ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

‘ছুপাৰ ফুড’ৰ উৎস স্পাইৰুলিনা

ASSAM TIMES POST by ASSAM TIMES POST
December 21, 2019
Reading Time: 1 min read
A A
0
‘ছুপাৰ ফুড’ৰ উৎস স্পাইৰুলিনা

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST
‌# ডিনামণি শৰ্মা #

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

স্পাইৰুলিনা হৈছে এবিধ শেলুৱৈৰ নাম। অতি পুষ্টিকৰ উপাদানযুক্ত স্পাইৰুলিনাৰ পৰা প্ৰস্তুত কৰা ফুড ছাপ্লিমেণ্টৰ অতি সম্প্ৰতি সকলোতে চাহিদা বৃদ্ধি পাইছে। অৱশ্যে বিশ্বৰ বহুকেইখন দেশত কেইবা দশক পূৰ্বৰে পৰা স্পাইৰুলিনা খাদ্য তালিকাৰ অন্তৰ্ভুক্ত হৈ আহিছে। এই ক্ষেত্ৰত মেক্সিকো আৰু গুৱাটেমালা, কোষ্টাৰিকা, পেৰু আদি দেশৰ কথাই ক’ব পৰা যায়। উল্লেখ্য যে প্ৰায় ৩.৬ বিলিয়ন বছৰ পূৰ্বৰে পৰা পৃথিৱীত অস্তিত্ব পোৱা এই শেলুৱৈবিধ উপৰোক্ত দেশসমূহত ১৬ শতিকামানৰ পৰা খাদ্যসামগ্ৰী হিচাপে ব্যৱহাৰ কৰি অহাৰ কথা পোৱা যায়। সাগৰ, হ্ৰদ আদিৰ পানীত পোৱা এই শেলুৱৈবিধক কাষৰীয়া লোকসকলে সংগ্ৰহ কৰি শুকুৱাই  পৰম্পৰাগত খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছিল। ১৯৭৩ চনত প্ৰথমবাৰৰ কাৰণে মেক্সিকোৰ এটা কোম্পানীয়ে ব্যৱসায়িক ভিত্তিত স্পাইৰুলিনাৰ চূৰ্ণ প্ৰস্তুত কৰিবলৈ লয়। সমসাময়িকভাৱে ১৯৭৪ চনত বিশ্ব স্বাস্থ্য সংস্থাই স্পাইৰুলিনাক উচ্চ প্ৰ’টিন আৰু আইৰণযুক্ত খাদ্য হিচাপে আখ্যা দিয়ে। তেতিয়াৰে পৰা ইয়াৰ খেতি আৰু ব্যৱহাৰৰ জোৱাৰ আহে বহু উন্নত দেশত।

raw spirulina 500x500 1 | ASSAM TIMES POST

স্পাইৰুলিনা শৰীৰৰ বাবে কিয় উপকাৰী

আশ্চৰ্যকৰভাৱে মানৱ শৰীৰৰ বাবে এই ক্ষুদ্ৰ শেলুৱৈবিধেই সকলো প্ৰয়োজনীয় খাদ্য দ্ৰৱ্যৰ যোগান ধৰিব পাৰে। কাৰ্ব’হাইড্ৰেট, চৰ্বি, প্ৰ’টিন, ভিটামিন, মিনাৰেল, এণ্টি-অক্সিডেণ্টকে ধৰি আমাৰ শৰীৰৰ বাবে উপকাৰী সমল কি নাই স্পাইৰুলিনাত? যাৰ কাৰণে ১৯৮০ চনৰ শেষ আৰু ৯০ চনৰ প্ৰথমছোৱাত নাছা আৰু ইউৰোপিয়ান স্পেচ এজেন্সীয়ে স্পাইৰুলিনাক দীৰ্ঘসময়ৰ মহাকাশ অভিযানত প্ৰাথমিক খাদ্য হিচাপেও অন্তৰ্ভুক্ত কৰে। তদুপৰি, সহজে হজম হোৱাৰ লগতে কম কেলৰি, কম চৰ্বিযুক্ত আৰু কলেষ্টৰেলমুক্ত হোৱা বাবে সকলো মানুহৰ বাবেই ই ব্যৱহাৰোপযোগী। স্পাইৰুলিনাৰ আশ্চৰ্যকৰ পুষ্টিকাৰক গুণৰ বাবে ইয়াক ‘ছুপাৰ ফুড’বুলিও অভিহিত কৰা হয়। এক সূত্ৰমতে জাপানৰ কেইজনমান লোকে প্ৰায় ২০ বছৰ ধৰি স্পাইৰুলিনা আৰু পানী খায়েই জীৱন নিৰ্বাহ কৰি আছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি স্পাইৰুলিনাৰ উচ্চ পুষ্টিকৰ গুণৰ কথা।

