![]()
নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীচালনাত নিহত দুজন মাওবাদী। ঝাৰখণ্ডৰ ছেৰাইকেলা-খাৰছাৱান জিলাত শুকুৰবাৰে পুৱা সংঘটিত হয় এই ঘটনা।আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাজ্য আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত নিহত হয় মাওবাদী দুটা। কলহান সংমণ্ডলৰ উপ-মহাপৰিদৰ্শক অজয় লিণ্ডাই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, বৰুদা জংঘলত নিহত হৈছে মাওবাদী দুটা।
আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ঘটনাস্থলীত বহুটো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়। মাওবাদীয়ে অঞ্চলটোত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অভিযান চলায়। ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।
উল্লেখ্য, যোৱা মাহত তেলেংগানাত ‘পুলিচ ইনফৰ্মাৰ’ বুলি সন্দেহ কৰা এজন ব্যক্তিক মাওবাদীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল । মৃতদেহটোৰ কাষতে উদ্ধাৰ হৈছে মাওবাদীৰ নামত লিখা এখন চিঠি।
ইয়াৰ পূৰ্বে ছত্তীশগড় আৰক্ষীয়ে জুলাই মাহত দন্তেৱাড়াত এজন মাওবাদীক হত্যা কৰা বুলি দাবী কৰিছিল। উল্লেখ্য, চত্তীশগড়ৰ ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত প্ৰায়ে মাওবাদী কাৰ্যকলাপৰ খবৰ পোহৰলৈ আহে। উক্ত অঞ্চলৰ মাওবাদীক দমন কৰিবলৈ তৎপৰ হৈ পৰিছে প্ৰশাসন।










