![]()
কেৰালা (Kerala)ৰ এগৰাকী ৮ বছৰীয়া শিশুৰ গেম খেলি থকা অৱস্থাত মুখত মোবাইল ফোন বিস্ফোৰণ (Mobile phone explosion) ঘটি মৃত্যু (Death) হয়। উক্ত ঘটনাত চীনৰ এটা মোবাইল ফোন নিৰ্মাতা কোম্পানীৰ (China’s phone maker company) বিৰুদ্ধে অভিযোগ উত্থাপন হয়। শিশুটিৰ পৰিয়ালে জনোৱা মতে, তেওঁলোকে এটা নিৰ্দিষ্ট কোম্পানীৰ ওচৰত অভিযোগ দাখিল কৰি কয় যে সেই কোম্পানীটোৰ ফোন বিস্ফোৰণ হৈ তেওঁলোকৰ কন্যাৰ মৃত্যু হয়। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি, মোবাইল নিৰ্মাতা কোম্পানীটোৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। এই বিষয়ত তদন্ত চলি আছে।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত চীনৰ ফোন নিৰ্মাতা কোম্পানীটোৱে জনাইছে যে গ্ৰাহকৰ সুৰক্ষা তেওঁলোকৰ বাবে সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। বিষয়টোক ‘গুৰুতৰ’ বুলি অভিহিত কৰি তেওঁলোকে কয় যে শিশুটিৰ পৰিয়ালৰ কাষত থিয় দিব লাগে। এই প্ৰসংগত কোম্পানীটোৰ মুখপাত্ৰই কয়, “এই ঘটনাৰ তদন্ত চলি আছে। অৱশ্যে আমাৰ কোম্পানীৰ ফোনটো শিশুটিৰ হাতত আছিলনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে সতৰ্কতামূলক ব্যৱস্থা হিচাপে আমি ইয়াৰ কাৰণো তদন্ত কৰি আছো।”
কণমানি আদিত্যশ্ৰীয়ে সোমবাৰে নিশা আন দিনাৰ দৰেই মোবাইল ফোনত গেম খেলি আছিল। খেলি থাকোঁতে হঠাৎ এটা ডাঙৰ শব্দৰে মোবাইলটো বিস্ফোৰণ ঘটে। কণমানি আদিত্যশ্ৰীক পিতৃ-মাতৃয়ে চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকৰ সকলো প্ৰচেষ্টা বিফল হয় আৰু চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। জনা যায় যে আদিত্যশ্ৰীয়ে গেম খেলা আৰু মোবাইল ফোনত ভিডিঅʼ চাই ভাল পাইছিল। কামৰ অন্তত পিতৃ-মাতৃয়ে ঘৰলৈ উভতি আহোঁতে ছোৱালীজনীৰ হাতত মোবাইলটো গতাই দিবলগীয়া হৈছিল। তেনে কৰি থাকোঁতে সংঘটিত হয় দুৰ্ঘটনাটো।
আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা যে কিবা কাৰণত মোবাইলৰ বেটাৰী অতিমাত্ৰা গৰম হৈছিল। সেইটোৱেই হৈছে বিস্ফোৰণৰ কাৰণ। ফাটি যোৱা মোবাইলটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। সেই প্ৰতিবেদন পোৱাৰ পিছত স্পষ্ট হʼব, আদিত্যশ্ৰীৰ মৃত্যুৰ সঠিক কাৰণ। মোবাইল ফোনটোত কোনো ধৰণৰ বিজুতি হৈছিল নেকি সেই বিষয়েও তদন্ত চলি আছে।











