ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?

News Desk by News Desk
October 29, 2020
Reading Time: 1 min read
A A
0
বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Retirement Readiness Index : অৱসৰৰ প্ৰস্তুতি সূচকাংকৰ শীৰ্ষত পূব ভাৰত, ৰাষ্ট্ৰীয় গড়তকৈ উৰ্ধ্বত অৱস্থান

নিউজ ডেস্কঃ

কোভিড পৰিবেশত গৃহবন্দী হৈ থকাত জন্মৰ হাৰ বৃদ্ধি হ’ব বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলে আশঙ্কা কৰিছে। কিন্তু ইণ্ডিয়ান ছ’চাইটি অব এছিষ্টেড ৰিপ্রডাকচন (আইএছএআৰ)ৰ হিচাব অনুযায়ী, ভাৰতত সন্তানহীন দম্পতিৰ সংখ্যা ক্রমশ বাঢ়িছে।

child5 | ASSAM TIMES POST

প্রতি ৬ যোৰা দম্পতিৰ এযোৰ সন্তানহীনতাৰ চিকাৰ। চহৰাঞ্চলত বন্ধ্যাত্বৰ হাৰ বেছি। আইএছএআৰৰ হিচাবত ২০১৯ চনত দেশত সন্তানহীন দম্পতিৰ সংখ্যা আছিল ২ কোটি ৭৫ লক্ষ। ছোৱালীবোৰেই প্রধানত বন্ধ্যাত্বৰ বাবে দায়ী, এই ভাবনাক সম্পূর্ণ ভুল প্রমাণিত কৰি পুৰুষসকলৰ মাজত সন্তান উৎপাদন ক্ষমতা ক্রমশ কমি গৈছে, এই দাবী বন্ধ্যাত্ব চিকিৎসকসকলৰ।

সমীক্ষাত জনা গৈছে যে নাৰীৰ তুলনাত ১.৫% বেছি বন্ধ্যাত্বৰ সমস্যা দেখা গৈছে পুৰুষসকলৰ মাজত। স্ত্রী ৰোগ বিশেষজ্ঞ অভিনিবেশ চট্টোপাধ্যায়ে জনায়, মহিলাসকলৰ পলিছিষ্টিক অভাৰিয়ান ডিজিজ, এন্ডোমেট্রিওছিছ, পেলভিক ইনফ্ল্যামেটৰি ডিজিজ আৰু জেনিটেল টিবিৰ বাবে বন্ধ্যাত্ব দেখা যায়। সঠিকভাবে ৰোগ নির্ণয় কৰি চিকিৎসাৰ সহায়ত সমস্যা আঁতৰোৱা যায়। পুৰুষসকলৰ সমস্যা হ’লে ‘মেল ইগো’ৰ কাৰণে এফালে চিকিৎসা কৰাত গাফিলতি কৰে, আনফালে অৱসাদ সৃষ্টি হয়।

child3 | ASSAM TIMES POST

অভিনিবেশে জনায়, সন্তান উৎপাদনত অক্ষম হ’লে কোনো কোনো মানুহে নিজৰ পৌৰুষত্ব সম্পর্কে নিজেই সন্দিহান হৈ অৱসাদত ভোগে। ইনফার্টিলিটি ফিজিচিয়ান ৰোহিত গুটগুটিয়াই জনায়, পিতৃ হ’ব নোৱাৰা আৰু পুৰুষত্বহীনতা একে নহয়। সন্তান উৎপাদনৰ বাবে নির্দিষ্ট পৰিমাণত সুস্থ স্বাভাৱিক আৰু গতিশীল শুক্রাণুৰ প্রয়োজন। শুক্রাণুৰ অভাৱতেই সন্তান জন্মত অসুবিধা হয় বুলি তেওঁ কয়।

পুৰুষত্বহীনতা হ’ল স্বামী-স্ত্রীৰ যৌন সম্পর্ক স্থাপনত অক্ষমতা। ইয়াৰ চিকিৎসা বিজ্ঞানৰ নাম ছেক্সুৱেল ডিজফাংচন। শিশু ল’ৰাসকল যেতিয়া যৌৱনত উপনীত হয় তেতিয়াৰ পৰাই থেকেই টেষ্টিছ বা শুক্রথলিৰ পৰা অবিৰত শুক্রাণু সৃষ্টি হ’বলৈ আৰম্ভ কৰে।

