![]()
প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ স্বত্ত্বাধিকাৰী তথা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে (Defamation Case Against Gaurav Gogoi) আদালতৰ কাষ চাপিছে। গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে। ৰিণিকি ভূঞাৰ (Riniki Sarma Bhuyan) মালিকানাধীন কোম্পানীটোৱে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটিৰ ৰাজসাহায্য লোৱা বুলি গৌৰৱ গগৈয়ে কৰা অভিযোগৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে ৰিণিকি ভূঞা শৰ্মা।

উল্লেখযোগ্য যে শেহতীয়াকৈ ৰিণিকি ভূঞাৰ কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজসাহায্য গ্ৰহণ কৰা বুলি উত্থাপিত বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাই আছে। কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰালয়ৰ প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনাৰ অধীনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ১০ কোটি টকা ৰাজসাহায্য গ্ৰহণ কৰা বুলি সাংসদ গৌৰৱ গগৈয়ে অভিযোগ আনিছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী তথা তেওঁৰ পত্নী গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে।
আনকি প্ৰমাণ দিব পাৰিলে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলিও ঘোষণা কৰে। সমান্তৰালভাৱে ৰিণিকি ভূঞাই গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বুলিও উল্লেখ কৰে। তাৰেই পৰিপ্ৰেক্ষিতত ৰিণিকি ভূঞা শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতত ১০ কোটি টকাৰ মানহানি গোচৰ তৰে।