spirulina 1296x728 feature | ASSAM TIMES POST

স্পাইৰুলিনাৰ ব্যৱহাৰ

জনসংখ্যা বৃদ্ধিৰ লগে লগে সংকুচিত হৈ আহিবলৈ ধৰা কৃষিভূমি আৰু ইয়াৰ বিপৰীতে বৰ্ধিত খাদ্যদ্ৰৱ্যৰ চাহিদাৰ মোকাবিলা কৰিব পৰা এক বিকল্প আহাৰ হ’ব পাৰে স্পাইৰুলিনা। এই কথা ইতিমধ্যে বহু গৱেষণাতো প্ৰকাশ পাইছে। কেৱল খাদ্যসামগ্ৰী হিচাপেই নহয়, বিভিন্ন ধৰণৰ ঔষধ, প্ৰসাধন, পেকেজিং ফুড তৈয়াৰ কৰিবৰ বাবেও স্পাইৰুলিনাৰ ব্যৱহাৰ কৰা হয়। স্পাইৰুলিনাৰ এনে বৰ্ধিত চাহিদা আৰু সম্ভাৱনীয়তাৰ বাবেই বৰ্তমান ক্ৰমাগতভাবে বৃদ্ধি পাই আহিবলৈ ধৰিছে এইবিধ উদ্ভিদৰ খেতি।

41pptDV4wVL | ASSAM TIMES POST

স্পাইৰুলিনা কি কি ধৰণে খাব পাৰি

বজাৰত স্পাইৰুলিনাৰ বড়ি পোৱা যায়। তদুপৰি, বিভিন্ন পেকেজ্‌ড ফুডত স্পাইৰুলিনা ব্যৱহাৰ কৰা হয়। স্পাইৰুলিনাৰ  পাউডাৰো বজাৰত উপলব্ধ। সেই পাউডাৰ বিভিন্ন ফল-পাচলিৰ ৰসৰ সৈতে মিহলাই খোৱাৰ লগতে চুপ, চালাড, দৈ আদিতো মিহলাই খাব পাৰি।

61H3MUA9PL. SX466 | ASSAM TIMES POST

কেনেকৈ কৰা হয় স্পাইৰুলিনাৰ খেতি?

