![]()
নিজৰ কণ্ঠৰ যাদুৰে অসমীয়া শ্ৰোতা-দৰ্শকক মোহাচ্ছন্ন কৰা আচুৰ্য্য বৰপাত্ৰই (Achurjya Borpatra) পাতিলে বিয়া। ১৫ বছৰীয়া প্ৰেমক আঁকোৱালি উতনুৱা ফাগুনতেই বিবাহ পাশত আবদ্ধ হ’ল কণ্ঠশিল্পী গৰাকী। সখীয়েক তথা অসমীয়া সংগীত ক্ষেত্ৰৰ আনগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশক লগত লৈ দেৰগাঁৱৰ কন্যা মীনাক্ষী বৰঠাকুৰৰ সৈতে কালি দ্বিতীয় ইংনিছত ভৰি দিলে আচুৰ্য্য বৰপাত্ৰই।


বিবাহৰ দিনৰ বিভিন্নখন ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত (Social Media) ভাইৰেল হোৱা পৰিলক্ষিত হৈছে। আচুৰ্য্য বৰপাত্ৰৰ “বিয়া” (Biya Song) শীৰ্ষক জনপ্ৰিয় গীতটোৱে কালিৰ দিনটোত পূৰ্ণাংগ ৰূপ লাভ কৰিলে। আগন্তুক দিনত, আচুৰ্য্য কণ্ঠৰে “তীখৰো নহলোং” শীৰ্ষক নতুন এটি গীত মুক্তিৰ বাবে সাজু হোৱা বুলি কণ্ঠশিল্পী গৰাকীয়ে নিজেই নিজৰ ছ’চিয়েল মিডিয়া যোগে ৰাইজক জানিবলৈ দিছিল। ইতিমধ্যে গীতটিৰ প্ৰমো’ ক মুকলি কৰি দিয়া হৈছে।













