![]()
একনাথ শিন্দে নেতৃত্বাধীন মহাবিকাশ অঘাড়ী মিত্ৰজোঁটৰ চৰকাৰ এৰি যোৱা বিদ্ৰোহী বিধায়কসকলক একেবাৰে নতুন কেবিনেট গঠনৰ দিনা মুম্বাইলৈ আহিবলৈ আহ্বান জনাইছে মহাৰাষ্ট্ৰৰ বিজেপি প্ৰধান চন্দ্ৰকান্ত পাটিলে।পাটিলে কয়, “বৃহস্পতিবাৰে মুম্বাইলৈ অহাৰ কথা চিন্তা কৰা সকলো শিৱসেনা বিধায়কক শপত গ্ৰহণৰ দিনা আহিবলৈ আহ্বান জনাইছো।”
সচেতন মহলে দাবী কৰে যে অসন্তুষ্ট বিধায়কসকল ঘূৰি আহিলে তেওঁলোকে বিভিন্ন ধৰণে দললৈ ঘূৰাই অনাৰ চেষ্টা কৰিব পাৰে। বিজেপিয়ে সেই প্ৰত্যাহ্বান ল’বলৈ ইচ্ছুক নহয়। সেয়ে সুৰক্ষিত হ’বলৈয়ে পাটিলে এতিয়া শিৱসেনাৰ বিধায়কসকলক নিজ ৰাজ্যলৈ ঘূৰি অহাত বাধা আৰোপ কৰিছে। আনহাতে, বিজেপিৰ পৰৱৰ্তী পদক্ষেপ সম্পৰ্কে তেওঁ কয় যে পৰৱৰ্তী সকলো পদক্ষেপ গ্ৰহণ কৰিব বিজেপিৰ সংসদীয় নেতা দেৱেন্দ্ৰ ফডণবীশ আৰু একনাথ শিণ্ডেই ৷
অসমত ৮ দিন কটোৱাৰ পাছত বুধবাৰে সন্ধিয়া শিণ্ডে বাহিনী ব্যক্তিগত বিমানেৰে গোৱালৈ ৰাওনা হয়। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে বৃহস্পতিবাৰে বিধানসভাত আস্থা ভোটৰ সন্মুখীন হ’ব লাগিব। সেইবাবেই তেওঁলোক মুম্বাইলৈ অহাৰ কথা আছিল। বুধবাৰে নিশা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে উদ্ধৱে। আৰু তাৰ লগে লগে ৩১ মাহৰ মিত্ৰজোঁটৰ চৰকাৰখন পতন ঘটে ৷
বুধবাৰে নিশা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিয়াৰীক তেওঁ পদত্যাগ পত্ৰ দাখিল কৰাৰ লগতে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু এনচিপি প্ৰধান শাৰদ পাৱাৰৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
উদ্ধৱৰ পদত্যাগৰ কিছু সময়ৰ পিছতে বিজেপি শিবিৰত উল্লাসৰ সৃষ্টি হয়।উল্লেখ্য যে দেৱেন্দ্ৰৰ নামত শ্লোগানো দিয়া হয়। বিজেপিৰ এক সূত্ৰৰ মতে, তেওঁ তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে। আনহাতে উপ-মুখ্যমন্ত্ৰী হ’ব পাৰে বিদ্ৰোহী শিৱসেনাৰ নেতা একনাথ শিণ্ডে।













