![]()
কোনো ৰাজনৈতিক দলত (Political Party) যোগদান নকৰে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই (Achurjya Borpatra)। ইমান দিনে ওলাই থকা বাতৰি সমূহক ভিত্তিহীন বুলি স্পষ্ট কৰি কণ্ঠশিল্পী গৰাকীয়ে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত (Social Media) পষ্ট দিয়া দেখিবলৈ পোৱা গৈছে। তেওঁ নিজাববীয়াকৈ নজনোৱালৈকে সংবাদ মাধ্যমক ৰাইজৰ মাজত খোকোজা নলগাবলৈ আহ্বান জনাই কণ্ঠশিল্পী গৰাকীয়ে ৰাইজৰ ওচৰত কৃতজ্ঞ হৈ থকা বুলি মন্তব্য কৰে।

তেওঁ কয় যে, “মই কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সম্পূৰ্ণ ভিত্তিহীন। মোক গানৰ আচুৰ্য বৰপাত্ৰ হৈয়ে থাকিবলৈ দিয়ক। মোৰ সিদ্ধান্ত মই নিজে নজনাকৈয়ে ৰাইজৰ মাজত কৈ খোকোজা নলগাব। ৰাইজৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। ৰাইজে মোৰ গানক দিয়া মৰমৰ ওচৰত মই চিৰকৃতজ্ঞ। অনুগ্ৰহ কৰি ভুল কথাবোৰক প্ৰচাৰ নকৰিব। কাতৰ অনুৰোধ। গানৰ হৈ থাকিবলৈ দিয়ক,গান গাবলৈ দিয়ক।🙏”













