ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home literature Poems

কবিতা

ASSAM TIMES POST by ASSAM TIMES POST
July 31, 2019
Reading Time: 5 mins read
A A
0
কবিতা

Untitled 1 | ASSAM TIMES POST

RELATED POSTS

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer

The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future

“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

তেজপুৰ মুঢ়া তেতেলি
ৰিঞ্জুমণি নেওগ বৰা

সাক্ষী মাথোঁ বৈভৱময় স্মৃতিৰ
কোনো এক প্ৰান্তীয় প্ৰদেশৰ
এক পুৰাতন পান্থনিৱাসৰ
কমল-পুষ্কৰিণীৰ পাৰত
তোমাৰ মোৰে পৰিচয় ঘটিছিল
হয়! পাইছোঁ চিনি তোমাক!
মোৰ মৰ্মৰ-জলকুম্ভৰ জলেৰে
তোমাৰ তৃষিত পৰাণ জুৰাইছিলা
চকুত চকু থৈ এক আত্মতৃপ্তিৰ
হাঁহিৰে উদ্ভভাসিত হৈ পৰিছিল তোমাৰ মুখমণ্ডল!
মোৰ দুচকুৰ
স্মৰণ-ছায়া-ফলকত
তোমাৰ সেই নয়নাভিৰাম
শালপ্ৰাংশু ৰূপৰ পুনৰ গমনাগমন!
কোন অজান দেশৰ
জিজ্ঞাসু প্ৰজ্ঞা-সন্ধানী তুমি!
জ্ঞানৰ তৃষ্ণা দুচকুত সানি
কত দেশ-দেশান্তৰ ঘূৰি
পুনৰ প্ৰত্যাবৰ্তন মোৰ স্থানলৈ-
আবেলি বেলিৰ ৰং মুখত সানি
আহিছিলা তুমি
কোনো নিপুণ চিত্ৰকৰৰ
তুলিকাৰ কিছু বক্ৰ ৰেখাৰে
অংকিত মুখ-মণ্ডল লৈ
দাঢ়ি চুলিত সানি লৈছিলা
ৰূপোৱালী ৰং
যেন আদিম সৌন্দৰ্যৰ
এক উৎকৃষ্টতম প্ৰতিভূ তুমি!
উদ্গ্ৰীৱ হৈ ৰৈছোঁ
সেই পুষ্কৰিণীৰ সোপান- মুখত
অধীৰ প্ৰতীক্ষা দুচকুত সানি
জন্ম-জন্মান্তৰৰ চিৰন্তন
অব্যক্ত প্ৰেমৰ নিবিড় আলাপত
একান্তে মগ্ন হ’বলৈ…
অৰ্ধশতকৰ প্ৰতীক্ষাৰ অন্তত
এইয়া তোমাৰ কঁপা হাতৰ বুলনি
মোৰ মৰ্মৰ মুখমণ্ডলত
মই একেই আছোঁ প্ৰিয়তম!
সৌন্দৰ্য সুষমাৰ হীন-দেঢ়ি নাই
হয়তো সময়ে সানি দিছে
কিছু মলিনতা দেহত
মইযে মৰ্মৰ মুৰ্ত্তি !!
তথাপি!!
একেই হাঁহি সানি ৰৈ আছোঁ
তোমাৰ চিৰন্তন প্ৰেমিকা হৈ…
পিছে এতিয়া তোমাৰ
তৃষা পলুৱাব পৰাকৈ
মোৰ মৰ্মৰ জলকুম্ভৰ জলেৰে
মই তোমাৰ তৃষিত আত্মাক
আত্মপৰিতৃপ্তি দিব নোৱাৰিম !!
সেই মন-প্ৰাণ জুৰ পেলোৱা
জলৰাশিৰ উৎস যে
শুকাই গ’ল প্ৰিয়তম!
মই মাথোঁ সাক্ষী হৈ পৰি ৰ’লোঁ
অতীতৰ সেই সমৃদ্ধি-বৈভৱৰ!
……………………………………….

