
হৰমুজ প্ৰণালী (Hormoz of straight)ৰ সমীপৰ ওমান উপসাগৰ (Gulf of Oman)ত ভাৰতৰ (India) তিনিখন নৌসেনাৰ জাহাজত আক্ৰমণ (Attack on the navy ship)ৰ ঘটনাক লৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে পুনৰ আমেৰিকান কূটনীতিবিদগৰাকী (American diplomat)ক তলৱ কৰে। মাৰ্কিন সেনাৰ এই আক্ৰমণত তিনিজন ভাৰতীয় নাৱিক নিহত (Three Indian sailors killed) হয়। এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী চৰকাৰলৈ আঙুলিয়াইছে। ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। দেশৰ সন্তানক সুৰক্ষা দিয়াত আপোচ কৰা প্ৰধানমন্ত্ৰী ব্যৰ্থ হোৱা বুলিও তেওঁ কয়। এই পৰিস্থিতিত পুনৰ তলৱ কৰা হয় আমেৰিকান দূতাবাসৰ চাৰ্জ ডি এফেয়াৰ্ছ জেছন মিক্সক। বিগত ৪৮ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে তেওঁক তলৱ কৰা হয়।
ওমান উপসাগৰত ভাৰতৰ তিনিখন নৌসেনাৰ জাহাজত আক্ৰমণ কৰা হয়। তাত নিয়োজিত আমেৰিকান সৈন্যৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰে ২৮ জন নাৱিক আছিল মাউণ্ট চেটবেলো জাহাজত। তাৰ ভিতৰত ২৪ জন ভাৰতীয়, ২ জন পাকিস্তানী, এজন ৰাছিয়ান আৰু এজন ইউক্ৰেইনীয়। ইয়াৰে ২১ জনক উদ্ধাৰ কৰা হয়। আমেৰিকান বাহিনীৰ আক্ৰমণত তিনিজন ভাৰতীয় নাৱিকে প্ৰাণ হেৰুৱায়। আনখন জাহাজ এম টি মেৰিভেক্সত ২৪ জন ভাৰতীয় নাৱিক আছিল। তেওঁলোকক নিৰাপদে উদ্ধাৰ কৰা হয়। ইয়াৰ পিছত দেশবাসীৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হয়। সৰৱ হয় বিৰোধী। বুধবাৰে ভাৰতে আমেৰিকাৰ কূটনীতিবিদ জেছনক চমন জাৰি কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “বাণিজ্যিক জাহাজ আৰু অসামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱাটো তৎকালীনভাৱে বন্ধ কৰাটো প্ৰয়োজন। আন্তঃৰাষ্ট্ৰীয় জলপথৰ মাজেৰে বিনামূলীয়া, নিৰ্বিঘ্নে পৰিবহণ আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি নিশ্চিত কৰিব লাগিব। ইয়াক যিমান পাৰি সোনকালে কৰা প্ৰয়োজন।”

ইয়াৰ পিছত হৰমুজৰ সমীপত ভাৰতীয় নৌসেনাৰ এখন জাহাজত আমেৰিকান বাহিনীয়ে আক্ৰমণ কৰে। মাউণ্ট জলবিৰ নামৰ মালবাহী জাহাজখনৰ পৰা কমেও ২০ জন ভাৰতীয়ক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে আমেৰিকাই এক বিবৃতিত জাহাজখনে ইৰাণৰ পৰা অবৈধভাৱে তেল পৰিবহণ কৰা বুলি দাবী কৰে। তেওঁলোকে নিষেধাজ্ঞা মানি চলা নাছিল। যাৰ বাবে জাহাজখনৰ ইঞ্জিন ৰুমত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়। ইয়াৰ পাছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে পুনৰ আমেৰিকান কূটনীতিবিদ জেছনক তলৱ কৰে।
১৩ এপ্ৰিলৰ পৰা আমেৰিকাই হৰমুজ প্ৰণালী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত অৱৰোধ আৰম্ভ কৰিছে। ইৰাণৰ পৰা সামগ্ৰী কঢ়িয়াই অনা কোনো জাহাজ হৰমুজৰ মাজেৰে পাৰ হ’বলৈ নিদিয়ে বুলি কোৱা হৈছে। আকৌ আন কোনো দিশৰ পৰা ইৰাণলৈ সামগ্ৰী কঢ়িয়াই অনা জাহাজক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব। চেণ্ট্ৰেল কমাণ্ড পোষ্টৰ মতে, ১৩ এপ্ৰিলৰ পৰা তেওঁলোকে ৯ খন অবাধ্য জাহাজ ধ্বংস কৰিছে। ১৩৫ খন জাহাজৰ গতিপথ সলনি কৰা হৈছে। ১২ খন সাহায্যমূলক জাহাজক জলপথৰ মাজেৰে বিনা বাধাই পাৰ হ’বলৈ দিয়া হৈছে।











