
মাওবাদীয়ে স্থাপন কৰা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ চমুকৈ আই ই ডিত ভৰি দিয়াৰ পিছত বিস্ফোৰণ ঘটি এজন নিৰাপত্তা বাহিনীৰ জোৱানৰ মৃত্যু (Naxalites attack) হয়। সোমবাৰে পুৱা ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ বাষ্টাৰত সংঘটিত হয় এই ঘটনা। এই ঘটনাত আন তিনিজন আহত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, সোমবাৰে পুৱা বিজাপুৰৰ ভোপালপট্টনমৰ সমীপৰ ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলত একাংশ নিৰাপত্তা বাহিনীৰ জোৱানে টহল দি আছিল। সেই সময়ত তেওঁলোকে অজানিতে মাওবাদীয়ে স্থাপন কৰা এটা আই ই ডিত ভৰি দিয়াত লগে লগে সংঘটিত হয় এই বিস্ফোৰণ। আহত হয় চাৰিজন জোৱান। ইয়াৰে এজনক সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰা হয় যদিও পিছত তেওঁৰ মৃত্যু হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত জোৱানজনক দীনেশ নাগ বুলি চিনাক্ত কৰা হৈছে। দীনেশ আছিল ৰাজ্যিক আৰক্ষীৰ জিলা ৰিজাৰ্ভ গাৰ্ডৰ (ডি আৰ জি) কৰ্মচাৰী। আন আহতসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। প্ৰাথমিক চিকিৎসা চলি আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁলোকৰ অৱস্থা বৰ্তমান সুস্থিৰ।













