মুম্বাইৰ ঘাটকোপাৰ ষ্টেচনত এগৰাকী বৃদ্ধাক ধৰ্ষণৰ অভিযোগ (Old age woman rape)। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বৃদ্ধাগৰাকীয়ে কামৰ অন্তত ঘৰলৈ উভতি যাবলৈ ৰে’ল ধৰিবলৈ ঘাটকোপাৰ ষ্টেচনলৈ গৈছিল। তেওঁৰ কন্যাও তেওঁৰ লগত আছিল। তেওঁলোকৰ ঘৰ খৰাৱল্লীত। দিনহাজিৰা কৰা শ্ৰমিক হিচাপে তেওঁ কাম কৰে। সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত মাতৃ-কন্যা ষ্টেচনত উপস্থিত হয়। ২ নম্বৰ প্লেটফৰ্মত ৰে’ল এখন ধৰিবলৈ ৰৈ আছিল। নিশা ১১.১২ বজাত বৃদ্ধাগৰাকী ষ্টেচনৰ শৌচাগাৰলৈ যায়। এক মিনিট পিছত সকলোৰে চকুত ধূলি দি এজন যুৱক শৌচাগাৰত প্ৰৱেশ কৰে।

ইয়াৰ পিছত তেওঁ শৌচাগাৰৰ দুৱাৰখন ভিতৰৰ পৰা মাৰি বৃদ্ধাগৰাকীক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, তেওঁক প্ৰহাৰ কৰা বুলিও অভিযোগ উঠিছে। ইয়াৰ পিছত শৌচাগাৰৰ পৰা ওলাই যুৱকজনে পলায়ন কৰে। কিছুসময়ৰ পাছত বৃদ্ধাগৰাকী শৌচাগাৰৰ পৰা ওলাই আহি কন্যাক এই বিষয়ে অৱগত কৰে। ইয়াৰ পিছত দুয়ো ৰে’ল আৰক্ষীৰ কাষ চাপে। তাৰ পৰাই ষ্টেচন মেনেজাৰ আৰু ৰে’লৱে প্ৰটেকচন ফ’ৰ্চক (আৰ পি এফ) খবৰ দিয়া হয়। ইফালে বৃদ্ধাগৰাকীয়ে ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। ৰে’ল আৰক্ষীয়ে জনোৱা মতে, ততাতৈয়াকৈ তেওঁৰ চিকিৎসা পৰীক্ষাৰ বাবে ৰাজাৱদী চিকিৎসালয়লৈ লৈ যোৱা হয়।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ষ্টেচনটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। তাতে এজন যুৱকক শৌচাগাৰত প্ৰৱেশ কৰা দেখা গৈছে। ইয়াৰ পিছত তেওঁ আকৌ ওলাই অহাও দেখা গৈছে। ফুটেজৰ পৰা অভিযুক্তক চিনাক্ত কৰা হৈছে। অভিযুক্তই শৌচাগাৰৰ পৰা ওলাই ঘাটকোপাৰ মেট্ৰ’ ষ্টেচনৰ ফালে যোৱা দেখা গৈছে। আৰক্ষীয়ে তেওঁক ধৰিবলৈ কেইবাটাও দল গঠন কৰিছে।









