ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran war : ইৰাণ যুদ্ধক লৈ বিভ্ৰান্তিকৰ পোষ্ট, ১৯ ভাৰতীয়ক গ্ৰেপ্তাৰৰ নিৰ্দেশ ইউ এ ই প্ৰশাসনৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 16, 2026
Reading Time: 1 min read
A A
0
Iran war : ইৰাণ যুদ্ধক লৈ বিভ্ৰান্তিকৰ পোষ্ট, ১৯ ভাৰতীয়ক গ্ৰেপ্তাৰৰ নিৰ্দেশ ইউ এ ই প্ৰশাসনৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

পশ্চিম এছিয়াৰ সংঘাত (West Asia crisis)ৰ পৰিস্থিতি সন্দৰ্ভত ছ’চিয়েল মিডিয়া (Social Media)ত ভুৱা তথ্য প্ৰকাশ (False information disclosure) কৰাৰ বাবে সংযুক্ত আৰব আমিৰশ্বাহীয়ে (United Arab Emirates) ৩৫ জন লোকক গ্ৰেপ্তাৰ (35 people arrested) কৰাৰ নিৰ্দেশ দিছে। ইয়াৰে ১৯ জন ভাৰতীয়। প্ৰশাসনৰ মতে, তেওঁলোকে পোষ্ট কৰা ভিডিঅ’ আৰু তথ্যই মানুহক বিপথে পৰিচালিত কৰিব পাৰে। সেয়ে ৩৫জন লোকৰ বিৰুদ্ধে ক্ষিপ্ৰ বিচাৰ হ’ব। যদি অভিযুক্তক দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁলোকক এবছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে। লগতে ২৫ লাখ টকা পৰ্যন্ত জৰিমনা।

ইউ এ ই প্ৰশাসনে দুটা পৰ্যায়ত এই পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত শনিবাৰে ১০ জন লোকক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰে দুজন ভাৰতীয়। ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ত ২৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰে ১৭ জন ভাৰতীয়।

ইউ এ ইৰ এটৰ্নী জেনেৰেল হামাদ ছাইফ আল ছামছে এক বিবৃতিত কয় যে সংঘাতৰ পৰিস্থিতি সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰ ৰোধ কৰিবলৈ যোৱা কেইদিনমানৰ পৰা ছ’চিয়েল মিডিয়াত নিৰীক্ষণ কৰা হৈছে। তাত দেখা গৈছে যে অভিযুক্তসকল মূলতঃ তিনিটা গোটত বিভক্ত। তেওঁলোকৰ কাৰ্যকলাপৰ ভিত্তিত এই বিভাজন কৰা হৈছে। এটা গোটে এই ঘটনাৰ কিছুমান বাস্তৱিক ভিডিঅ’ পোষ্ট কৰিছে। ফলত দেশৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন হ’ব পাৰে। দ্বিতীয়টো গোটে কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি ভুৱা ফুটেজ প্ৰকাশ কৰিছে। তৃতীয়টো গোটে বিপক্ষক প্ৰশংসা কৰি তথ্য বিয়পাইছে।

uae 1 | ASSAM TIMES POST
ইৰাণ যুদ্ধক লৈ বিভ্ৰান্তিকৰ পোষ্ট, ১৯ ভাৰতীয়ক গ্ৰেপ্তাৰৰ নিৰ্দেশ ইউ এ ই প্ৰশাসনৰ

প্ৰথমটো গোটত আছে ১০ জন লোক। ইয়াৰে পাঁচজন ভাৰতীয়, এজন পাকিস্তানী, এজন নেপালী, দুজন ফিলিপাইনছৰ নাগৰিক আৰু এজন ইজিপ্তৰ। অভিযোগ অনুসৰি, সংযুক্ত আৰব আমিৰশ্বাহীৰ সংঘাত আৰু ক্ষেপণাস্ত্ৰ আবদ্ধকৰণৰ প্ৰকৃত ভিডিঅ’ ফুটেজ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে ১০ জন লোকে। এই সকলোবোৰ ফুটেজে বিপক্ষক উপকৃত কৰিব পাৰে বুলি প্ৰশাসনৰ ধাৰণা। বিবৃতিটোত লগতে কোৱা হৈছে যে এই ফুটেজ দেখাৰ পিছত বাসিন্দাসকলৰ উদ্বিগ্নতাও বৃদ্ধি পাব পাৰে।

দ্বিতীয়টো গোটত ৫জন ভাৰতীয়কে ধৰি সাতজন লোক আছে। বাকী দুজন নেপালৰ আৰু এজন বাংলাদেশৰ। কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি যুদ্ধ আৰু বিস্ফোৰণৰ ভুৱা ভিডিঅ’ বিয়পাই দিয়াৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে। তেওঁলোকে ছ’চিয়েল মিডিয়া পোষ্টত দাবী কৰে যে এই ঘটনা সংযুক্ত আৰব আমিৰশ্বাহীত সংঘটিত হৈছে।

তৃতীয়টো গোটত ছয়জন লোক আছে। ইয়াৰে পাঁচজন ভাৰতীয় আৰু এজন পাকিস্তানী। ইৰাণক সমৰ্থন কৰা ভিডিঅ’ আৰু কণ্টেণ্ট পোষ্ট কৰাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে। ইৰাণৰ নেতাসকলক প্ৰশংসাও কৰিছে। বিবৃতিটোত কোৱা হৈছে যে ইয়াৰ ফলত ৰাষ্ট্ৰীয় স্বাৰ্থৰ ক্ষতি হৈছে।

Tags: UAE
Share4Tweet3Send

Related Posts

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026
50
ADVERTISEMENT
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT