
বৃহস্পতিবাৰে অসম আৰু দক্ষিণ ভাৰতৰ কেৰালাৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন। পশ্চিমবংগ আৰু তামিলনাডুৰ সমান্তৰালকৈ অহা ৪ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা।

অসমত ১২৬ খন, কেৰালাত ১৪০ খন আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীত ৩০ খন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। তিনিওখন ৰাজ্যতে এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।
কেৰালাৰ মূল প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ আৰু শাসকীয় বাওঁ মৰ্চাৰ মিত্ৰজোঁটৰ মাজত। বিগত ১০ বছৰে চিপিআই (এম) নেতা পিনাৰায় বিজয়নে ৰাজ্যখনত মুখ্যমন্ত্ৰী হিচাপে আছে।
এইবাৰ অসমত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ অন্তৰ্গত চিপিএম, চিপিআই (এমএল), ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম), অসম জাতীয় পৰিষদ, জনজাতীয় সংগঠন ‘অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স’ আৰু অখিল গগৈৰ ৰাইজৰ দল। লগতে ২৩ খন আসনত পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰিছে তৃণমূল কংগ্ৰেছে।
বিপক্ষে আছে বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁট আৰু এআইইউডিএফ। ইয়াৰ মাজতে নিৰ্বাচনৰ আগদিনা বুধবাৰে ওদালগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেণ দৈমাৰীয়ে দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।
আনহাতে, কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীত এন আৰ কংগ্ৰেছ-বিজেপি-এআইএডিএমকে মিত্ৰজোঁট ক্ষমতাত আছে। এন আৰ কংগ্ৰেছৰ প্ৰতিষ্ঠাপক-সভাপতি এন ৰঙাস্বামী। তেওঁলোকৰ প্ৰতিদ্বন্দ্বী হৈছে কংগ্ৰেছ-ডিএমকে মিত্ৰতা।
ইয়াৰ লগতে বৃহস্পতিবাৰে কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰাতো এখনকৈ বিধানসভা আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে। আনহাতে, বৃহস্পতিবাৰে গোৱাত পুখুৰী সমষ্টিৰ উপ-নিৰ্বাচনৰ কথা আছিল যদিও ব’ম্বে উচ্চ ন্যায়ালয়ে উপ-নিৰ্বাচন বাতিল কৰাৰ ৰায় দিয়ে।
কেৰালাৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীৰ ভিতৰত মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন (ধৰ্মদাম, চিপিএম), প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী কে কে শৈলাজা (পেৰাভুৰ, চিপিএম), প্ৰাক্তন মন্ত্ৰী ৰমেশ চেন্নিথালা (হৰিপাৰ, কংগ্ৰেছ), প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ (নেমোম, বিজেপি) আদি উল্লেখযোগ্য।
আনহাতে, অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (জালুকবাৰী, বিজেপি), লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈ (যোৰহাট, কংগ্ৰেছ) আৰু কা-বিৰোধী আন্দোলনৰ নেতা অখিল গগৈ (শিৱসাগৰ, ৰাইজৰ দল) আৰু লুৰীণজ্যোতি গগৈ (খোৱাং, অজাপ)।
পুডুচেৰীত থাট্টাঞ্চৱাৰ্ডি আৰু মংগলম আসনৰ পৰা মুখ্যমন্ত্ৰী এন ৰঙাস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। থাট্টাঞ্চৱাৰ্ডিত তেওঁৰ প্ৰতিদ্বন্দ্বী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভি বৈথিলিংগম।












