
নিউজ ডেস্কঃ
যোৱা শুকুৰবাৰে সংঘটিত প্ৰবল ভূমিকম্পৰ ফলত ম্যানমাৰ (Myanmar Earthquake) এতিয়াও মাজে মাজে আফটাৰশ্বকৰ সন্মুখীন (Facing an aftershock) হৈ আছে। বুধবাৰে নিশাও ম্যানমাৰত ভূমিকম্প অনুভূত হয়। ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ (National Center for Seismology) তথ্য অনুসৰি, এই কম্পনৰ পৰিমাণ আছিল ৰিখতাৰ স্কেলত ৪.৮। ভূপৃষ্ঠৰ পৰা ২৫ কিলোমিটাৰ গভীৰতাত এই কম্পন অনুভৱ কৰা হয়। বুধবাৰে বিয়লি ম্যানমাৰত আন এক কম্পন অনুভূত হয়। ইয়াৰ মাত্ৰা আছিল ৪.৩।
আনহাতে, ভূমিকম্পত বিধ্বস্ত ম্যানমাৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। শুকুৰবাৰৰ পৰা ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু (More than 3,000 people have died) হৈছে। ইফালে ম্যানমাৰত চলি আছে গৃহযুদ্ধৰ পৰিস্থিতি। ফলত এই ভূমিকম্পত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে। ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত জুন্তা বিৰোধী পিপলছ ডিফেন্স ফ’ৰ্চে পূৰ্বে যুদ্ধবিৰতি ঘোষণা কৰিছিল। বুধবাৰে ম্যানমাৰৰ জুন্টা সেনায়ো অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰে।

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে পুৱা ৭.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পই প্ৰথমে ম্যানমাৰৰ মাটি কঁপাইছিল। তাৰ পিছৰ পৰা দেশখনত একেৰাহে ১৫টা আফটাৰশ্বক হৈছে। ভূমিকম্পৰ ফলত এক বৃহৎ এলেকা ধ্বংস হৈছে। বহু অট্টালিকা, ৰাস্তা, দলং ভাঙি গৈছে। প্ৰায় ৪৫০০ লোক আহত হয়। সন্ধানহীন হৈছে ৪০০ৰো অধিক লোক। ইফালে বুধবাৰে ম্যানমাৰৰ এখন হোটেলৰ ধ্বংসাৱশেষৰ পৰা এজন যুৱকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।
শুকুৰবাৰৰ ভূমিকম্পৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ থাইলেণ্ডতো ক্ষতি হয়। থাইলেণ্ডৰ ৰাজধানী বেংককত ৩০ মহলীয়া অট্টালিকা ভাঙি পৰে। তাতো বহু লোকৰ মৃত্যু হৈছে। উদ্ধাৰকাৰীয়ে অনুমান কৰিছে যে বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। উদ্ধাৰকাৰী দলে তেওঁলোকক বিচাৰি উলিয়াবলৈ চেষ্টা চলাই আছে।













