
দিল্লী বিস্ফোৰণ (Delhi Blast) গোচৰৰ মূল অভিযুক্ত মুজাম্মিলক সোধা-পোছা অব্যাহত আছে। প্ৰকাশ হৈছে বিস্ফোৰক তথ্য৷ জানিব পৰা মতে আক্ৰমণকাৰীয়ে গণৰাজ্য দিৱসৰ দিনা বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।

আৰু সেইবাবেই আক্ৰমণকাৰীয়ে লালকিল্লাত ৰেইকি কৰে। আক্ৰমণকাৰীয়ে এই বছৰ দেৱালীত জনবহুল ঠাইত বিস্ফোৰণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু ইয়াক কাৰ্যকৰী কৰিব নোৱাৰিলে৷ দিল্লী বিস্ফোৰণৰ পিছত সমগ্ৰ দেশতে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। এতিয়ালৈকে ১৩ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। বিস্ফোৰণৰ পিছত তদন্ত আৰম্ভ হয়।
বুধবাৰে পুৱা বিস্ফোৰণস্থলীত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰে। সেনাই দিল্লীৰ লগতে জম্মু আৰু কাশ্মীৰৰ বিভিন্ন ঠাইত তালাচী চলাই আছে। অনুসন্ধানত পোহৰলৈ আহিছে যে ফৰিদাবাদৰ আল ফালা বিশ্ববিদ্যালয়ৰ কেইবাজনো চিকিৎসক এই ঘটনাৰ আঁৰত আছে। জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে ইয়াক ‘হোৱাইট কলাৰ সন্ত্ৰাসবাদী পৰিস্থিতিতন্ত্ৰ’ বুলি অভিহিত কৰিছে।
অনুসন্ধানকাৰীসকলে মুজাম্মিলক সোধা-পোছা কৰি আছে আৰু অধিক তথ্য বিচাৰি আছে। জানিব পৰা মতে সামাজিক আৰু দাতব্য কামৰ নামত সন্ত্ৰাসবাদী পুঁজি যোগান ধৰা হৈছিল। সাম্ভাব্য আক্ৰমণকাৰীক ৰেডিকেল হিচাপে চিনাক্ত কৰা হৈছে আৰু আইইডি এক সুপৰিকল্পিত পদ্ধতিৰে ক্ৰয় কৰা হৈছিল।











