
দেশৰ অধিকাংশ অঞ্চল বৰ্তমান গৰমৰ উত্তাপত (Heat of the heat) জ্বলি আছে। উত্তৰ-পশ্চিমৰ পৰা উত্তৰ আৰু পূব ভাৰতলৈ সূৰ্য যেন মাটিলৈ নামি আহিছে। এই গৰমৰ পৰা আমি কেতিয়া সকাহ পাম, এইটোৱেই এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। ইয়াৰ মাজতে দেশৰ উত্তৰ আৰু পূবৰ ৰাজ্যসমূহত তীব্ৰ গৰমৰ প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে। দুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ তাপমাত্ৰা ৪৮ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হৈছিল। সেইদিনা উত্তৰ প্ৰদেশৰ বাণ্ডিত সৰ্বোচ্চ উষ্ণতা আছিল ৪৮ ডিগ্ৰী চেলছিয়াছ।
আনহাতে, দিল্লীৰ তাপমাত্ৰাও ৪৪ৰ পৰা ৪৬ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে। কেৱল দিল্লী বা উত্তৰ প্ৰদেশেই নহয়, পঞ্জাব, হাৰিয়ানা, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ, ছত্তীশগড়, উপকূলীয় অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, তেলেংগানা, ৰাজস্থান আদি বিশাল অঞ্চলসমূহো তীব্ৰ গৰমত জ্বলি আছে।
উত্তৰ-পশ্চিম, উত্তৰ, পূব আৰু মধ্য ভাৰতত অনাগত দিনত গৰমৰ মাত্ৰা আৰু অধিক বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। দেশৰ বৃহৎ অঞ্চলত আগন্তুক এসপ্তাহৰ বাবেও তীব্ৰ গৰমৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আটাইতকৈ ভয়াৱহ পৰিস্থিতি উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতত।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ২৭ মে’লৈকে গ্ৰীষ্মপ্ৰৱাহ আৰু অস্বস্তিকৰ পৰিস্থিতি অব্যাহত থাকিব। উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতৰ একাংশ চহৰত বিগত কেইদিনমানৰ পৰা তাপমাত্ৰা ৪৫-৪৭ ডিগ্ৰীৰ আশে-পাশে আছে। পূব ভাৰতত ই ৪০-৪৩ ডিগ্ৰীৰ ভিতৰত আছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, গ্ৰীষ্মপ্ৰবাহৰ য়েল্ল’ সতৰ্কবাণীৰ অৰ্থ হ’ল একেৰাহে দুদিনলৈকে এই পৰিস্থিতি অব্যাহত থাকিব। কমলা ৰঙৰ সতৰ্কবাণীৰ অৰ্থ হ’ল দুদিন ধৰি তীব্ৰ গ্ৰীষ্মপ্ৰবাহ থাকিব। ইয়াৰ পিছত আৰু চাৰিদিন বা তাতোকৈ অধিক সময় অব্যাহত থাকিব। ৰেড এলাৰ্টৰ অৰ্থ হ’ল দুদিনতকৈ অধিক সময় ধৰি তীব্ৰ গ্ৰীষ্মপ্ৰবাহ অব্যাহত থাকিব। কিন্তু বতৰ বিজ্ঞানীসকলে নিশাৰ ভাগৰ উষ্ণতা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

