ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Congress Press conference : পিজিআৰ-ভিজিআৰ ভূমিৰ অবৈধ বেদখলকলৈ দুই পাৰ্বত্য জিলা কংগ্ৰেছৰ যুটীয়া সংবাদমেল

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু :

News Desk by News Desk
July 8, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

New Logo Smal 1 | ASSAM TIMES POST
কার্বি আংলং (Karbi Anglong) আৰু পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলা কংগ্রেছ দলে (Congress Party) আজি ডিফুস্থিত কংগ্রেছ কার্যালয়ত এখন সংবাদমেল (Press conference) সম্বোধন কৰি  বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা কর্তন কৰাৰ অভিযোগ আনে। কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা কংগ্রেছৰ সভাপতিদ্বয় ক্রমে বিদ্যাছিং ৰংপি আৰু ছিং টেৰণে সম্বোধন কৰা সংবাদমেলত বহু কেইটা গুৰুত্বপূর্ণ বিষয়ত কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰাৰ লগতে শাসকীয় বিজেপি দলক সমালোচনাৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। জিলাখনক পিজিআৰ-ভিজিআৰ ভূমি (PGR-VGR Land)ত উচ্ছেদ চলোৱা সন্দর্ভত কংগ্রেছ দলটোৱে বিষয়টো সন্দর্ভত সকলো দল-সংগঠনে সহমত পোষণ কৰি এই ভূমিত উচ্ছেদ চলোৱাৰ  সিদ্ধান্ত গ্রহণ কৰিছিল বুলি উল্লেখ কৰি এতিয়া পৰিষদৰ মুখ্য কার্যবাহী সদস্য ড:  তুলিৰাম ৰংহাঙে ১৫ দিনৰ ভিতৰত জাননী জাৰি কৰাৰ কথা ঘোষণা কৰা বুলি উল্লেখ কৰি বল এতিয়া তুলিৰাম ৰংহাঙৰ কৰ্টত থকা বুলি উল্লেখ কৰে।

আনহাতে, ষষ্ঠ অনুসূচীৰ ১২৫তম্ সংশোধনী সন্দর্ভত সংবাদমেলত কয় যে ইতিমধ্যে ইয়াৰ খচৰা প্রস্তুত হৈছে আৰু ৰাজ্য সভা আৰু লোকসভাত সংশোধনৰ বাবে দাখিল কৰা হৈছে। কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে ইয়াৰ বাবে যষ্ঠ অনুসূচী সন্দর্ভত এখন কর্মশালাও অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰি কয় যে যষ্ঠ অনুসূচীৰ ক্ষমতা পাহাৰৰ জনতাৰ বাবে যথেষ্ট নহয়, সেয়ে আমি স্বায়ত্ত শাসিত বাজ্যৰ দাবী উত্থাপন কৰিছো। এএছডিচি, ইউপিডিএছ, কেএলএনএলএফ, কেপিএলটি আদি সংগঠনে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদলৈ অধিক ক্ষমতা আনিবলৈ সক্ষম হ’ল বুলি উল্লেখ কবি আজিলৈকে চৰকাৰে এই ক্ষমতাসমূহ সম্পূর্ণৰূপে পৰিষদৰ হাতত অর্পণ নকৰা বুলি অভিযোগ উত্থাপন কৰে। এই ক্ষেত্ৰত চুক্তি অনুসৰি চৰকাৰে চেলচ টেক্স, এক্সাইচ ডিউটি টেক্স, মটৰ ভেহিকল টেক্স আদি পৰিষদৰ হাতত অর্পণ নকৰা বুলি উল্লেখ কৰে সংবাদমেলৰ জৰিয়তে। ইয়াৰ বিপৰীতে পৰিষদৰ হাতত পূর্বৰে পৰা থকা ক্ষমতা বিজেপি নেতৃত্বাধীন চৰকাৰখনে দিনকদিনে কাঢ়ি নিয়া বুলি সমালোচনা কৰে সংবাদমেলত। বিদ্যাছিং ৰংপিয়ে কয় যে- ২০০৭-০৯ বর্ষত পৰিষদত বংগ্ৰেছ ক্ষমতাত থকাৰ সময়ত তেওঁ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰূপে কার্যনির্বাহ কৰিছিল আৰু সেই সময়ত পৰিষদে কনিষ্ট অভিযন্তাৰ পৰা প্রাথমিক, কলেজ শিক্ষকলৈকে পৰিষদে নিযুক্তি দিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰি কয় যে এতিয়া ৰাজ্য চৰকাৰে এছআইইউ জাপি দি পৰিষদৰ প্রাথমিক শিক্ষক পর্যন্ত নিযুক্তি ক্ষমতা কাঢ়ি নিয়া বুলি দাবী কৰে। শিক্ষকৰ দৰমহা পর্যন্ত অসম চৰকাৰে প্ৰদান কৰে বুলিও সংবাদমেলত উল্লেখ কৰে।