ৰুদ্ধ প্ৰণালী
ড° বিজিত তালুকদাৰ

নখচন্দ্ৰৰ পোহৰত মুখখন জিলিকি উঠাৰ পৰত
শিলৰ চকুত দুটা ঘোঁৰা
চৰি থকা দেখিছিলো যোৱা ৰাতি দিঠকত

এটা ঘোঁৰা বগা
আনটো অন্ধকাৰ সনা ক’লা

এটা ঘোঁৰা মুকলি
আনটো চকুৰ চেলাউৰিত বন্ধা

মুকলি ঘোঁৰাটো চেঁকুৰি চেঁকুৰি গৈ
আঙুলিৰ মুৰ পাইছিল

আৰু দেখিছিল
নাতি দূৰত হেঁপাহৰ শুভ্ৰ জলপ্ৰপাতটো

কিন্তু সি পুনৰ চকুলৈ উভতি আহিছিল শেষ ৰাতি

কাৰণ হাত দুখন আছিল কঁকালতে বন্ধা ৷৷
ফোনঃ ৭০০২৭৩৯৪৭৩
…………………………..
শামুক ভঙা চৰাই
ৰঞ্জিত বৰা

আই
তাহানিতে সেই যে মোৰ টুলটুলীয়া পেটটো
যি দেখি ভুৰুকাৰ পানী
মাটি কঁঠালৰ কোঁহ খাবলৈ দিছিলি
আজিও সেই পেটটোৱেই অথন্তৰ আই

পেটটোৰ বাবেই অনামী সুখৰ প্ৰাৰ্থনাত ব্যস্ত
মজি থাকো নিয়ন লাইটৰ তলত
ৰসাল পাতৰ খঁকত
গতিৰ প্ৰতিটো স্তৰত হৈ পৰো পলু

মই মোৰেই আতোলতোল ডেউকাৰ তলত
সগৰ্বে থিয় দি থাকো
বজাৰৰ উত্তাপে চুব নোৱাৰে
সুখৰ প্ৰাৰ্থনাত ব্যস্ত জীৱনবোৰেও
ঢুকি নাপায় মোক

ৰ’দে মেলানি মগা সন্ধিয়াৰ প্ৰতি
মোৰ অসীম অনুৰাগ
কামুৰি কামুৰি গিলি পেলোৱা অট্তালিকাৰ শুশ্ৰুষাত,
কাঁচে বন্ধা পানীত
ঢৌ তুলি খেলি থকা আলহি মাছৰ কথকতাত
মই যে বিভোৰ

আই, তই ‘ৰাণী’ বোলা নাতিনী জনীয়ে
স্বাভাৱিক শাসন মানিব নোৱাৰে
গৰ্ভত সাঁচ পাতিবলৈ নিদিয়ে ভ্ৰুণক
অস্বাভাৱিক ৰং বিচাৰি তাই
লিভিং টুগেদাৰ

গৰ্ভ নিৰোধক বড়িৰ উদং ফাইল বোৰৰ দ’ৰে
পিতা মই,
মাথোঁ নিৰ্ভয়যোগ্য অৱলম্বন, নিৰাপদ আশ্ৰয়

আই, আঘোনৰ সোনালী বতাহজাক
এতিয়া চাগে চোতান পাইছেহি
হয়তো জীৱনৰ সমস্ত সম্ভাৰ লৈ
আজিও ৰৈ আছে জীৱনৰ ৰং চোতালতে
আহৰি নাই মোৰ সমভাগী হৈ
গধুলিবোৰ কটাবলৈ
আমাৰ হেৰোৱা পৰিচয় পত্ৰ
নুফুলা ফুলৰ পাহিবোৰত বান্ধি দিবলৈ

জীয়া ৰংবোৰ নিলগাই মই মোক জ্বলাই দিছোঁ
নিজান কাঠিন্যত অসুখৰ ঋণী হ’লো
মূৰ্চ্ছা যোৱা হাঁহিবোৰ শৰীৰত গাঠি
অসুখকে সুখ বোলো, সুখক অসুখ
…………………………………..
সমস্যা
অনুপ অসমীয়া