দিল্লী আৰু উত্তৰ প্ৰদেশকে ধৰি উত্তৰ ভাৰতৰ ৰাজ্যসমূহত নিশাৰ উষ্ণতা স্বাভাৱিকতকৈ ৪-৫ ডিগ্ৰী চেলছিয়াছ বেছি। ফলত নিশাও এক অস্বস্তিকৰ আৰু শ্বাসৰুদ্ধ পৰিৱেশৰ সৃষ্টি হৈছে। দিল্লীত নিশাৰ ন্যূনতম তাপমাত্ৰা ৩১ ডিগ্ৰীৰ ওচৰত আছে, যিটো স্বাভাৱিকতকৈ বহু বেছি। দিল্লীত গ্ৰীষ্মপ্ৰবাহৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে। উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ৰাজস্থানতো উষ্ণতা ৪৭ ডিগ্ৰীৰ ওচৰত আছে। উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতত দিনৰ সৰ্বোচ্চ উষ্ণতা অহা কেইদিনমানৰ ভিতৰত ৪৫-৪৮ ডিগ্ৰীৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে উক্ত অঞ্চলসমূহৰ বাসিন্দাসকলক এই সময়ছোৱাত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, দিল্লী, চণ্ডীগড়, হাৰিয়ানাত ২৭ মে’লৈকে গৰমৰ পৰিস্থিতি অব্যাহত থাকিব। পশ্চিমৰ ৰাজস্থানত ২৫-২৭ মে’লৈকে গ্ৰীষ্মপ্ৰবাহ অব্যাহত থাকিব। ২৭ মে’লৈকে পূব ৰাজস্থান, ২৫ মে’লৈকে পূব মধ্য প্ৰদেশ, উপকূলীয় অন্ধ্ৰপ্ৰদেশ, ২৪ মে’লৈকে বিহাৰ, তেলেংগানা, ২৫ মে’লৈকে ওড়িশা আৰু ২৭ মে’লৈকে ঝাৰখণ্ডত গ্ৰীষ্মপ্ৰবাহ অব্যাহত থাকিব। উল্লেখ্য যে মঙলবাৰে বিয়লি ২.৩০ বজাত ভাৰতে গ্ৰীষ্মপ্ৰবাহৰ নতুন অভিলেখ গঢ়ে। AQI.in ৰ লাইভ টেম্পাৰেচাৰ ৰেংকিং অনুসৰি, বিশ্বৰ ১০০খন উষ্ণ চহৰৰ সকলোবোৰেই ভাৰতৰ আছিল। এই তালিকাত নতুন দিল্লী, ফৰিদাবাদ, চণ্ডীগড়, আগ্ৰা, অযোধ্যা, গোৱালিয়ৰ, কোটা, ৰায়পুৰৰ দৰে গ্ৰীষ্মপ্ৰবাহৰ বাবে পৰিচিত চহৰসমূহৰ লগতে আনকি জম্মু আৰু উত্তৰাখণ্ডৰ হিমালয়ৰ হৰিদ্বাৰ চহৰো অন্তৰ্ভুক্ত কৰা হৈছিল।
অৱশ্যে উত্তৰ-পূব ভাৰতত ইয়াৰ বিপৰীত ছবি দেখা যাব বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। আগন্তুক কেইদিনমানৰ ভিতৰত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামত বজ্ৰপাতৰ সম্ভাৱনা বৃদ্ধি পাব। একাংশ স্থানত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীও জাৰি কৰা হৈছে। গ্ৰীষ্মপ্ৰবাহৰ পৰিস্থিতিৰ সমান্তৰালকৈ উত্তৰ ভাৰত আৰু হিমালয় অঞ্চলত পশ্চিমীয়া ধুমুহাৰ সৃষ্টি হৈছে। উত্তৰ ভাৰতৰ দিশে গতি কৰিছে পশ্চিমৰ এক বৃহৎ ধুমুহা। উক্ত ছবি উপগ্ৰহৰ ছবিত বন্দী হৈছে। ২১ মে’ৰ উপগ্ৰহৰ ছবিত দেখা গৈছে যে আফগানিস্তান, পাকিস্তান আৰু কাষৰীয়া উত্তৰ-পশ্চিম ভাৰতৰ ওপৰত বৃহৎ ডাৱৰৰ আৱৰণ বিয়পি আছে। সেই ডাৱৰৰ আৱৰণ লাহে লাহে হিমালয় অঞ্চল আৰু উত্তৰ ভাৰতৰ ফালে আগবাঢ়িছে।








