![]()
তেওঁলোকৰ অভিযোগৰ লক্ষ্য আছিল দলৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। চৰকাৰ বগৰাবলৈ বিজেপি নেতৃত্বৰ সহায়ত তেওঁ প্ৰথমে গুজৰাটত আৰু তাৰ পিছত অসমত শিবিৰ পাতিছিল৷
কিন্তু বুধবাৰে নিশা প্ৰয়াত বালাচাহেবৰ পুত্ৰই পদত্যাগ কৰাৰ খবৰত সেই বিদ্ৰোহী শিৱসেনাৰ বহু বিধায়কে আপাত দৃষ্টিত নিজৰ দুখ প্ৰকাশ কৰিছে। সেই তালিকাত আছে বিদ্ৰোহী নেতা একনাথ শিণ্ডেৰ শিবিৰৰ মুখপাত্ৰ দীপক কেছাৰকাৰ।

উচ্চতম ন্যায়ালয়ে উদ্ধৱৰ আবেদন নাকচ কৰি আস্থা ভোটৰ নিৰ্দেশ দিয়াৰ পিছতে বুধবাৰে নিশা বিজেপি শিবিৰত আৰম্ভ হয় বিজয় উৎসৱ। উদ্ধৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত মুম্বাইৰ এখন বিলাসী হোটেলত বিজেপিৰ নেতাসকল সমবেত হৈ কেক কাটে। গোৱাৰ হোটেলত উপস্থিত হোৱা বিদ্ৰোহী শিৱসেনাৰ বিধায়কসকলৰ মাজত কিন্তু নাছিল আনন্দৰ ছবিখন।
বুধবাৰে বিয়লি অসমৰ গুৱাহাটীৰ পৰা গোৱাত উপস্থিত হয় শিন্দেৰ অনুগামীসকল। শিন্দেৰ শিবিৰৰ মুখপাত্ৰ দীপকে কয় যে যোৱানিশা উদ্ধৱ থাকৰেৰ পদত্যাগক লৈ আমি সুখী নহয়। তেওঁ কয় যে বিদ্ৰোহীসকলে বিচাৰিছে যে শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ সৈতে হোৱা মিত্ৰতা ভংগ কৰি পুনৰ বিজেপিৰ মিত্ৰ হওক।
কাৰণ বালাচাহেবৰ মতাদৰ্শগতভাৱে এনচিপি বা কংগ্ৰেছতকৈ বিজেপিৰ বহু বেছি ঘনিষ্ঠ আছিল। দীপকে লগতে কয় যে শিৱসেনাৰ প্ৰতিষ্ঠাপকজনৰ হিন্দুত্ববাদী মতাদৰ্শ অনুসৰণ কৰি বিজেপিৰ লগত হাত মিলাবলৈ বাধ্য হোৱা উদ্ধৱে কোনো কাৰণতে মহাবিকাশ অঘাড়ী মিত্ৰজোঁট ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল।
চৰকাৰৰ পতনৰ বাবেও তেওঁ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতক দোষাৰোপ কৰে। দীপকে কয় যে সঞ্জয়ে প্ৰতিদিনে নিয়মিতভাবে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে বক্তব্য দি কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক বিষাক্ত কৰি তুলিছিল।