pgr vgrp | ASSAM TIMES POST

প্রাথমিক শিক্ষা পৰিষদৰ অধীনত আৰম্ভণিৰে পৰা আছিল বুলি উল্লেখ কৰি সংবাদমেলত বর্তমান প্রাথমিক শিক্ষা বিষয়টো অসম চৰকাৰৰ হাতলৈ গুছি যোৱা বুলি দাবী কৰে। এতিয়া ষষ্ঠ অনুসূচীৰ ১২৫তম্ সংশোধনীৰ জবিয়তে পৰিষদে অধিক ক্ষমতা লাভ কৰে নে যষ্ঠ অনুসূচীৰ ক্ষমতা কর্তন হয় সেইটোহে লক্ষ্যণীয় হ’ব বুলি সংবাদমেলত উল্লেখ কৰে কংগ্রেছ নেতা কেইগৰাকীয়ে। ইপিনে, ভিলেজ কাউন্সিল আৰু ট্রেডিহনেল কাউন্সিলসমূহলৈ পোনপটীয়াকৈ ধন প্রদান কৰা হ’ব বুলি মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে কৰা ঘোষণা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে, এনে কৰিলে পৰিষদৰ এই দুয়োখন কাউন্সিলৰ ওপৰত নিয়ন্ত্রণ নোহোৱা হ’ব। যিটোৱে পৰিষদৰ ক্ষমতা আৰু অধিক কর্তন কৰিব। পৌৰসভা, ভিলেজ কাউন্সিল, ট্রেডিছনেল ভিলেজ কাউন্সিল আদিৰ নির্বাচন পৰিচালনা ক্ষমতা ৰাজ্যিক নির্বাচন আয়োগৰ পৰিৱর্তে পৰিষদৰ হাতত থকা উচিত বুলিও কংগ্রেছ দলে মতপোষণ কৰে।

ষষ্ঠ অনুসূচীৰ পুনৰ সংশোধন অথবা অধিক ক্ষমতা প্রদান অন্তিম কথা নহয় বুলি দাবী কৰি এখন স্বায়ত্ত শাসিত ৰাজ্যহে কংগ্রেছ দলে দাবী কৰে বুলি সংবাদমেলত প্রকাশ কৰে দুয়োখন জিলা কংগ্রেছ দলে। আনহাতে পৰিষদৰ অধীনত সৰু সৰু ঠিকাদাৰ বর্তমান নোহোৱা হৈ পৰা বুলি উল্লেখ কৰি পার্বত্য জিলা দুয়োখনৰ জনসাধাৰণৰ হাতত এতিয়া পইচা নাই বাবে অৱস্থা অতি শোচনীয় হৈ পৰা বুলি সংবাদমেলযোগে অভিযোগ কৰে। ইয়াৰোপৰি দুয়োখন পার্বত্য জিলাত বিপিএল আৰু অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পোৱাটো অর্থনৈতিকভাবে দুয়োখন পার্বত্য জিলাৰ বৰ্তমানৰ স্থিতি প্রকাশ কৰা বুলিও সমালোচনা কৰে৷ দুয়োখন জিলাত নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি নিবনুৱা যুবক-যুবতীয়ে এতিয়া কেৰেলা, বেংগালুৰু আদিলৈ যাবলৈ বাধ্য হৈছে বুলি উল্লেখ কৰে। জিলাখনৰ ঠিকাদাৰসকলক দীর্ঘ দিনে বিল প্রদান নকৰা বুলি উল্লেখ কৰি মূল্যবৃদ্ধিয়েও দুয়োখন পার্বত্য জিলাবাসীক জুৰুলা কৰা বুলি তীব্র সমালোচনা কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuCongressPressconferenceডিফুকংগ্ৰেছৰযুটীয়াসংবাদমেল
Share13Tweet8Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
52
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
52
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
54
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

September 28, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d