![]()
কাশ্মীৰত (Kashmir) আন এক পথ দুৰ্ঘটনা (Accident)। এইবাৰ কিস্তৱাৰৰ (Kishtwar) দ খাৱৈত বাগৰি পৰে এখন গাড়ী। এই ঘটনাত কমেও ৬ জন লোকৰ মৃত্যু হয়। আন চাৰিজন আহত হয়। উদ্ধাৰকাৰী দল উক্ত স্থানত উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰে। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, কিস্তৱাৰৰ ডাংডুৰু মথাউৰি এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা।












