
২০২৬ চনৰ নীটৰ প্ৰশ্নকাকত ফাদিল (NEET Question paper Leak)ৰ গোচৰত তদন্তকাৰী সংস্থা চিবিআয়ে দাখিল কৰা অভিযোগনামা (complaint filed with the CBI) গ্ৰহণ কৰিছে দিল্লীৰ ফাষ্ট ট্ৰেক আদালতে (Delhi’s fast track court)। ৰাউজ এভিনিউ আদালতৰ দায়িত্বত থকা ন্যায়াধীশ অজয় গুপ্তাই বৃহস্পতিবাৰে নিজৰ পৰ্যবেক্ষণত কয় যে অভিযুক্তৰ বিৰুদ্ধে অপৰাধ প্ৰমাণ কৰিবলৈ যথেষ্ট তথ্য বা পৰ্যাপ্ত প্ৰমাণ আছে। ন্যায়াধীশ গুপ্তাই লগতে মন্তব্য কৰে যে চিবিআইৰ অভিযোগনামাত অভিযুক্ত হিচাপে তালিকাভুক্ত ১৩ জন লোকে নীটৰ প্ৰশ্নকাকত ফাদিল আৰু বিক্ৰী কৰিবলৈ ছিণ্ডিকেট গঠন কৰিছিল।
বৃহস্পতিবাৰে জাৰি কৰা নিৰ্দেশত আদালতে কয়, “চিবিআয়ে সুসংগঠিত তদন্তৰ জৰিয়তে যথেষ্ট প্ৰমাণ সংগ্ৰহ কৰিছে। এইবোৰৰ পৰা প্ৰাথমিকভাৱে স্পষ্ট যে ২০২৬ চনৰ ৩ মে’ৰ NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ছিণ্ডিকেটৰ সৈতে আটাইকেইজন অভিযুক্তই কেনেবাকৈ জড়িত আছিল আৰু তেওঁলোকৰ প্ৰত্যেকেই উক্ত তিনিটা বিষয়ৰ (পদাৰ্থবিজ্ঞান, ৰসায়ন আৰু জীৱবিজ্ঞান) প্ৰশ্নকাকত ফাদিল আৰু বিতৰণত সক্ৰিয় ভূমিকা পালন কৰিছিল ।আদালতে প্ৰাথমিকভাৱে পৰ্যবেক্ষণ কৰে যে প্ৰশ্নকাকত ফাদিলৰ তথাকথিত ‘মাষ্টাৰমাইণ্ড’ পি ভি কুলকাৰ্ণীয়ে সম্পূৰ্ণৰূপে জানিছিল যে নিৰ্দিষ্ট স্থানত তিনিওজন বিষয় বিশেষজ্ঞৰ তালাচীৰ কোনো ব্যৱস্থা নাই। সেয়েহে পৰিস্থিতিৰ সুযোগ লৈ তেওঁ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত অনুবাদৰ কাম কৰি থাকোঁতে গোপনে বনোৱা চুটি টোকাবোৰ চোৰাংভাৱে উলিয়াই আনে।

বৃহস্পতিবাৰে ন্যায়াধীশ গুপ্তাই কয়, “তদুপৰি এই পৰীক্ষাৰ প্ৰশ্নকাকত অনুবাদ কৰিবলৈ নিযুক্তি দিয়া তিনিওজন বিশেষজ্ঞই (ৰসায়ন বিজ্ঞানৰ বাবে কুলকাৰ্ণী, পদাৰ্থ বিজ্ঞানৰ বাবে মনীষা সঞ্জয় হাভালদাৰ আৰু জীৱবিজ্ঞানৰ বাবে মনীষা গুৰুনাথ মান্ধাৰে) নিযুক্তি পোৱাৰ পূৰ্বে লিখিত প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে NEET-UG 2026 পৰীক্ষাৰ কোনো অংশ কাৰো লগত আদান-প্ৰদান নকৰে। কিন্তু প্ৰথম দৃষ্টিত দেখা যায় যে তিনিওজন অভিযুক্তই পৰীক্ষাৰ আয়োজক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ) কৰ্তৃপক্ষৰ সৈতে আস্থা ভংগৰ অপৰাধ সংঘটিত কৰিছে। ইয়াৰ উপৰি প্ৰাথমিকভাৱে, দুৰ্নীতি প্ৰতিৰোধ (পিচি) আইন (এজন ৰাজহুৱা সেৱক হিচাপে)ৰ অধীনত অপৰাধমূলক কাৰ্যকলাপৰ তথ্যও প্ৰকাশ কৰা হৈছে।”
আদালতে কয় যে চিবিআইৰ চাৰ্জশ্বীটৰ পৰা প্ৰাথমিকভাৱে স্পষ্ট যে তিনিওজন অভিযুক্ত বিষয় বিশেষজ্ঞই অবৈধ আৰ্থিক লাভৰ বাবে অন্যান্য সহ-অভিযুক্তৰ সৈতে গোপন বুজাবুজি কৰি পৰীক্ষাৰ সামগ্ৰী (সংশ্লিষ্ট বিষয়টোৰ ফাদিল প্ৰশ্ন) কেইবাজনো প্ৰাৰ্থীক কোচিঙৰ নামত বিক্ৰী কৰিছিল। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ৩ মে’ৰ NEET-UG পৰীক্ষা বাতিল কৰা হৈছিল। ২১ জুনত পুনৰ পৰীক্ষা অনুষ্ঠিত হ’লেও সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ আৰম্ভ কৰে। তদন্তৰ সময়ত চিবিআয়ে এই গোচৰৰ ৩৬০ জন সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰে। আদালতত ৪২২ খন নথি আৰু ৪৩টা পৰিস্থিতিগত প্ৰমাণ দাখিল কৰা হৈছে। তদুপৰি, চাৰ্জশ্বীটত জব্দ কৰা ডিজিটেল ডিভাইচ আৰু বেংক একাউণ্টত বিত্তীয় লেনদেনৰ প্ৰমাণ পোৱা গৈছে।












