
জেনেভাত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ বৈঠকত পাকিস্তানৰ আইন মন্ত্ৰী আজম নাজিৰে কয় যে জম্মু-কাশ্মীৰত মানৱ অধিকাৰ উলংঘা হৈ আছে। পাকিস্তানৰ (Pakistan) এই বক্তব্যৰ তীক্ষ্ণ প্ৰত্যুত্তৰ দিয়ে ভাৰতে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি কে ত্যাগীয়ে কয় যে পাকিস্তান সেনাৰ নিৰ্দেশত পাকিস্তানৰ নেতাসকলে মিছা দাবী উত্থাপন কৰি প্ৰচাৰ চলাই আছে।

পাকিস্তানক ‘ব্যৰ্থ ৰাষ্ট্ৰ’ বুলি অভিহিত কৰি নতুন দিল্লীয়ে ইছলামবাদক নিজৰ আভ্যন্তৰীণ ব্যৰ্থতাৰ ওপৰত চকু ৰাখিবলৈও পৰামৰ্শ দিয়ে। লগতে এনে এখন ব্যৰ্থ দেশৰ বাবে বৈঠকৰ সময় নষ্ট হোৱাটো দুৰ্ভাগ্যজনক বুলিও ত্যাগীয়ে কঠোৰভাৱে উল্লেখ কৰে।
তেওঁ কয়, “আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ ভিত্তিত তেওঁলোক জীয়াই আছে ।” কেৱল তাতেই ক্ষান্ত নাথাকি তেওঁ কয়, “পাকিস্তান এনে এখন দেশ য’ত মানৱ অধিকাৰ খৰ্ব কৰা হয়, সংখ্যালঘু লোকক নিৰ্যাতন চলোৱা হয় আৰু নিষিদ্ধ সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া হয়। পাকিস্তানৰ এনে কোনো স্থান নাই যে আন কাৰোবাক জ্ঞান প্ৰদান কৰিব।”











