পূৰ্ণ মিছা আৰু ইয়াৰ ফলত তেওঁৰ মানহানি হৈছে।
এই গোচৰত আদালতে প্ৰথমবাৰৰ বাবে ২০১৯ চনৰ জুলাই মাহত ধ্ৰুৱক চমন কৰিছিল। কিন্তু যিহেতু তেওঁ অষ্ট্ৰিয়াত বাস কৰিছিল, সেয়েহে আইনী প্ৰক্ৰিয়া কেইবা বছৰ পলম হৈছিল। চলিত মাহৰ আৰম্ভণিতে অভিযোগকাৰীৰ অধিবক্তা সমক্ষ শৰ্মাই আদালতত জৰুৰী আবেদন দাখিল কৰি ধ্ৰুৱ সম্প্রতি ভাৰতত উপস্থিত হোৱা বুলি উল্লেখ কৰে৷
ইয়াৰ পিছত এই গোচৰে নতুন গতি লাভ কৰে। ১৭ অক্টোবৰত আদালতে ধ্ৰুৱৰ বিৰুদ্ধে জামিনযোগ্য পৰোৱানা জাৰি কৰিছিল। কিন্তু অষ্ট্ৰিয়াত থকা তেওঁৰ ঠিকনালৈ প্ৰেৰণ কৰা হৈছিল। ফলত এই পৰোৱানা কাৰ্যকৰী নহ’ল।
পিছত ৩১ অক্টোবৰত পুনৰ জামিনযোগ্য পৰোৱানা জাৰি কৰা হয় ধ্ৰুৱৰ বিৰুদ্ধে। এইবাৰ ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয়। উল্লেখ্য যে শেহতীয়াকৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চলি থকা প্ৰতিবাদত যোগ দিবলৈ ধ্ৰুৱ ভাৰতলৈ আহিছিল। ১০ অক্টোবৰত তেওঁ যন্তৰ-মন্তৰ অভিমুখে প্ৰতিবাদী সমদলৰ নেতৃত্ব দিয়াৰ কথা আছিল।
কিন্তু তাৰ পূৰ্বে সতৰ্কতামূলক ব্যৱস্থা হিচাপে আৰক্ষীয়ে তেওঁক প্ৰায় ২০ ঘণ্টা ধৰি আটক কৰি ৰাখিছিল। মুক্তিৰ পাছত ধ্ৰুৱ ভাৰত এৰি বহিঃৰাষ্ট্ৰলৈ যায়। লণ্ডনৰ সংসদ চৌহদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বহিঃৰাষ্ট্ৰৰ ভাৰতীয়ৰ প্ৰতিবাদৰ নেতৃত্ব দি ভাৰতীয় নিৰ্বাচন আয়োগ আৰু আৰক্ষীৰ ভূমিকাক সমালোচনা কৰে।