সেইদিনাও ধৈৰ্য ধৰিব
মন কৰিব
প্ৰায়শ্চিত্তৰ বাটতেই
বিষাক্ত সময় থাকে
তেনে জীৱ থাকে
আৰু পাপিৰো সংজ্ঞা থাকে
সেয়ে ধৈৰ্য লাগে
আপোনাৰ চকুৰ আগত
পায়চাৰি কৰিব পাৰে
ছিটাবোৰৰ
তেল হালধীয়া পোহৰ
ধোঁ‌ৱা
ফাঁ‌চীৰ ৰছি, চিলিং ফেন
নৈৰ জাপ
দুখ নকৰিব
‘মৃত্যু এক শিল্প
জীৱনৰ কঠিন শিলত কটা
এক নিৰ্লোভ ভাস্কৰ্য!’
…………………………..
তুলিকাত প্ৰেমৰ ছবি
টেজেন হাজৰিকা

চিপচিপিয়া বৰষুণত ভিজা
তোমাৰ কজলা চুলিৰ ভাঁজত
মোৰ দৃষ্টিয়ে মুকুতা বিচাৰে,
সলাজ চাৱনিৰে ভৰা তোমাৰ
কৌতূহলি দৃষ্টিয়ে মোৰ হৃদয়ৰ
অন্তৰীক্ষত নতুন চিত্ৰপট আঁকে

মই জানো, তুমি অহাৰ বাটত
শেৱালিৰ মন-চঞ্চলা গোন্ধ
নূপুৰৰ মধুৰ গুঞ্জনত
তোমাৰ দুভৰিৰ পদধ্বনি

মোৰ মৌন হৃদয়ৰ নিভৃতত
বাঞ্ছিত গীতৰ অনুৰাগ
সপ্ত-ৰাগত বন্ধা
যেন বাগদেৱীৰ বীনাৰ ঝংকাৰ

চন্দ্ৰ-কলাৰ দৰে বাঢ়ি অহা
মোৰ মৰমৰ আবিৰে
তোমাৰ বুকুত সাজে
প্ৰেমৰ আলয়

নীলিম জলৰাশিত
অস্তগামী সুৰুযৰ দৰেই
তোমাৰ মনোৰম প্ৰতিচ্ছবি
জিলিকে মোৰ দুনয়নত

ফাগুনৰ সৰা পাতে নতুনৰ বতৰা
দিয়াৰ দৰে
মোৰ হৃদয়ত তোমাৰ প্ৰেমৰ
তুলিকাৰে অংকিত ছবিত
দেখিছো মই প্ৰতিশ্ৰুতিৰ বন্যা
অনুভৱে অনুভৱে জীপাল হ’ব
সৰগী সুষমা …
………………..
ভগ্ন হৃদয়ৰ বাসনা
ৰমা কান্ত দাস

জীৱনৰ আশ্ৰয়স্থল হেঁপাহৰ জুপুৰিটো
প্ৰৱলবানে নিলে উটুৱাই।
খেৰৰ চালিৰ কামিচঁটাত গুজি ৰখা
সেন্দুৰৰ পুৰীয়াটো ভাহি গৈ
শিৰৰ সেঁওতা কৰিলে উকা
শুভ্ৰ চাদৰখনে মেৰিয়াই ল’লে
বোকোচাত উমলি থকা পোনাটিক।
নিসংগ এতিয়া মই মুক্ত গগনৰ তলত
লোতক নিগৰাই থকা তৰাটিলৈ চাই।
বিষাদ আৰু যন্ত্ৰণাবোৰ হৃদয়ত বান্ধি
ব্যাকুল হিয়াই বিচাৰে মা শব্দটি।
যিটো শব্দই বিগলিত হৃদয়ত
আশাৰ সঞ্চাৰ কৰি দিব নৱজীৱন।
ৰাঙলী সূৰুযে সেঁওতাত বহিব,
আশাৰ প্ৰদীপ জ্বলি সংসাৰ পোহৰাব।
………………………….
সুগন্ধি বিলাস
চন্দনা ভাগৱতী

অৰণ্যত আদিম হোৱাৰ বাসনাৰে
বুকুত এজাক বৰষুণ
যেন, পোহৰৰ আলিংগন

অৰণ্যঘন সেউজীয়া
সুগন্ধি বিলাস
জীৱন ৰঙীনই
অনন্য সংলাপ

তুমি বসন্ত, মই প্ৰকৃতি
সাৰে থাকিম ওৰেৰাতি

বুকুত এবাৰ হাত দি চোৱা
সেউজীয়া হোৱাৰ কি সুতীব্ৰ বাসনা
বনৰ পশু পক্ষীৰো থাকে
বাসন্তিক উন্মাদনা