child2 | ASSAM TIMES POST

প্রতিদিনে প্রায় ১২ কোটিৰ অধিক শুক্রাণু সৃষ্টি হয়। কোষৰ নিউক্লিয়াছৰ ভিতৰত আছে ২৩টি ক্রমোজম। যাৰ ভিতৰত এটি হ’ল ছেক্স ক্রমোজম। ইয়েই স্থিৰ কৰি দিয়ে ল’ৰা হ’বনে ছোৱালী হ’ব। শুক্রাণুৰ মধ্যাঞ্চলত শৰীৰৰ ভিতৰত আছে মাইটোকনড্রিয়া, ই হ’ল সন্মুখৰ ফালে আগুৱাই যোৱাৰ বাবে প্রয়োজনীয় শক্তিৰ উৎস। শুক্রাণুৰ সমস্যা হ’লে চিকিৎসা আৰম্ভ কৰাৰ পিছত সি কার্যকৰী হ’বলৈ প্রায় তিনি মাহ সময় লাগে।

পুৰুষৰ বন্ধ্যাত্বত এজোস্পার্মিয়া, অলিগোস্পার্মিয়া, এস্থেনোস্পার্মিয়া, টেৰাটোস্পার্মিয়া বা স্পার্মৰ ইনফেকচন এই সকলোৱেই চিকিৎসাৰ সহায়ত স্বাভাৱিক কৰাৰ চেষ্টা কৰা হয়। ইয়াৰ উপৰি ইৰেকটাইল ডিজফাংচন বা ইজাকুলেচনৰ সমস্যা থাকিলে তেওঁৰ চিকিৎসাও ইনফার্টিলিটি ফিজিচিয়ানসকলে কৰে। প্রথমে ৰোগৰ কাৰণ জনাৰ বাবে প্রয়োজনীয় পৰীক্ষা কৰি তাৰ পিছতহে চিকিৎসা আৰম্ভ কৰা হয়।

child1 | ASSAM TIMES POST

শুক্রাণুৰ সংক্রমণ হ’লে তাৰ ক্ষমতা লোপ পায়। ফলত বন্ধ্যাত্ব অৱধাৰিত। ঔষধৰ সহায়ত শুক্রাণুৰ সংক্রমণ আঁতৰোৱা যায়। কিছু ক্ষেত্রত শুক্রাণুৰ কাউন্টও বৃদ্ধি কৰা সম্ভৱ হয়। কিন্তু শুক্রথলি বা টেষ্টিছৰ কার্যকাৰিতা সম্পূর্ণ নষ্ট হৈ গ’লে তাৰ চিকিৎসা কৰা অসম্ভৱ। ন্যূনতম ২ কোটি শুক্রাণু নাথাকিলে সন্তান উৎপাদনত সমস্যা হ’ব পাৰে।

অত্যাধুনিক চিকিৎসাৰ সহায়ত ইকছি বা ইন্ট্রা-ছাইটোপ্লাজমিক স্পার্ম ইঞ্জেকচন কৰি অতি কম সংখ্যক শুক্রাণুৰ সহায়তো সন্তান পোৱা সম্ভৱ বুলি কয় চিকিৎসক ৰোহিতে। অতিৰিক্ত মানসিক চাপ, অৱসাদ, এংজাইটি, অতি টান অন্তর্বাস, অতিৰিক্ত গৰম ইত্যাদি কাৰণত শুক্রাণুৰ কাউন্ট কমি যায়।

ca5 1 | ASSAM TIMES POST

অতিৰিক্ত ওজন আৰু পেট থাকিলেও শুক্রাণুৰ কাউন্ট কমি যাব পাৰে। ধূমপান, মদ্যপানসহ অন্যান্য নিচাই সন্তান উৎপাদনত সমস্যা সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰি সৰু আঘাত আৰু কিছুমান ঔষধ ব্যৱহাৰতো শুক্রাণুৰ কাউন্ট কমি যাব পাৰে। বেছি গৰমত শুক্রাণুৰ কাউন্ট কমি যায়। কোচত লেপটপ লৈ দীর্ঘ সময় কাম কৰিলেও শুক্রাণুৰ কাউন্ট কমি যাব পাৰে।

