
সমালোচনাৰ পিছত ভাৰতীয় বাৰ কাউন্সিলৰ বিতৰ্কি (Indian Bar Council controversy)ত গাইডলাইন প্ৰত্যাহাৰ (Guideline withdrawal) কৰা হৈছে। আনহাতে, বাৰ কাউন্সিলৰ অপ্ৰয়োজনীয় হস্তক্ষেপক লৈ প্ৰশ্ন উত্থাপন কৰিছে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে (Chief Justice Surya Kant)। শুকুৰবাৰে নেচনেল একাডেমী অব লিগেল ষ্টাডিজ এণ্ড ৰিছাৰ্চত (National Academy of Legal Studies and Research) (নালছাৰ) সংঘটিত ঘটনা সন্দৰ্ভত তেওঁ কয়, “ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ বিষয়।”
বিশ্ববিদ্যালয়খনৰ সমাৱৰ্তন অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল নালছাৰৰ ২০২৬ চনৰ স্নাতকসকলৰ এটা অংশই। ২৩ জুলাইত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, পঞ্জীয়ক আৰু অধ্যাপকসকললৈ প্ৰেৰণ কৰা ইমেইলযোগে ছাত্ৰ-ছাত্ৰীসকলে আপত্তি প্ৰকাশ কৰে। বিচিআইৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰই উপাচাৰ্যৰ পৰা মুখ্য ন্যায়াধীশক আমন্ত্ৰণ কৰাৰ বিৰুদ্ধে অভিযানত কোন জড়িত আছিল সেই সন্দৰ্ভত তথ্য বিচাৰিছিল। তেওঁ নিৰ্দেশ দিছিল যে কোনো নালছাৰ ২০২৬ স্নাতকে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে কোনো ৰাজ্যিক বাৰ কাউন্সিলৰ জৰিয়তে অধিবক্তা হিচাপে নামভৰ্তি কৰিব নোৱাৰিব।
দেশৰ বাৰ কাউন্সিলৰ এই সিদ্ধান্তক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ককৰোচ জনতা পাৰ্টীয়েও ইয়াৰ প্ৰতিবাদত মাত মাতিছে। বিতৰ্কৰ বাবেই পিছত বিচিআয়ে পূৰ্বৰ সিদ্ধান্ত সলনি কৰা বুলি অৱগত কৰে। এতিয়া স্নাতকসকলে আইনজীৱী হিচাপে পঞ্জীয়ন কৰাত কোনো বাধা নাই।

যদিও গাইডলাইন প্ৰত্যাহাৰ কৰা হৈছে, তথাপিও বাৰ কাউন্সিলৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে অনুষ্ঠিত শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে কয় যে বাৰ কাউন্সিলে নালছাৰৰ ছাত্ৰ-ছাত্ৰী বা অধ্যাপকৰ বিৰুদ্ধে কোনো ধৰণৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। লগতে কোৱা হয় যে এই গোচৰত বাৰ কাউন্সিলৰ কোনো সম্পৰ্ক নাই। মৌখিক পৰ্যবেক্ষণত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “ইয়াত বাৰ কাউন্সিলৰ ভূমিকা কি? তেওঁলোকে অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ কৰিছে।”
বাৰ কাউন্সিলৰ হৈ হাজিৰ হোৱা অধিবক্তাগৰাকীয়ে উচ্চতম ন্যায়ালয়ত কয় যে পূৰ্বৰ গাইডলাইন প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে দুসপ্তাহৰ পাছত পুনৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰা হ’ব।
পূৰ্বৰ গাইডলাইনত বাৰ কাউন্সিলে কৈছিল যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰতিবেদন দাখিল কৰাৰ পিছত ১৯ আগষ্টত মুখ্য ন্যায়াধীশক আমন্ত্ৰণ জনোৱা নালছাৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। নতুন গাইডলাইনত পৰিষদে সুৰ কোমল কৰাৰ ইংগিত দি কয় যে ছাত্ৰ-ছাত্ৰীৰ গৰিষ্ঠসংখ্যক নিৰ্দোষী। গতিকে দুই-এজনৰ বেয়া আচৰণৰ বাবে তেওঁলোকক শাস্তি দিয়াটো উচিত নহয়। বিচিআইৰ নিষেধাজ্ঞা পোহৰলৈ অহাৰ পিছত ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেয়ে নিজৰ এক্স হেণ্ডেলত সকীয়াই দিয়ে, “সকলো আইনী পইঁতাচোৰা যদি একেলগে গোট খায় তেন্তে পৰিস্থিতি কি হ’ব?” বিচিআইৰ অধ্যক্ষক আক্ৰমণ কৰি তেওঁ কয়, “মননে ৰাজ্যসভাৰ আসন পোৱাৰ ঋণ পৰিশোধ কৰিছে ।” উল্লেখ্য যে মনন বিহাৰৰ পৰা নিৰ্বাচিত বিজেপিৰ ৰাজ্যসভাৰ সাংসদ।











