
পোছাক সলনি কৰি একেগৰাকী মহিলাই, একেখন আসনৰ পৰা তিনিবাৰকৈ মনোনয়ন পত্ৰ দাখিল (Election nomination) কৰে। প্ৰথমে কংগ্ৰেছৰ বাবে, তাৰ পিছত বিজেপিৰ বাবে আৰু শেষত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। আচৰিত কথা যে তিনিওখন মনোনয়নেই গ্ৰহণো কৰা হ’ল। আনকি তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাও কৰে।

এই আজৱ ঘটনা ৰাজস্থানৰ গাঁও পঞ্চায়ত নিৰ্বাচনত সংঘটিত হয়। এই ঘটনাই ইতিমধ্যে আলোড়নৰ সৃষ্টি কৰিছে। কিন্তু লগতে প্ৰশ্ন উত্থাপন হৈছে, একেখন আসনৰ পৰাই একেগৰাকী মহিলাই কেনেকৈ তিনিটা দলৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰিলে? এই ভুলটো তদন্তত ধৰা পৰা নাছিল নেকি?
সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, ভাটি কুমাৰী নামৰ মহিলাগৰাকীয়ে তেওঁৰ মনোনয়ন, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আৰু অৱশেষত জয়ী হোৱাক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে। শেহতীয়াকৈ মহিলাগৰাকীৰ তিনিটা ভিডিঅ’ জনসাধাৰণৰ মাজলৈ আহিছে। প্ৰথম ভিডিঅ’টোত ভাটীয়ে ৰঙা শাৰী পিন্ধি মনোনয়ন-পত্ৰ দাখিল কৰিবলৈ গৈছিল।
তেওঁৰ লগত আছিল প্ৰাক্তন বিধায়ক ৱাজিব আলী। কংগ্ৰেছৰ বাবে মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁৰ মুখখন শাৰীৰে ঢাকি ৰাখিছিল। কেইমিনিটমান পিছত ভাটীয়ে পুনৰ মনোনয়ন দাখিল কৰিবলৈ যায়। অৱশ্যে এইবাৰ পোছাক সলনি কৰিলে। পিন্ধিছিল সেউজীয়া চেলোৱাৰ। তেওঁৰ মুখখন ওৰণিৰে ঢাকি থোৱা আছিল।
সেই সময়ত স্থানীয় বিজেপি বিধায়ক জৱাহৰ সিং বেধম তেওঁৰ লগত আছিল। বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে ভাটীয়ে। কিছুসময়ৰ পাছত আকৌ কাপোৰ সলাই আকৌ আহে। এইবাৰ পিন্ধিছিল হালধীয়া ৰঙৰ শাৰী। তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। অৱশ্যে এইবাৰ তেওঁৰ মুখখন ওৰণিৰে ঢাকি থোৱা নাছিল।
ৰাজস্থানৰ ডিগ পঞ্চায়ত অঞ্চলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন দাখিল কৰে ভাটীয়ে। তেওঁৰ শহুৰেক অৰ্জুন প্ৰধান ব্ৰজনগৰ পঞ্চায়ত সমিতিৰ প্ৰাক্তন সভাপতিৰ দায়িত্বত আছিল। নিৰ্বাচনী ব্যৱস্থাৰ তদাৰকত তেৱেঁই আছিল। অৱশেষত বিজেপিৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰে ভাটীয়ে।
প্ৰতিবেদন অনুসৰি, কোনো দলৰ টিকটত জয়ী হোৱাৰ আত্মবিশ্বাস নাছিল ভাটীৰ। সেইবাবেই তেওঁ আৰু দুবাৰ মনোনয়ন দাখিল কৰে। নিয়ম অনুসৰি এজন প্ৰাৰ্থীয়ে এটা ৱাৰ্ড বা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সৰ্বাধিক চাৰিখন মনোনয়ন-পত্ৰ দাখিল কৰিব পাৰে।
অৱশ্যে তেওঁ এটা ৰাজনৈতিক দল বা নিৰ্দলীয় হিচাপেহে প্ৰতিনিধিত্ব কৰিব পাৰে। দুটা ভিন্ন ৰাজনৈতিক দলৰ পৰা মনোনয়ন দাখিল কৰি আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভাটীয়ে কেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল সেই সন্দৰ্ভত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে।