আইটি খণ্ডত কর্মৰত পুৰুষসকলৰ বন্ধ্যাত্বৰ সমস্যা বাঢঞিছে। নিশা টোপনি নাহিলে এফালে মনৰ চাপ বাঢ়ে, আনফালে ওজনো বাঢ়ি যায়। ইয়াৰ ফলত শুক্রাণু উৎপাদন কমি যোৱাৰ সম্ভাৱনা বাঢ়ে। অভিনিবেশ চট্টোপাধ্যায় আৰু ৰোহিত গুটগুটিয়া দুয়োজনৰেই পৰামর্শ, বন্ধ্যাত্বৰ আৰম্ভণিতেই চিকিৎসা আৰম্ভ কৰিলে ভাল ফল আশা কৰা যায়। নাৰী-পুৰুষ নির্বিশেষে সকলোৰেই বন্ধ্যাত্বৰ সুচিকিৎসা কৰিব পাৰে এজন ইনফার্টিলিটি ফিজিচিয়ান বা বন্ধ্যাত্ব বিশেষজ্ঞই। যিমান দ্রুততাৰে চিকিৎসা আৰম্ভ কৰা যাব, জটিলতা কম হ’ব।

ca4 | ASSAM TIMES POST

শুক্রাণু উৎপাদন সংক্রান্তীয় সমস্যা হ’লে প্রথমেই ইয়াৰ কাৰণ বিচাৰি উলিয়াব লাগিব। যদি দেখা যায় যে স্পার্ম সৃষ্টি হৈছে কিন্তু কোনো বাধা থকাৰ বাবে সেয়া বাহিৰ হ’ব পৰা নাই, সেই ক্ষেত্রত অস্ত্রোপচাৰ কৰি ব্লকেজ আঁতৰোৱা হয়। ঔষধৰ সহায়ত অলিগোস্পার্মিয়া বা স্পার্মৰ সংক্রমণ দূৰ কৰা যায়। কিন্তু যদি সৰুকালত কোনো অসুখৰ কাৰণে টেষ্টিকিউলাৰ কোষ নষ্ট হৈ যায়, সেই ক্ষেত্র দাতা শুক্রাণুৰ সহায় লোৱাৰ বাহিৰে উপায় নাথাকে।

শুক্রাণুৰ সমস্যাৰ চিকিৎসাৰ উপৰি জীৱন-যাপনত সলনি কৰা জৰুৰী। ধূমপান আৰু মদ্যপানৰ নিচা এৰিব লাগিব। নিয়মিত শৰীৰচর্চা কৰি ওজন স্বাভাৱিক ৰখাৰ উপৰি পুষ্টিকৰ খাদ্য খোৱা উচিত।

ca7 | ASSAM TIMES POST

কামৰ হেঁচাত স্বামী-স্ত্রীৰ মাজত স্বাভাৱিক যৌন সম্পর্ক সৃষ্টি নহ’লে সমস্যা বাঢ়ি থাকে। খুব টান অন্তর্বাস পিন্ধিলে আৰু একেৰাহে বহি কাম কৰিলেও শুক্রাণু সৃষ্টিত অসুবিধা হ’ব পাৰে। কামৰ ফাঁকত কেইবাবাৰো উঠি খোজকাঢ়িব লাগিব। পর্যাপ্ত পানী খোৱা আৰু ঠিক সময়ত শৌচাগাৰত যোৱাটো দৰকাৰ। প্রস্রাব চেপি ৰাখিলে সংক্রমণ আৰু তাৰ পৰা শুক্রাণুৰ সমস্যা হোৱাৰ সম্ভাৱনা বাঢ়ে। মনত ৰাখিব, জ্বৰ-চর্দি বা কোভিড সংক্রমণৰ দৰেই বন্ধ্যাত্ব এটা অসুখ, সেয়ে মন বেয়া নকৰি সঠিক চিকিৎসা প্রয়োজন।

সৌজন্য : আনন্দবজাৰ পত্ৰিকা

Tags: Featured
Share4Tweet3Send

Related Posts

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Retirement Readiness Index : অৱসৰৰ প্ৰস্তুতি সূচকাংকৰ শীৰ্ষত পূব ভাৰত, ৰাষ্ট্ৰীয় গড়তকৈ উৰ্ধ্বত অৱস্থান
Lifestyle

Retirement Readiness Index : অৱসৰৰ প্ৰস্তুতি সূচকাংকৰ শীৰ্ষত পূব ভাৰত, ৰাষ্ট্ৰীয় গড়তকৈ উৰ্ধ্বত অৱস্থান

by News Desk
March 26, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

May 21, 2026
50
C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ
National-International

C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

May 21, 2026
50
Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা
National-International

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

May 21, 2026
50
Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ
National-International

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

May 21, 2026
C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

May 21, 2026
Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx