
ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিল (Rajya Sabha candidacy canceled)ৰ বিৰুদ্ধে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয় (Supreme Court)ৰ কাষ চাপিছিল মধ্যপ্ৰদেশ কংগ্ৰেছৰ নেত্ৰী মীনাক্ষী নটৰাজনে (Congress MP Meenakshi Natarajan)। কিন্তু শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তেওঁৰ আবেদন খাৰিজ (Application rejected) কৰে। ন্যায়াধীশ পি কে মিশ্ৰ আৰু এ এছ চন্দুৰকাৰৰ বিচাৰপীঠে কয় যে নিৰ্বাচন সম্পৰ্কীয় বিবাদৰ ক্ষেত্ৰত আইন অনুসৰি নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ’লেই নিৰ্বাচন সম্পৰ্কীয় আবেদন গ্ৰহণযোগ্য নহয়। মীনাক্ষীৰ মনোনয়ন বাতিলৰ ধৰণক প্ৰত্যাহ্বান জনাই তেওঁৰ অধিবক্তা অভিষেক মনু সিংভীয়ে দ্ৰুত শুনানিৰ আবেদন জনাইছিল। দুজন ন্যায়াধীশৰ বিচাৰপীঠে কয়, “যেতিয়াই নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত এই আদালতৰ বা ২২৬ নং অনুচ্ছেদৰ অধীনত উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ ব্যৱহাৰ কৰাৰ চেষ্টা কৰা হৈছে, তেতিয়াই এই আদালতে বাৰে বাৰে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে। কাৰণ সংবিধানৰ ৩২৯(খ) অনুচ্ছেদত থকা সাংবিধানিক নিৰ্দেশনাই তেনেকৈয়ে কয়।”
শুকুৰবাৰে শুনানিৰ সময়ত সিংভীয়ে দাবী কৰে যে যদি কোনো মনোনয়ন পত্ৰ নাকচ কৰাটো ‘প্ৰাইমা ফেচি’ অবৈধ, স্বেচ্ছাচাৰী আৰু প্ৰদৰ্শনযোগ্যভাৱে ভুল হয়, তেন্তে আদালতে হস্তক্ষেপ কৰিব লাগে। কিন্তু সেই যুক্তি নাকচ কৰি বিচাৰপীঠে কয়, “যদি এনে পাৰ্থক্য মানি লোৱা হয়, তেন্তে আদালতে নিৰ্বাচনী বিবাদক দুটা ভাগত ভাগ কৰিব লাগিব— প্ৰথম, যিবোৰত স্পষ্ট বা পৰিষ্কাৰ ভুল হৈছে বুলি অভিযোগ কৰা হৈছে আৰু যিবোৰত ৩২ বা ২২৬ নং অনুচ্ছেদৰ অধীনত তাৎক্ষণিক হস্তক্ষেপৰ প্ৰয়োজন। দ্বিতীয়তে, যিবোৰত ক্ষতিগ্ৰস্ত পক্ষই নিৰ্বাচনী আবেদনৰ প্ৰতিকাৰৰ বাবে অপেক্ষা কৰিব লাগিব। কিন্তু সংবিধানৰ ৩২৯(খ) অনুচ্ছেদত (যিটো বিধানসভাৰ নিৰ্বাচনৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত প্ৰযোজ্য) এনে পাৰ্থক্যৰ কোনো স্থান নাই।” উচ্চতম ন্যায়ালয়ে লগতে পৰ্যবেক্ষণ কৰে, “আবেদনকাৰীৰ বিতৰ্ক গ্ৰহণ কৰাটো হ’ব সাংবিধানিক গাঁথনিত ব্যতিক্ৰম প্ৰৱৰ্তন কৰা, যিটো সংবিধানে আদালতক প্ৰদান কৰা নাই।”

উল্লেখ্য যে মীনাক্ষী নটৰাজনক মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে মনোনীত কৰিছিল। কিন্তু মঙলবাৰে মধ্যপ্ৰদেশ বিধানসভাৰ ৰিটাৰ্নিং বিষয়া তথা প্ৰধান সচিব অৰবিন্দ শৰ্মাই মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত অপৰাধমূলক গোচৰ লুকুৱাই ৰখাৰ দোহাই দি তেওঁৰ মনোনয়ন নাকচ কৰে। বিজেপিৰ অভিযোগৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হয়। অৱশ্যে গোচৰটো লুকুৱাই ৰখাৰ অভিযোগ অস্বীকাৰ কৰিছে মীনাক্ষীয়ে। বুধবাৰে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে তেওঁৰ প্ৰাৰ্থিত্ব বাতিল সন্দৰ্ভত নিৰ্বাচন আয়োগৰ বিষয়াসকলক সাক্ষাৎ কৰি কয় যে মীনাক্ষীৰ বিৰুদ্ধে এনে কোনো অপৰাধমূলক গোচৰ নাই। আদালতে অভিযোগৰ ভিত্তিতহে তেওঁলৈ জাননী প্ৰেৰণ কৰিছিল। তেওঁৰ মনোনয়ন বাতিল কৰাৰ সিদ্ধান্ত অবৈধ।
কিন্তু আয়োগে সেই যুক্তি মানি লোৱা নাছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশলৈ অপেক্ষা নকৰাকৈয়ে বৃহস্পতিবাৰে নিশা নিৰ্বাচন আয়োগে খৰখেদাকৈ তিনিজন বিজেপি প্ৰাৰ্থী তৰুণ চুঘ, ৰাজনীশ আগৰৱালা আৰু মহেশ কেৱাটক বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী বুলি ঘোষণা কৰে।