স্পাইৰুলিনাৰ খেতিৰ বাবে আদৰ্শ তাপমাত্ৰা হৈছে ২৫ৰ পৰা ৩৫ ডিগ্ৰী চেলচিয়াছ। তদুপৰি, ৰ’দৰ তাপ আৰু পোহৰ ভালদৰে পোৱা আৱশ্যক। চিমেণ্ট বা প্লাষ্টিকৰ টেংকতো এই খেতি কৰিব পৰা যায়। টেংক একোটাৰ জোখ ১০০০ লিটাৰ পানী ধৰিব পৰাকৈ ১০ – ৫ – ১.৫ ফুট হ’ব লাগে। ১০০০ লিটাৰ পৰিষ্কাৰ পানীত ১ কেজি  স্পাইৰুলিনাৰ বীজ এৰি দিব লাগে। তাত ৮ গ্ৰাম ছ’ডিয়াম-বাই-কাৰ্বনেট, ৫ গ্ৰাম ছ’ডিয়াম ক্ল’ৰাইড, ০.২ গ্ৰাম ইউৰিয়া, ০.৫ গ্ৰাম পটাছিয়াম ছালফেট, ০.১৬ গ্ৰাম মেগনেছিয়াম ছালফেট, ০.০৫২ মিলিলিটাৰ ফছফৰিক এচিড আৰু ০.০৫ মিলিলিটাৰ ফৰাছ ছালফেট দিব লাগে। এসপ্তাহলৈকে প্ৰতিদিনেই আধা ঘণ্টা সময়ৰ মূৰে মূৰে এডাল লাঠিৰে পানীখিনি লৰাই থাকিব লাগে। মাত্ৰ ১০ দিনতেই স্পাইৰুলিনা চপাব পৰা হয়।

spirulina supplements | ASSAM TIMES POST

খেতি চপোৱা আৰু উৎপাদন পদ্ধতি

সৰু পলিথিন বা চালনিৰে স্পাইৰুলিনাখিনি চপাব পাৰি। নিষ্কাশিত স্পাইৰুলিনাখিনি এখন পৰিষ্কাৰ মচলিন কাপোৰত মেৰিয়াই ৫০ কেজি ওজনেৰে হেঁচি ৰাখিব লাগে যাতে তাত থকা অতিৰিক্ত পানীখিনিও নিষ্কাশিত হৈ পৰে। সম্পূৰ্ণৰূপে পানী নিষ্কাশিত হোৱাৰ পিছত দ্ৰৱ্যখিনি তলত ফুটা থকা এটা পাত্ৰত দি পৰিষ্কাৰ কাপোৰত মেলি দিব লাগে। শুকাই যোৱাৰ পিছত ইয়াক মিহি কৰি লৈ সেই পাউডাৰ বিভিন্ন কামত লগাব পৰা হয়। সম্প্ৰতি এক কেজি শুকান স্পাইৰুলিনা পাউদাৰৰ বজাৰত বিক্ৰী মূল্য প্ৰায় ১০০০ টকা ।

Spirulina | ASSAM TIMES POST

ভাৰতত স্পাইৰুলিনাৰ খেতি

ভাৰততো স্পাইৰুলিনাৰ খেতি ১৯৯৫ চনমানৰ পৰা আৰম্ভ কৰা হয়। বৰ্তমান ভাৰতৰ তামিলনাডু, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত স্পাইৰুলিনাৰ খেতি কৰা হয়। সকলোধৰণৰ পানীতে হোৱা এইবিধ উদ্ভিদৰ খেতিয়ে আমাৰ ৰাজ্যৰ অৰ্থনীতিতো প্ৰভূত অৰিহণা যোগাব পৰাৰ পূৰা মাত্ৰাই সম্ভাৱনা আছে। জলসম্পদত চহকী ৰাজ্য অসমত স্পাইৰুলিনাৰ খেতি কৰিব পৰাকৈ বহু সুবিধা আছে। এই সুযোগ-সুবিধাক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰিলে স্পাইৰুলিনাৰ খেতিৰে অসমৰ বহু যুৱক-যুৱতী স্বাৱলম্বী হ’ব পাৰিব। তদুপৰি, স্পাইৰুলিনাৰ খেতি কেৱল নিয়োগৰ বাবেই নহয়, বৰঞ্চ এখন দেশৰ নাগৰিকসকলৰ পৰিপুষ্টিৰ বাবেও বৰ্তমান এই উদ্ভিদবিধৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইফালে স্পাইৰুলিনাৰ খেতিত কম মূলধনৰ বিনিময়তেই পাব পাৰি অধিক লাভ। সেয়েহে খেতিয়কৰ বাবে ই হ’ব পাৰে এক সুন্দৰ উপাৰ্জনৰ পথ।

Tags: Featured2
Share4Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
ADVERTISEMENT
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx