
উত্তৰাখণ্ডৰ (Uttarakhand) নিৰ্মাণৰত জলবিদ্যুৎ প্ৰকল্প (Hydroelectric project under construction)ত সুৰংগ ভাঙি (Breaking the tunnel) কমেও ৭ জন লোকৰ মৃত্যু (7 people died) হয়। আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন ১৪ জন লোক। বৃহস্পতিবাৰে সন্ধিয়া উত্তৰাখণ্ডৰ চামোলী জিলাৰ মায়াপুৰ (Mayapur in Chamoli district) (পিপালকোটি) অঞ্চলত সুৰংগ খননৰ কাম চলি আছিল। সন্ধিয়া প্ৰায় ৬.৪৫ বজাত হঠাতে ভাঙি পৰে। পানী আৰু বোকাৰ সোঁতে সুৰংগৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়াত ভিতৰত আবদ্ধ হৈ পৰে কমেও ২২ জন শ্ৰমিক (At least 22 workers got trapped)।
নিশাৰ পৰা আৰম্ভ হয় উদ্ধাৰ অভিযান। স্থানীয় লোকেও উত্তৰাখণ্ড আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), চিআইএছএফ আৰু অন্যান্য উদ্ধাৰকাৰী দলৰ সৈতে যোগদান কৰে আৰু উদ্ধাৰৰ কাম কৰে। এই পৰ্যন্ত ২২ জনৰ ভিতৰত ২১ জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰে ৭ জনৰ মৃত্যু হৈছে আৰু ১৪ গৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এতিয়াও সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ আছে এজন ব্যক্তি।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দল শুকুৰবাৰে পুৱা ৰুদ্ৰপ্ৰয়াগৰ পৰা দুৰ্ঘটনাস্থলীলৈ ৰাওনা হয়। যৌথ উদ্ধাৰ অভিযানত ধ্বংসাৱশেষ আঁতৰাই সুৰংগটোত প্ৰৱেশৰ প্ৰয়াস কৰা হৈছে। চামোলী জিলা দণ্ডাধীশ গৌৰৱ কুমাৰে উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। তেওঁ সকলো উদ্ধাৰকাৰী দলক উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে সহায় কৰিবলৈ আহ্বান জনাইছে।
উত্তৰাখণ্ডৰ তেহৰী জল উন্নয়ন নিগমৰ জলবিদ্যুৎ প্ৰকল্পৰ বাবে খান্দিছিল এই সুৰংগটো। এই কাম হিন্দুস্তান কনষ্ট্ৰাকচন কোম্পানীক (এইচ চি চি) প্ৰদান কৰা হয়।
উত্তৰাখণ্ডত এয়াই প্ৰথম সুৰংগ দুৰ্যোগ নহয়। ২০২৩ চনৰ ১২ নৱেম্বৰত উত্তৰকাশীৰ ছিলকিয়াৰা-বৰকোট সুৰংগৰ নিৰ্মাণাধীন অংশত ভূমিস্খলন সংঘটিত হৈ ভিতৰত আবদ্ধ হৈ পৰে ৪১ জন শ্ৰমিক। ১৭ দিনৰ ধাৰাবাহিক প্ৰচেষ্টাৰ অন্তত ২৮ নৱেম্বৰত ‘ৰেট-হোল মাইনিং’ পদ্ধতিৰে শ্ৰমিকসকলক উদ্ধাৰ কৰা হয়। ২০২৫ চনৰ ৩১ আগষ্টত উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ ধৌলিগংগা বিদ্যুৎ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বন্ধ হৈ পৰাত ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগম লিমিটেডৰ ১৯ জন শ্ৰমিক ভিতৰত আবদ্ধ হৈ পৰে। অৱশ্যে তেওঁলোকক নিৰাপদে উলিয়াই আনিবলৈ সক্ষম হয়।













