![]()
মহাৰাষ্ট্রৰ ৰাজনৈতিক সংকটত নতুন মোৰ। শিৱসেনাৰ ১৫ বিদ্রোহী বিধায়কক ৱাই প্লাছ নিৰাপত্তা দিলে মোদী চৰকাৰে। বিশেষ সূত্ৰত সূত্র এই কথা প্ৰকাশ।
উল্লেখ্য, শনিবাৰে নিশা বিশেষ বিমানেৰে গুৱাহাটীৰ পৰা বডোদৰালৈ যায় বিদ্রোহী দলৰ নেতা একনাথ শিন্ডে। তাত মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী দেবেন্দ্র ফৰণবীছক সাক্ষাৎ কৰে তেওঁ। শনিবাৰে মাজনিশা বডোদৰাত আছিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহো। অৱশ্যে শ্বাহৰ সৈতে শিন্ডেৰ সাক্ষাৎ হৈছেনে নাই সেয়া জানিব পৰা হোৱা নাই।
কংগ্রেছ আৰু এনচিপিৰ সৈতে সঙ্গ ত্যাগ কৰি বিজেপিৰ হাত ধৰাৰ দাবী জনাইছে শিৱসেনাৰ বিদ্রোহী বিধায়কসকলে। এই প্রেক্ষাপটত ফৰণবীছৰ সৈতে শিন্ডেৰ সাক্ষাৎ আৰু তাৰ পৰৱর্তী সময়ত বিক্ষুব্ধসকলক ৱাই প্লাছ নিৰাপত্তা প্রদান তাৎপর্যপূর্ণ বুলি অনুমান কৰা হৈছে।