এপাহ ফুলেই যে
নিচুকাই থাকে সকলোকে।
……………………………..
মোৰ গানৰ জ্যোৎস্নাৰে উৰ্বৰা তুমি
গুপ্তজিৎ পাঠক

মোৰ গানৰ জ্যোৎস্নাৰে উৰ্বৰা তুমি
উমলি আছা এআকাশ মৌনতাত

প্ৰাণ আঁকি প্ৰাণৰ চাকিৰে
উজ্জ্বল সুউজ্জ্বল হৈ
কাৰ মমতাৰ তিৰবিৰণিত
কম্পমান প্ৰিয়তমাসু বসুন্ধৰা

কাৰ হাঁহিত প্লাৱিত অনেক
নক্ষত্ৰৰ গান
কাৰ সেউজীয়াত ডুবি থাকে
পোহৰৰ ছবি

কাৰ মাতৰ মমতাত উদীয়মান
জোনাকীৰ চাকি
………………….
মই এতিয়া ক’ত মৰো
জয়ন্ত শইকীয়া

মোৰ ঠিকনাটো
কেনেকৈ পাইছিল মই নাজানো
সি মোৰ বুকুৰ ঘৰখনত
এনেভাৱে থিতাপি ল’লে
মোৰ দৈনন্দিন টোকাবহীৰ
প্ৰতিটো পৃষ্ঠাতেই
এতিয়া কেৱল যুদ্ধৰ খবৰ
মই এতিয়া ক’ত মৰো
আজিকালি সি মোৰ একেবাৰে লগ নেৰে
যৌৱনে যেতিয়া প্ৰেমৰ ৰাগীত
বসন্তই উন্মনা কৰা গাভৰুজনীৰ
বুকুৰ উম বিচাৰিছিল
শৰতৰ সুবাসত
নিঁয়ৰ মুকুতা বুটলিব খুজিছিল
ধূলিৰে ধূসৰিত ফাগুণৰ
ৰং সানিব খুজিছিল
তেতিয়াই…
তেতিয়াই সি বাধা দিয়ে
স্বপ্নভংগত মই চটফটাও
যোৱাৰ তাৰিখটো সি মোক
কোনোদিনেই নক’লে
আত্মাৰ যাত্ৰাই হেনো
তাৰ যোৱাৰ তাৰিখ
য’ত গৈ সি সহবাস কৰিব
কেৱল মৃত্যুৰ স’তে ।

Untitled 2 1 | ASSAM TIMES POST

Share5Tweet3Send

Related Posts

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer
Stories

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer

by ASSAM TIMES POST
August 4, 2024
50
The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future
ALL NEWS

The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future

by ASSAM TIMES POST
June 26, 2024
50
“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”
Stories

“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

by ASSAM TIMES POST
April 14, 2024
50
“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”
Stories

“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”

by ASSAM TIMES POST
April 13, 2024
50
৩০০ টকাত চলিছিল পৰিয়াল! আজি ইউটিউবত ইংৰাজী শিক্ষা দি চৰকাৰী চাকৰিৰ তুলনাত অধিক উপাৰ্জন কৰিছে যশোদাই
Stories

৩০০ টকাত চলিছিল পৰিয়াল! আজি ইউটিউবত ইংৰাজী শিক্ষা দি চৰকাৰী চাকৰিৰ তুলনাত অধিক উপাৰ্জন কৰিছে যশোদাই

by ASSAM TIMES POST
February 13, 2024
50
“কলকাতাৰ হৃদয়ত নন্দিনী দিদিৰ সাম্ৰাজ্য: বিতৰ্ক আৰু ব্যৱসায়িক বিজয়ৰ কাহিনী”
Stories

“কলকাতাৰ হৃদয়ত নন্দিনী দিদিৰ সাম্ৰাজ্য: বিতৰ্ক আৰু ব্যৱসায়িক বিজয়ৰ কাহিনী”

by ASSAM TIMES POST
February 4, 2024
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx