
‘ভোট চুৰি’ৰ পিছত এইবাৰ ‘ফোন চুৰি’ৰ অভিযোগ। শুকুৰবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে (Rahul Gandhi) অভিযোগ কৰে যে ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ফোন টেপ কৰিছে’। ইনষ্টাগ্ৰামত ‘Ask me anything’ ছেছনত তেওঁ কয়, “মোৰ সকলো অভিযোগৰ প্ৰমাণ মোৰ ফোনত আছে। (প্ৰমাণ আছে) যে প্ৰধানমন্ত্ৰীয়ে ফোনটো টেপ কৰি আছে।”

শুকুৰবাৰে তেওঁৰ ফোন টেপ কৰা সন্দৰ্ভত নিৰ্দিষ্ট তথ্য থকা বুলি দাবী কৰি ৰাহুলে ভিডিঅ’ বক্তব্যত নিজৰ মোবাইল ফোনটো ওপৰলৈ তুলি ধৰি কয়, “বিদেশী শক্তিৰ নিৰ্দেশনাত কোনে কাম কৰি আছে, কোন দেশবিৰোধী আৰু কোনে কিমান দিন ধৰি দেশবিৰোধী কামত জড়িত হৈ আছে, মই মুখামুখি বিতৰ্কত প্ৰমাণ কৰিম।”
ইয়াৰ পূৰ্বে ৰাহুলে কেইবাবাৰো মোদীক মুখামুখি বিতৰ্কৰ প্ৰত্যাহ্বান জনাইছিল যদিও বিজেপি শিবিৰে এই প্ৰত্যাহ্বান মানি লোৱা নাছিল। বৰঞ্চ শাসকীয় দলে তেওঁক লোকসভাত বিতৰ্কত যোগদান কৰিবলৈ ওলোটাই প্ৰত্যাহ্বান জনাইছে।
বিৰোধী নেতাগৰাকীয়ে লোকসভাৰ সলনি কিয় মুখামুখি বিতৰ্কত যোগদান কৰিব বিচাৰে তাৰ ব্যাখ্যা এইটোৱেই যে তেওঁক বিগত সময়ত কেইবাবাৰো সংসদত ভাষণ দিবলৈ বাধা দিয়া হৈছে, আনকি তেওঁৰ মাইকটোও বন্ধ কৰি দিয়া হৈছে। শুকুৰবাৰে বিজেপিৰ মিত্ৰ শিণ্ডে সেনাৰ মুখপাত্ৰ ছাইনা এন চিয়ে ৰাহুল গান্ধীক আক্ৰমণ কৰি কয়, “তেওঁ হতাশাত ভুগিছে। সেইবাবেই তেওঁ কেতিয়াবা ভোটৰ চুৰি আৰু কেতিয়াবা ফোন টেপিঙৰ দৰে ভিত্তিহীন অভিযোগ উত্থাপন কৰে।”
শুকুৰবাৰে কেৰালা বিজেপিৰ সভাপতি ৰাজীৱ চন্দ্ৰশেখৰে ৰাহুলৰ ওপৰত কটাক্ষ কৰি কয়, “মই মাথোঁ ক’ব পাৰো যে তেওঁৰ ফোনক লৈ কোনেও উৎসাহী হ’ব নালাগে।” আনহাতে, সমাজবাদী পাৰ্টীৰ মুৰব্বী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে ৰাহুল গান্ধীয়ে উত্থাপন কৰা ফোন টেপিং অভিযোগক প্ৰত্যক্ষভাৱে সমৰ্থন কৰিছে।













